নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰহসনত পৰিণত ডিব্ৰুগড় চহৰ সুৰক্ষাৰ বাবে নিৰ্ধাৰিত ৭৫ কোটি টকীয়া প্ৰকল্প

🎯ডিব্ৰুগড়ত পুনৰ ভয়াৱহ গৰাখহনীয়া

🎯চহৰৰ ৰজাভেটা গাঁও পঞ্চায়তৰ টিংখাঙ মাতিকতা-গোৱালাপট্টী অঞ্চলত খহনীয়া

বিশেষ বাৰ্তা, ২৪মেঃ ডিব্ৰুগড় চহৰ ভৌগোলিক মানচিত্ৰৰ পৰাই নোহোৱা হৈ যাব পাৰে নেকি? নতুবা চহৰৰ পশ্চিম অংশ বৰ লুইতত চিৰদিনৰ বাবে জাহ যাব পাৰে নেকি? এনে কিছু অনাকাংক্ষিত চিন্তাই উদ্বিগ্ন কৰি তুলিছে চহৰবাসীক। কিছু দিনৰ পূৱে চহৰখনৰ মোহনাঘাট অঞ্চলত হোৱা প্ৰবল গৰাখহনীয়াৰ ফলত ১৫ টা বাসগৃহ ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ লগতে পৰিয়াল সমূহে নদীৰ মথাউৰিতে আশ্ৰয় লৈছিলমোহনাঘাটৰ এক বিস্তীৰ্ণ অঞ্চল বৰ লুইতৰ বুকুত চিৰদিনৰ বাবে সোমাই পৰিছিল।এতিয়া পুনৰ চহৰৰ ৰজাভেটা গাও পঞ্চায়ত টিংখাঙ মাতিকতা আৰু গোৱালাপট্টী অঞ্চলত ভয়াৱহ গৰাখহনীয়া হৈছে।যাৰ ফলত ৰিং বান্ধলৈ আৰু মাত্ৰ কেই মিটাৰ মানহে আছেগৈ। এনে এটা ভয়ানক ৰূপ লোৱা স্বত্বেও বিভাগীয় কতৃপক্ষই মান্ধাতা যুগৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰাত জাঙুৰ খাই পৰিছে স্থানীয় লোক সকল।অভিযোগ মতে পকী পাৰ্কুপাইন,জি’অবেগ স্থাপন কৰিছে যদিও সকলো ফুটুকাৰ ফেন।ইফালে খহনীয়া অঞ্চল বিধায়ক প্ৰশান্ত ফুকনে পৰিদৰ্শন কৰি বিভাগীয় কতৃপক্ষক তাৎক্ষণিকভাবে খহনীয়া প্ৰতিৰোধ কৰিবলৈ নিৰ্দেশ দিয়ে। উল্লেখ্য যে চহৰৰ কয়লা ঘাটৰ পৰা মোহনাঘাটলৈ বিগত দিন সমূহত গৰা খহনীয়া হৈ আছিল যদিও এতিয়া টিংখাঙ মাটিকতা আৰু গোৱালাপট্টীলৈকে বৃদ্ধি পাইছে। যিটো নেকি চহৰখনৰ বাবে অশনি সংকেত বুলি ধাৰণা কৰিছে বিজ্ঞ মহলে।ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰৰ সুৰক্ষাৰ বাবে ‘নাবাৰ্ড ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট এচিছটেন্ট’ চমুকৈ ‘নিডা’ৰ আৱন্টিত পুঁজিৰে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতে আৰম্ভ হৈছিল ব্ৰহ্মপুত্ৰ গৰাখহনীয়া প্ৰতিৰোধী কাম। চহৰখনৰ কাষে কাষে মুঠ সাত কিলোমিটাৰ দৈৰ্ঘ্যৰ খহনীয়াস্থলীত প্ৰতিৰোধ কৰাৰ বাবে আঁচনিৰ শুভাৰম্ভ কৰিছিক বিধায়ক প্ৰশান্ত ফুকনে। ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনলজি চমুকৈ আই আই টিৰ জৰিয়তে গৱেষণা কৰি অত্যাধুনিক ভাৱে খহনীয়াৰ প্ৰতিৰোধ আঁচনি গ্ৰহণ কৰিছে জলসম্পদ বিভাগে।আই আই টিৰ বৃহৎ দলে গৱেষণাৰ জৰিয়তে দিয়া প্ৰতিবেদনৰ ভিত্তিত ডিব্ৰুগড়ত অত্যাধুনিকভাৱে খহনীয়া প্ৰতিৰোধ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে ‘নিডা’ আঁচনিৰ জৰিয়তে ৭৫ কোটি টকাৰ এই আঁচনিৰ কামৰ শুভাৰম্ভ কৰিছিল। ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধৰ কাষত ২৪ কোটি আৰু ২৭ কোটি টকাৰ দুটা স্পাৰ নিৰ্মাণ হোৱাৰ লগতে ১৬ কোটি আৰু ৯ কোটি টকাৰ জি’অবেগ থাকিব এই খহনীয়া প্ৰতিৰোধী ব্যৱস্থাত।কিন্তু কাৰ্যত: আজি পৰ্যন্ত কোনো ইতিবাচক প্ৰভাৱ পৰা পৰিলক্ষিত নহল এই ৭৫ কোটি টকীয়া আঁচনিৰ পৰা।কাজেই নিতৌ ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই সলাইছে স্থান আৰু স্বৰূপ।ফলত নদী পৰীয়া ৰাইজৰ লগতে চহৰবাসীয়ে এক শংকাজনক পৰিস্থিতিত দিন নিয়াব লগীয়া হৈছে। উল্লেখযোগ্য যে, ঐতিহাসিক ডিব্ৰুগড় চহৰৰ ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ প্ৰত্যক্ষ কৰি ১৯৫০ চনতে তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে নগৰ সুৰক্ষাৰ বাবে নিৰ্মাণ কৰিছিল ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধটো। কিন্তু পৰৱৰ্তী সময়ত নগৰ সুৰক্ষাৰ বান্ধৰ কাষত ভয়ংকৰ খহনীয়া সৃষ্টি কৰি বহু স্থানত সুৰক্ষা বান্ধৰ কাষত অৱস্থিতি গ্ৰহণ কৰাৰ লগতে নগৰ সুৰক্ষা বান্ধৰ প্ৰতি ভাবুকিয়েই সৃষ্টি নহয়, ঐতিহাসিক নগৰখনৰ প্ৰতিও তীব্ৰ ভাবুকি আৰু চহৰবাসীক আতংকিত কৰি আহিছে। খহনীয়াক লৈ প্ৰতিটো বাৰিষাত চহৰবাসীয়ে বিনিদ্ৰ ৰজনী কটোৱাৰ লগতে ভয়ংকৰ খহনীয়াত জাহ গৈছে বহু ভূমি আৰু বাসগৃহ। বিশেষকৈ চহৰখনৰ কছাৰী ঘাট, মাইজান, ফুলবাগান, মোহনাঘাট আদি অঞ্চলত ভয়ংকৰ খহনীয়া সৃষ্টি কৰি চহৰবাসীৰ মাজত হাহাকাৰ অৱস্থা সৃষ্টি কৰাৰ লগতে মহাবাহু ব্ৰহ্মপুত্ৰ নদীখন চহৰৰ ফাললৈ ধাৱমান হৈছিল। জলসম্পদ বিভাগে খহনীয়াস্থলীত পাৰ্ক’পাইন, জি’অবেগ আদিৰে খহনীয়াৰ প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰে যদিও বিফল হয়। অৱশেষত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ নিৰ্দেশত জলসম্পদ বিভাগে ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ খহনীয়াৰ পৰ্যবেক্ষণ আৰু গৱেষণা কৰা বাবে আই আই টিৰ কেইবাজনো বিশেষজ্ঞ প্ৰেৰণ কৰি তেওঁলোকৰ গৱেষণাৰ প্ৰতিবেদনৰ ভিত্তিত অত্যাধুনিকভাৱে প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে। তাৎপৰ্যপূৰ্ণ যে, প্ৰতিটো বছৰে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ প্ৰতিৰোধ কৰাৰ বাবে ডিব্ৰুগড় নগৰ সুৰক্ষা বান্ধৰ কাষে কাষে কোটি কোটি টকা ব্যয়ৰে অভিলাষি আঁচনিৰ জৰিয়তে জি’অবেগ, মেগা জি’অবেগ, পাৰ্কোপাইন আদি জৰিয়তে আঁচনি কাম কৰি কোটি কোটি টকা সৰাধ কৰিছে যদিও খহনীয়াৰ তিল মানো প্ৰতিৰোধ হোৱাৰ বিপৰীতে চহৰ সুৰক্ষা বান্ধৰ কাষত অৱস্থান গ্ৰহণ কৰিলে ব্ৰহ্মপুত্ৰই।কিন্তু শেহতীয়াকৈ আই আই টি বিশেষজ্ঞ দলৰ জৰিয়তে গৱেষণা কৰি পুণৰ একেই পদ্ধতিৰে কোটি কোটি টকা প্ৰকল্পৰ কাম হাতত লৈছে যদিও খহনীয়াৰ প্ৰতিৰোধৰ ক্ষেত্ৰত কিমান দূৰ সফল হ’ব সেয়া বিচাৰ্যৰ বিষয়।

প্ৰেৰৰক বিভাস দুৱৰা

You might also like