নিয়মীয়া বাৰ্তা, ৮ আগষ্টঃ আজি বিয়লি ধুবুৰী চহৰৰ পাৰ্শ্বৱৰ্তী ধৰ্মশালাত চিআৰপিএফ আৰু আৰক্ষীৰ যুটীয়া অভিযানত ব্ৰাউন চুগাৰসহ দুগৰাকী ড্ৰাগছ সৰবৰাহকাৰী কৰায়ত্ব হোৱা বুলি জানিব পৰা গৈছে। ধৃত ড্ৰাগছ সৰবৰাহকাৰীদ্বয় সম্বন্ধত স্বামী আৰু পত্নী। ঘটনা সন্দৰ্ভত জানিব পৰা মতে, গোপন এক তথ্যাৰ ভিত্তিত, আজি বিয়লি ৪৮নং চিআৰপিএফ বাহিনীৰ এটি দলে ধৰ্মশালা আৰক্ষী চকীৰ সহযোগত ধুবুৰীৰ চহৰৰ পাৰ্শ্বৱৰ্তী ধৰ্মশালা তৃতীয় খণ্ডৰ এটা গৃহত অভিযান চলাইছিল। অভিযান কালত দলটোৱে এটা প্লাষ্টিকৰ পেকেটকে ধৰি ২৮টা সৰু প্লাষ্টিকৰ সৰু টেঙাৰ পৰা মুঠ ২৩ গ্ৰাম সন্দেহজনক ব্ৰাউন চুগাৰ আৰু ১৫২টাকৈ প্লাষ্টিকৰ সৰু খালী টেমা জব্দ কৰিবলৈ সক্ষম হোৱা বুলি প্ৰকাশ। ঘটনা সন্দৰ্ভত অভিযান চলোৱা ঘৰটোৰ গৃহ মালিক মফিজুৰ হ’ক আৰু লোকজনৰ পত্নীক কৰায়ত্ব কৰিছে দলটোৱে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী