নিয়মীয়া বাৰ্তা, ১১ জুলাইঃ আজি বইটামাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত বিশেষ ডায়েৰীয়া নিয়ন্ত্ৰণ মাহ আৰু জনসংখ্যা নিয়ন্ত্ৰণ উদগনি পষেক নামৰ দুখন আচঁনিৰ বঙাইগাঁও জিলাত ৰূপায়ণৰ বাবে শুভ উদ্বোধন কৰা হয়। আজাদী কা অমৃত মহোৎসৱ উপলক্ষে ৰূপায়ণ হ’ৱলগীয়া আঁচনি দুখনৰ উদ্বোধনী অনুষ্ঠান বঙাইগাঁও জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক বাদল সৰকাৰ, মহকুমা স্বাস্থ্য বিষয়া মুস্তাফিজুৰ ৰহমান, বইটামাৰী আদৰ্শ চিকিৎসালয়ৰ অধীক্ষক গোপাল ৰায়, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আঁচনি বিষয়া প্ৰৱন্ধক কৰুণা ব্ৰহ্ম আৰু ভালেকেইগৰাকী চিকিৎসক-কৰ্মচাৰী উপস্থিত থাকে। অনুষ্ঠানত ডায়েৰীয়া প্ৰতিৰোধৰ উপায়সমূহৰ বিষয়ে জনসাধাৰনক সজাগ কৰা আৰু সুখ সমৃদ্ধিৰ বাবে পৰিয়ালসমূহে ল’ব লগা পৰিয়াল পৰিকল্পনাৰ বিষয়ে সজগতা বৃদ্ধিৰ বিষয়ে আলোচনা কৰা হয়। উক্ত অনুষ্ঠানতে পৰিয়াল পৰিকল্পনাৰ সজাগতাৰ বাবে মিছন পৰিবাৰ বিকাশৰ অধীনত এখন সাৰথি বাহন উদ্বোধন কৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকগৰাকীয়ে।
প্ৰেৰক ৰুবুল কান্তি দাস