ৰাজ্য চৰকাৰৰ আশ্বাসঃ ২০ আগষ্টৰ ভিতৰত প্ৰতিবন্ধীৰ একাউণ্টত দিব দিব্যাংগ পেঞ্চন আঁচনিৰ ধন
নিয়মীয়া বাৰ্তা ১৪ আগষ্টঃ ৰাজ্যৰ প্ৰতিবন্ধী লোকক চৰকাৰে প্ৰদান কৰি অহা দিব্যাংগ পেঞ্চন আচনিৰ ধন যোৱা এপ্ৰিল মাহৰ পৰা প্ৰদান নকৰাত ক্ষোভিত হৈ স্বাধীনতা দিৱসৰ দিনাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হব বুলি হুংকাৰ দিছিল প্ৰতিহবন্ধী সুৰক্ষা সংস্থা অসমে। যাৰ পৰিপেক্ষিতত সংগঠনটোৰ লগতে কেইবাটাও বিভাগৰ উচ্চপদস্থ বিষয়াই সম্পাদক নৃপেন মালাকাৰৰ সৈতে দীৰ্ঘ সময় আলোচনাত মিলিত হয়। আলোচনা কালত বিষয়া সকলে অহা ২০ আগষ্টৰ ভিতৰত প্ৰতিবন্দী হিতাধিকাৰী ১,৬০,৬১২ জন আবণ্টিত ধন ৰাশি প্ৰেৰণৰ প্ৰতিশ্ৰুতি দিয়ে। বিষয়া কেইজনৰ প্ৰতিশ্ৰুতিৰ পিছতেই কাইলৈ হ’ব লগীয়া প্ৰতিবাদী কাৰ্যসূচী বাতিল কৰা হয় বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে সম্পাদক মালাকাৰে। তেওঁ লগতে কয় চৰকাৰৰ পৰা প্ৰতিবন্ধী লোকে মাহেকত মাত্ৰ ১০০০ টকা লাভ কৰি জীৱন অতিবাহিত কৰিছে। তেনে পৰিস্থিতিৰ বিগত চাৰিমাহে এই ধন ৰাশি প্ৰদান নকৰাত এক প্ৰকাৰৰ জটিল পৰিস্থিতিৰ সম্মুখীন হৈছে প্ৰতিবন্ধীসকল। যোৱা ১১ আগষ্টত প্ৰতিবন্ধী ভাই ভনী সকলৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত ধনৰাশি মুকলি কৰি দিয়াৰ বাবে সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰলৈ ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিছিল। সময়সীমা অতিক্ৰমৰ পিছতেই আজি চৰকাৰৰ ফালৰ পৰা ৫ম দিনৰ ভিতৰত ধনৰাশি মোকলাই দিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাত সাময়িকভাৱে প্ৰতিবাদী কাৰ্যসূচী স্থগিত ৰাখিছে যদিও সময়মতে প্ৰদান নকৰিলে ২০ আগষ্টৰ পিছত দিছপুৰ ঘেৰাওৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি সকিয়াই দিছে সংগঠনটোৱে।