নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০ বছৰে পোৱা নাই ধনঃ স্বেচ্ছা অৱসৰ লৈ বিপাঙত এএছটিচি ধুবুৰীৰ অৱসৰী কৰ্মচাৰী

নিয়মীয়া বাৰ্তা, ২৪ আগষ্টঃ বিগত প্ৰায় ২০ বছৰে পৰা প্ৰাপ্য চৰকাৰী ধন লাভ কৰা নাই অসম ৰাজ্যিক পৰিবহন বিভাগৰ পৰা স্বেচ্ছা অৱসৰ লোৱা একাংশ কৰ্মচাৰীয়ে। এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে বিভাগটোৰ পৰা স্বেচ্ছা অৱসৰ লোৱা ধুবুৰীৰ একাংশ কৰ্মচাৰীৰ ভাষ্যত। তেওঁলোকৰ ভাষ্য অনুসৰি, ২০০২-০৩ বৰ্ষত ধুবুৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মুঠ ১৮১০গৰাকী কৰ্মচাৰীয়ে অসম ৰাজ্যিক পৰিবহণ নিগমৰ পৰা স্বেচ্ছা অৱসৰ গ্ৰহণ কৰিছিল। অভিযোগ মতে, অৱসৰ লোৱা সেই কৰ্মচাৰীসকলক এককালীন ৰূপে কিছু ধন দিয়ে দায়িত্ব সামৰিছে বিভাগটোৱে। এইদৰেই অসম ৰাজ্যিক পৰিবহণ নিগমৰ ধুবুৰীস্থ কৰ্মশালাত উপস্থিত হৈ ধুবুৰীৰ কেইবাগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে সাংবাদিকৰ সন্মুখত আক্ষেপ কৰে আজি। ‘‘চাকৰি কালত আমি প্ৰায় চৈধ্য বছৰে নিয়মীয়াকৈ দৰমহা লাভ কৰা নাছিলোঁ। তিনি চাৰি মাহৰ ব্যৱধানত এমাহৰ দৰমহা পাইছিলোঁ চাকৰি কালত। কিন্তু তাৰ মাজতেই হাঁহিমুখে কৰ্তব্য সম্পাদন কৰি আছিলোঁ।’’ এই ভাষ্য দেৱান আৰ্শাদ আলী নামৰ এগৰাকী স্বেচ্ছা অৱসৰ লোৱা বিভাগটোৰ প্ৰাক্তন কৰ্মচাৰীয়ে। আলীকে ধৰি অইন কেইবাগৰাকীয়ে সদৰি কৰানুসৰি, বিভাগে প্ৰদান কৰা স্বেচ্ছা অৱসৰৰ সুযোগ গ্ৰহণ কৰি ২০০২- ০৩ চনত ধুবুৰীকে ধৰি সমগ্ৰ ৰাজ্যৰ মুঠ ১৮১০ গৰাকী অসম ৰাজ্যিক পৰিবহন বিভাগৰ বিভিন্ন পদত কৰ্মৰত কৰ্মচাৰীয়ে লৈছিল অৱসৰ। সেই সময়ত এককালীন কিছু ধন প্ৰদান কৰিয়েই দায়িত্ব সামৰিছিল তদানীন্তন চৰকাৰ আৰু বিভাগটোৱে। পিছলৈ গৈ তদানীন্তন পৰিবহন মন্ত্ৰী প্ৰয়াত অঞ্জন দত্ত আৰু সেই সময়ৰ বিভাগীয় সঞ্চালকগৰাকীয়ে অৱসৰী সেই কৰ্মচাৰীসকলৰ বাবে ৮ কোটি ২৬ লাখ টকা পাব বুলিও ঘোষণা কৰিছিল বুলিও দাৱী তেওঁলোকৰ। কিন্তু ঘোষিত সেই ধনৰাশিৰ ফুটাকৰি এটাও নোপোৱা বুলিয়েই অভিযোগ তেওঁলোকৰ। আনকি, ২০১৭ চনত কৰ্মচাৰী সকলৰ নিয়মীয়াকৈ পেঞ্চন প্ৰদানৰ উদ্দেশ্যেৰে অৱসৰ প্ৰাপ্ত লোকসকলৰ তথ্যসমূহ বিছাৰি বিভাগে ধুবুৰীস্থ কাৰ্য্যালয়লৈ এখন পত্ৰও প্ৰদান কৰিছিল বুলি ভাষ্য ধুবুৰীস্থ কৰ্মশালাত (Workshop) উপস্থিত থকা সেই অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলোৰ। আনকি সেই পত্ৰখনত উল্লেখ কৰা মতে নিজৰ নিজৰ সমুদায় তথ্যপাতিও প্ৰদান কৰিছিল যদিও সেই পেঞ্চনৰো বৰ্তমানলৈ কোনো খৱৰ নাই বুলিও আপেক্ষ তেওঁলোকৰ। ইপিনে ২০০২–০৩ বৰ্ষত বিভাগটোৰ পৰা স্বেচ্ছা অৱসৰ লোৱা সেই ১৮১০ গৰাকী কৰ্মচাৰীৰ কেইবাগৰাকীৰ ইতিমধ্যেই মৃত্যু হোৱা বুলিও প্ৰকাশ। এনে প্ৰেক্ষাপটত, তেওঁলোকৰ প্ৰাপ্য ধন অথৱা ২০১৭ চনত লোৱা পেঞ্চন প্ৰদানৰ বিষয়টো লৈ ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ব্যৱস্থা লোৱাটো কামনা কৰিছে অসম ৰাজ্যিক পৰিবহন বিভাগৰ পৰা ২০০২–০৩ বৰ্ষত স্বেচ্ছা অৱসৰ লোৱা ধুবুৰীৰ সেই কৰ্মচাৰীসকলৰ বহুতেই।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like