নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত নেতাই ধুবুনী প্ৰেছ ক্লাব গঠন

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ স্থানীয় কেইবাগৰাকী জ্যেষ্ঠ সাংবাদিকৰ উদ্যোগত আজি ধুবুৰীত জন্ম লভিলে নেতাই ধুবুনী প্ৰেছ ক্লাব, ধুবুৰী। সেই মৰ্মে বিশিষ্ট কবি ওহিদ খান পেৰিচ, বিশিষ্ট অধিবক্তা মাছুদ জামান, বিশিষ্ট সমাজ সেবক তপন কুমাৰ দে’, উত্তম কুমাৰ প্ৰসাদ প্ৰমুখ্যে সমাজৰ বিভিন্ন স্তৰৰ গণ্যমান্য ব্যক্তিৰ উপস্থিতিত ধুবুৰীৰ টাউন ক্লাব প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত হয় এখন মুকলি সভা। সেই সভাখনত সৰ্বসন্মতিক্ৰমে প্ৰণৱাশীষ ৰয়ক সভাপতি আৰু আমিনূৰ আহমেদক সম্পাদক ৰূপে লৈ নেতাই ধুবূুনী প্ৰেছ ক্লাৱৰ এক ১৪জনীয়া কমিটি গঠন কৰা হয়। ধুবুৰীত অইন কেইবাটাও সাংবাদিক সন্থা থকা স্বত্বেও নতুনকৈ আজি এটা নতুন সন্থা গঠন কৰাৰ কাৰণ আৰু উদ্দেশ্য সন্দৰ্ভত নবনিৰ্বাচিত সভাপতি প্ৰণৱাশীয় ৰয়ে সাংবাদিকৰ সুৰক্ষা আৰু ন্যায় প্ৰদানেই নেতাই ধুবূুনী প্ৰেছ ক্লাৱৰ মূল উদ্দেশ্য বুলি সদৰি কৰে আৰু নেতাই ধুবুনীৰ ইতিহাস গৰকা ধুবুৰীৰ সংবাদজগতখনৰ পুৰণি সেই গৰিমা ওভতাই অনাৰ বাবে তেওঁলোকৰ অহৰহ প্ৰচেষ্টা থাকিব বুলি দাবী কৰে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like