নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজমলে প্রথমে মিত্রতা কৰিব, পিছত বিহ ঢ়ালিব

ডিব্রুগড়–দুলীয়াজান শিৱৰাজ সিং চৌহান

নিয়মীয়া বাৰ্তা ১৬ মাৰ্চঃ প্রথম পর্যায়ৰ নির্বাচনৰ দিন ওচৰ চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ নির্বাচনী তৎপৰতা বৃদ্ধি পাইছে৷ বিজেপিৰ ডিব্রুগড বিধানসভা সমষ্টিৰ পৰা চতুর্থবাৰলৈ প্রার্থিত্ব লাভ কৰা প্রশান্ত ফুকনৰ হৈ মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে আজি নির্বাচনী প্রচাৰ চলায়৷ ডিব্রুগডৰ ডিব্রুজান খেলপথাৰত অনুষ্ঠিত এক নির্বাচনী সভাত মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে ৰাহুল গান্ধীক জিন্নাৰ লগত তুলনা কৰি কয় যে ৰাহুল গান্ধীয়ে গান্ধীৰ পদাংক অনুকৰণ নকৰি মহম্মদ জিন্নাৰ পথ অনুকৰণ কৰিছে৷ অসমৰ এই বদৰুদ্দিন আজমলো কোনো কম নহয়৷ প্রথমে মিত্রতা, তাৰ পাছত বিহ ঢ়ালি দিব৷ যিগৰাকী নেতাই ৰাজহুৱাকৈ ইছলামিক ৰাষ্ট্রৰ কথা কয়, যিগৰাকীৰ অনুপ্রেশকাৰীৰ সৈতে গোপন মিত্রতা আছে এনে মানুহৰ লগতে কংগ্রেছে মিত্রতা কৰিছে৷ মাত্র ভোটৰ লালসাত মিত্রতা কৰিছে৷ এইখন দেশ ধৰমশালা নহয় যে অনুপ্রৱেশকাৰী আহিয়েই থাকিব৷ সেয়ে ভাৰতীয় জনতা পার্টীয়ে এনে অনুপ্রৱেশকাৰীৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে আৰু কোনো অনুপ্রৱেশ নহ’বো বুলি উল্লেখ কৰে৷

তিনি লাখৰ অধিক অসমৰ ভূমিহীন লোকক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিলে বিজেপি চৰকাৰে৷কংগ্রেছৰ প্রধানমন্ত্রী মনমোহন সিঙক চোকা সমালোচনা কৰি কয় যে অসমৰ পৰাই ৰাজ্যসভালৈ নির্বাচিত হোৱাৰ পাছতো কিন্তু অসমৰ বিকাশৰ ক্ষেত্রত তিলমাত্রও কাম নকৰিলে বুলি অভিযোগ কৰে৷ কিন্তু মোদীয়ে অসম তথা উত্তৰ–পূবৰ বিকাশৰবাবে প্রথমৰে পৰা গুৰুত্ব প্রদান কৰি আহিছে৷ গান্ধীয়ে দেশ স্বাধীন হোৱাৰ পাছত কংগ্রেছ ভাঙি পেলাবলৈ কৈছিল৷ কিন্তু নেহৰুৱে নিদিলে৷ এতিয়া গান্ধী পৰিয়ালে নিজেই ভাঙি ভাঙি শেষ কৰিবলৈ গৈ আছে৷ প্রয়াত অসমৰ মুখ্যমন্ত্রী তৰুণ গগৈয়ে জীৱিতকালত আজমলৰ লগত মিত্রতা নকৰিলে৷ কিন্তু খোদ ৰাহুল গান্ধীয়ে বদৰুদ্দিনৰ সৈতে মিত্রতাত মোহৰ মাৰিলে৷ অসমৰ ভষা–সংস্কৃতি–সভ্যত্ এতিয়া বিপদাপন্ন৷ কংগ্রেছে বিগত সময়বোৰত কেৱল গোষ্ঠীগত সংঘর্ষ, জাতি–জনগোষ্ঠীৰ মাজত যুঁজ কৰোৱাই বিভেদৰ সৃষ্টি কৰিছিল৷ সকলোৱে যুঁজি মৰি যাওক আৰু তেওঁবিলাকে শাসন কৰি থাকিব৷ কিন্তু ভাৰতীয় জনতা পার্টীয়ে দেশৰ বাবে যি কাম কৰিছে, সেয়া সঁচাই অভূতপূর্ব বুলি মুখ্যমন্ত্রী চৌহানে উল্লেখ কৰে৷

স্বৰাজোত্তৰকালৰে পৰা দেশৰ শাসনত থকা কংগ্রেছৰ দিনত অবিৰতভাৱে অনুপ্রৱেশকাৰীৰ প্রৱেশ ঘটিল বুলি নির্বাচনী সভাত উল্লেখ কৰি তেজৰ ফাকু খেলা বুলি সদৰী কৰে৷ তেওঁ আৰু কয় যে নৰেন্দ্র মোদী আজি কেৱল ভাৰতৰে নেতা নহয়, তেওঁ সমগ্র বিশ্বৰে নেতা৷ ক’ৰোনা মহামাৰী অতি সুন্দৰভাৱে নিয়ন্ত্রণ কৰি ৰাইজক ভেকছিন উপহাৰ দি কোটি কোটি মানুহৰ জীৱন ৰক্ষা কৰিলে৷ দেশৰ দৰিদ্র লোকৰ বাবে বিনামূলীয়া ঘৰ, খাদ্য, বিজুলী, পানী যোগান ধৰাৰ কথাও চৌহানে উল্লেখ কৰে৷ অসমৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ভূয়শী প্রশংসা কৰি ৰাজ্যখনৰ স্বাস্থ্যখণ্ডত ব্যাপক পৰিৱর্তন সাধন কৰা বুলি উল্লেখ কৰে৷ কংগ্রেছৰ শাসনকালত অসমত পথৰ দুৰৱস্থা, বিজুলী নোহোৱা, যাতায়াতৰ বাবে দলং নোহোৱা, মেডিকেল কলেজ নোহোৱা, শিক্ষাৰ পুতৌজনক অৱস্থাৰ কথা ভাষণত মুখ্যমন্ত্রী চৌহানে কয়৷ কিন্তু ভাৰতীয় জনতা পার্টীয়ে ৰাজ্যখনৰ শাসনভাৰ লোৱাৰ পাছৰে পৰা মোদীৰ সহযোগত মুখ্যমন্ত্রী সোণোৱালে এক নতুন অসম নির্মাণ কৰিলে৷ এয়া সকলোৰে বাবে আনন্দৰ কথা৷ কিয়নো মুখ্যমন্ত্রী সর্বানন্দ আছে৷ যিয়ে নেকি সকলোকে আনন্দ বিলাব পাৰে৷ কংগ্রেছৰ দিনত এনে উন্নয়ন হৈছিল নেবুলি ৰাইজক প্রশ্ণ কৰি কয় যে কংগ্রেছে বিকাশৰ নামত একো নকৰিলে৷ তেওঁবিলাক ভোটৰ সদাগৰ আছিল বুলি ভাষণত কয়৷ অনাগত দিনবিলাকত অসমত কোনো কেঁচা ঘৰ নাথাকিব, সকলোকে পকী ঘৰ নির্মাণ কৰি দিয়া হ’ব বুলিও উল্লেখ কৰে৷ সভ্যতা, সংস্কৃতি আৰু সুৰক্ষাই ভাৰতীয় জনতা পার্টীৰ প্রধান এজেণ্ডা বুলি সদৰী কৰি প্রশান্ত ফুকনক আশীর্বাদ দিবলৈ ৰাইজক আহ্বান জনায়৷
আজমলৰ সৈতে মিত্রতা কৰি তৰুণ গগৈক অপমান কংগ্রেছৰঃ দুলীয়াজানত শিৱৰাজ সিং চৌহান
সর্বভাৰতীয় স্তৰত ভাৰতীয় জনতা পাট্ৰ সামগ্রিক বিকাশৰ বিপৰীতে কংগ্রেছে অসমক উপহাৰ দিলে বদৰুদ্দিন আজমলক যি আজমলে সাম্প্রদায়িক বিষবাষ্প বিয়পাই হিংসাৰ মনোবৃত্তিৰে জ্বলাইছে অসমখনক, ৰাজ্যখনক ভাগ ভাগ কৰি ‘ইছলামিক ৰাষ্ট্র’ হিচাপে গঢি তুলিবলৈ বিচাৰিছে, সেই আজমলৰ দৰে ব্যক্তিৰ সৈতে কংগ্রেছে জোঁটবন্ধন কৰি প্রয়াত প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈকো অপমান কৰিছে৷ যিগৰাকী তৰুণ গগৈয়ে আজমলক মুঠেই পছন্দ কৰা নাছিল৷ কংগ্রেছ এতিয়া আত্মঘাতী পথত৷ গোলাম নবী আজাদ, আনন্দ শর্মাৰ পৰিৱর্তে কংগ্রেছে আজমলক লগত লৈ মুছলীম লীগ বিচাৰিছে৷ –এই মন্তব্য মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানৰ৷ দুলীয়াজান সমষ্টিৰ কঁঠালগুৰি পঞ্চায়তৰ ১০নং ৱার্ডৰ ৰজাআলি চাহ বাগিচাত আজি অনুষ্ঠিত হাই ভল্টেজ নির্বাচনী সভাত বিজেপিৰ প্রক্ষেপিত প্রাথ্ তেৰছ গোৱালাৰ হৈ নির্বাচনী প্রচাৰ চলাবলৈ অহা মুখ্যমন্ত্রী চৌহানে কংগ্রেছক আক্রমণ কৰি বিজেপিৰ উন্নয়ন আৰু বিকাশৰ কথা উল্লেখ কৰে৷ এফালে বিজেপিৰ উন্নয়ন, আনফালে গুণ্ডা টেক্স সংগ্রহ, হত্যা–হিংসা আদি কংগ্রেছৰ দুন্তিৰাজৰ বিষয়ে মুকলিকৈ প্রকাশ কৰে মধ্যপ্রদেশৰ মুখ্যমন্ত্রীগৰাকীয়ে৷ তেওঁ ভাষণ প্রসংগত প্রিয়ংকা গান্ধীকো কটাক্ষ কৰি কয়– অফ ছিজনত চাহ বাগিচাৰ পাত ছিঙিবলৈ আহিছিল প্রিয়ংকাই৷ প্রিয়ংকাৰ বাগিচাৰ পাত তোলা কার্যক চিনেমাৰ শ্বুটিং চলা বুলিহে টিপ্পনী দিয়ে মুখ্যমন্ত্রী শিৱৰাজে৷ চাহ বাগিচাৰ শ্রমিকসকলক উদ্দেশ্যি তেওঁ কয়– আপোনালোকৰ অবিহনে আমাৰ ৰাতি নুপুৱায়৷

অসমৰ চাহ খায়েই ভূপালৰ পুৱাৰ চকু খোল খায়৷ সেইদৰে অসম সম্পর্কত কয়– প্রাকৃতিক সম্পদেৰে চহকী অসমৰ এই পৱিত্র ভূমি বীৰৰ দেশ, সাহিত্যিক–কলাকাৰৰ দেশ, লাচিত বৰফুকন, ভূপেন হাজৰিকা, মহাপুৰুষ শংকৰদেৱৰ দেশ৷ ভাৰত মাতাৰ আত্মা যদি আছে, অসমৰ পৱিত্র ভূমিত আছে৷ অসম সংক্ষিপ্তত সাহস, সম্ভাৱনা আৰু অখণ্ডতাৰ প্রতীক বুলি মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ চৌহানে মন্তব্য কৰে৷ উক্ত সভাতে কেন্দ্রীয় খাদ্য আৰু সংসাধন ৰাজ্যিক মন্ত্রী ৰামেশ্বৰ তেলীয়ে নিজ বক্তব্যত বিজেপিৰ চৰকাৰৰ দিনত অসমৰ বাগিচাঞ্চলত হোৱা ৰাস্তা–ঘাট, শিক্ষা, বিভিন্ন চৰকাৰী আঁচনি ৰূপায়ণ আদি উন্নয়নৰ আমূল পৰিৱর্তনৰ কথা দোহাৰে৷ সেইদৰে দুলীয়াজান সমষ্টিৰ তেৰছ গোৱালাৰ প্রতিদ্বন্দ্বী কংগ্রেছৰ ধ্রুৱজ্যোতি গগৈ আৰু অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈকো তীব্র সমালোচনা কৰে কেন্দ্রীয় মন্ত্রীগৰাকীয়ে৷ ‘কা’বিৰোধী আন্দোলনৰ নামত মন্ত্রী–বিধায়কৰ বাসগৃহ জ্বলাই দিয়াৰ দৰে কংগ্রেছে হিংসাত্মক ঘটনা সংঘটিত কৰা বুলি উল্লেখ কৰে৷ ইফালে দুলীয়াজান সমষ্টিত আজি একেদিনাই অনুুষ্ঠিত হাই ভল্টেজ নির্বাচনী প্রচাৰত মধ্যপ্রদেশৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানৰ লগতে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অংশগ্রহণ কৰে টেঙাখাতৰ আন এখন নির্বাচনী সভাত৷

You might also like