আগিয়া যোগেন্দ্ৰ নাথ মেমোৰিয়েল বিদ্যালয়ৰ মহাৰজত জয়ন্তী উদ্যাপনৰ প্ৰস্তুতি
বাৰ্তা ব্যুৰ, গোৱালপাৰা, ১৫ মাৰ্চ: গোৱালপাৰা জিলাৰ আগিয়াৰ ঐতিহ্যমণ্ডিত যোগেন্দ্ৰ নাথ মেমোৰিয়েল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৪ বছৰীয়া গৌৰৱময় যাত্ৰা অতিক্ৰম কৰি চলিত বৰ্ষৰ অহা ১৮ মাৰ্চত ৭৫ বছৰত ভৰি দিব। সেই অনুসৰি মহাৰজত জয়ন্তী বৰ্ষ উদ্যাপনৰ উদ্দেশ্যে প্ৰাক্তন ছাত্ৰ-ছাত্ৰীকে ধৰি শিক্ষক-শিক্ষয়িত্ৰী আৰু অঞ্চলস্থ ৰাইজে ব্যাপক প্ৰস্তুতি চলাইছে। কাৰ্যসূচী অনুসৰি, ১৮ মাৰ্চৰ পুৱা বিদ্যালয়ৰ পতাকাৰ লগতে মহাৰজত জয়ন্তী বৰ্ষৰ ৭৫ খন পতাকা একেলগে উত্তোলন আৰু মহাৰজত জয়ন্তী বৰ্ষৰ সমবেত সংগীত পৰিৱেশন ৷

ছাত্ৰ-ছাত্ৰীৰ মাৰ্চ পাষ্ট প্ৰদৰ্শন আৰু অভিবাদন গ্ৰহন, শ্বহীদ আৰু স্মৃতি তৰ্পন, বিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ উন্নীতকৰণৰ শুভাৰম্ভ কৰিব ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। গছপুলি ৰোপনৰ পাছত প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰিব যোগেন্দ্ৰ নাথ মজলীয়া বিদ্যালৰ অধ্যক্ষ আব্দুল হকে।বিদ্যালয়ৰ ৱেবছাইত মুকলি কৰিব জিলা উপায়ুক্ত মিনাক্ষী দাস নাথে। স্মৃতি চাৰণ সভা আৰু সন্ধিয়া বন্তি প্ৰজ্জ্বলনৰ পিছতে অনুষ্ঠানৰ সামৰণি। মহাৰজত জয়ন্তী বৰ্ষৰ আৰম্ভণি অনুষ্ঠানটোৰ দিনাখন সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে মহাৰজত জয়ন্তী বৰ্ষৰ সভাপতি হেমেন ৰায় আৰু সম্পাদক ক্ৰমে সঞ্জীৱ দাস আৰু দীপক নাথে ৷