ভাৰতৰ আধ্যাত্মিক ইতিহাস আলোক সন্ধানৰ ইতিহাসঃ দিগন্ত বিশ্ব
নিয়মীয়া বাৰ্তা ১৩ নৱেম্বৰঃ ‘ভাৰতৰ আধ্যাত্মিক হতিহাস আলোক সন্ধানৰ হতিহাস’৷ এই মন্তব্য বিশিষ্ট চিন্তাবিদ, অনুবাদক, ২০২০ বর্ষৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটাপ্রাপক দিগন্ত বিশ্ব শর্মাৰ৷ শুকুৰবাৰে শিৱসাগৰ জিলাৰ ঐতিহ্যমণ্ডিত বৃহত্তৰ নামতি অঞ্চলৰ একমাত্র উচ্চ শিক্ষানুষ্ঠান শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ প্রতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা বত্তৃণতানুষ্ঠানত মুখ্য বক্তা হিচাপে অংশগ্রহণ কৰে দিগন্ত বিশ্ব শর্মাই৷ মহাবিদ্যালয়ৰ ছাত্র–ছাত্রীসকলে পৰিৱেশন কৰা মহাবিদ্যালয় সংগীত আৰু অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীৰ বন্তি প্রজ্বলনেৰে আৰম্ভ হোৱা ডক্ত বত্তৃণতানুষ্ঠানত আদৰণী ভাষণ প্রদান কৰে মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ধ্রুৱজ্যোতি নাথে৷
ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপক তথা শিক্ষক গোটৰ সম্পাদক ড০ উমাকান্ত হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত বক্তা দিগন্ত বিশ্ব শর্মাহ ‘শ্রীৰবিন্দ, ৰামকৃষ পৰমহংস, স্বামী বিবেকানন্দৰ দার্শনিক চিন্তা’ৰ আঁত ধৰি বহু তাত্ত্বিক বিষয় আলোচনা কৰি ভাৰতীয় আধ্যাত্মিক চেতনাৰ হতিহাসৰ আলোকপাত কৰে৷ তেওঁ ভাষণ প্রসংগত কয়, ‘ভাৰতৰ আধ্যাত্মিক ইতিহাস আলোক সন্ধানৰ হতিহাস’৷ এই ইতিহাস তিনিটা ধাৰাত পোৱা যায়৷ প্রথমটো ধাৰা অধ্যাত্ম আৱিষ্কাৰৰ সময়, জীৱনৰ সত্য সন্ধানৰ সময়৷ অর্থাৎ, এই সময় আত্মজ্ঞানৰ যুগ৷ দ্বিতীয় ধাৰা ধর্মৰ আৱিষ্কাৰৰ সময় আৰু তৃতীয় ধাৰা শাস্ত্র, বিধানৰ সময়, সৃষ্টি আৰু কর্মৰ সময়৷
তদুপৰি, এহাজাৰ বছৰীয়া ভাৰতীয় সাহিত্যৰ ধ্রুপদী সাহিত্যহ সমগ্র বিশ্ববাসীক আশ্চর্যচকিত কৰে৷ উত্তৰ ধ্রুপদী যুগ পুৰাণ আৰু তন্ত্রৰ যুগ৷ এই যুগে আধ্যাত্মিক চেতনাক গণ আন্দোলনলৈ পৰিণত কৰিছে৷ আনহাতে, সেই অনুষ্ঠানতে অসমীয়া বিভাগৰ অধ্যাপিকা ড০ মৌচুমী ৰেখা খাডণ্ডৰ ‘লোকপ্রজ্ঞাত নাৰী’ শীর্ষক গ্রন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে৷ মহাবিদ্যালয়ৰ প্রশাসনীয় সমিতিৰ সভাপতি তুলসী শেনচোৱাই বিশিষ্ট চিন্তাবিদ ৰামকৃষ্ণ পৰমহংস, শ্রীৰবিন্দ আৰু স্বামী বিবেকানন্দৰ অনুৰাগী দিগন্ত বিশ্ব শর্মাৰ সংক্ষিপ্ত জীৱনপঞ্জী উন্মোচন কৰে৷ সভাৰ শেষত শলাগ জ্ঞাপন কৰে শিক্ষাতত্ত্ব বিভাগৰ অধ্যাপক ড০ বিমান চন্দ্র বৰাই৷
শিৱসাগৰৰ নিউলুক একাডেমীৰ বত্তৃণতানুষ্ঠানত দিগন্ত বিশ্ব শর্মা
শিৱসাগৰ নগৰৰ নিউলুক একাডেমীৰ উদ্যোগত, শিৱসাগৰ লেখিকা সমাৰোহ সমিতি আৰু শিৱসাগৰ জিলা মহিলা সমিতিৰ সহযোগত নিউলুক একাডেমীৰ প্রেক্ষাগৃহত এক বত্তৃণতা অনুষ্ঠান অনুষ্ঠিত হয়৷ ‘শ্রীৰবিন্দৰ আলোকপাত কাব্য সাহিত্য আৰু শিল্পকলাৰ অভিব্যঞ্জনা’ বিষয়ত বত্তৃণতা প্রদান কৰে শ্রীৰামকৃষ্ণ, স্বামী বিবেকানন্দ তথা শ্রীৰবিন্দৰ অনুগামী দিগন্ত বিশ্ব শর্মাই৷ দিগন্ত বিশ্ব শর্মাই ভাৰতীয় সংস্কাৰ–সংস্কৃতিৰে উদ্বুদ্ধ এক মনোগ্রাহী বত্তৃণতা প্রদান কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ উপ–সভাপতি, বিশিষ্ট সাহিত্যিক মৃণালিনী দেৱীৰ লগতে বক্তা দিগন্ত বিশ্ব শর্মা, সু–সাহিত্যিক ড০ নিৰুপমা মহন্ত আৰু শিৱসাগৰ জিলা মহিলা সমিতিৰ সভানেত্রী মণিকা শইকীয়াক উষ্ম আদৰণি জ্ঞাপন কৰা হয়৷ বত্তৃণতানুষ্ঠানৰ আৰম্ভণিতে অসম সাহিত্য সভাৰ উপ–সভাপতি মৃণালিনী দেৱীয়ে গুৰু–শিষ্যৰ মধুৰ মিলনস্থল শিক্ষানুষ্ঠানত সমাজ গঢ়াৰ বীজ ৰোপণ হয় বুলি উল্লেখ কৰি শিক্ষানুষ্ঠানৰ দৰে পৱিত্র মন্দিৰৰ প্রতি দুয়োটা সমাজ দায়বদ্ধ বুলি উল্লেখ কৰে৷ মূল বত্তৃণতাত ভাৰতীয় দর্শন আৰু সংস্কৃতিৰ নিৰলস সাধক দিগন্ত বিশ্ব শর্মাই শ্রীৰবিন্দৰ মৌলিক অন্বেষণৰ আধাৰত কলাক বিশ্লেষণ কৰে৷ তেওঁ কয় যে ৰূপান্তৰেহে জীৱন ধুনীয়া কৰে, তোৰে মোৰে আলোকৰে যাত্রা আদিৰ কথা ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাই কৈগ’ল৷ কিন্তু আমি পালো জানো ধুনীয়া জীৱন? আলোকৰ যাত্রা? আমাৰ অগ্রজসকলে কিদৰে আলোকৰ সন্ধান পালে বুলি জ্ঞানসমৃদ্ধ গৰাকীয়ে প্রশ্ন কৰি কাব্য সৃষ্টিৰ দিশত অসমৰ শ্রীমন্ত শংকৰদেৱৰ অৱদান আৰু গুৰুজনাৰ সৃষ্টিৰ মহত্ত্বক তুলনা কৰে৷ আজিৰ যুগত মানুহে সৌন্দর্যক নহয় কিন্তু উপযোগিতাক মান্যতা দিওঁ বুলি তাৎপর্যপূর্ণ মন্তব্য কৰি এই প্রৱণতা আজিৰ দিনৰ এক ডাঙৰ ব্যাধি বুলি খেদ প্রকাশ কৰে বিশ্ব শর্মাই৷ তেওঁ এই ব্যাধিৰ প্রসংগত কয় যে প্রাশ্চত কিন্তু এনে প্রৱণতাৰ ব্যাধিক ৰোধ কৰা হৈছিল৷ কিন্তু ভাৰতীয়সকলৰ অর্থলোভী আৰু প্রাণহীন শিক্ষাৰ পৰিণতি স্বৰূপে পৰম্পৰাৰ সাংস্কৃতিক শিক্ষাক ত্যাগ কৰিছে৷ কিন্তু মানৱীয় সত্তাৰ সৃষ্টিৰ ব্যৱস্থা আমাৰ শিক্ষা ব্যৱস্থাত নাথাকিলেও আমাৰ সত্তাত আছে৷ এনে সত্তাৰ সৃষ্টিতহে প্রকৃততে পোৱা যায় অভিব্যঞ্জনা৷ অভিব্যঞ্জনা এক অন্তর্মুখী অনুভৱ৷ এয়া উপভোগ নহয়৷ আধুনিক মানুহে কলাক গুৰুত্বহীন কৰি এক উঁই হাফলুত পৰিণত কৰিছে৷ এক মৌচাকত পৰিণত কৰিছে৷ মানুহৰ প্রাথমিক প্রয়োজনৰ চাহিদা অন্ন–বস্ত্র, বাসস্থান এক বিতৰণ ব্যৱস্থাৰ সৃষ্টি হৈছিল৷ বিতৰণৰ সাম্য অৱস্থাৰ পৰা ক্রমাত দাস প্রথাৰ আৰম্ভ হ’ল৷ এক শ্রেণী সেৱক হ’ল আৰু তাৰ বিনিময়ত প্রাথমিক প্রয়োজন প্রদানৰ ব্যৱস্থা আহিল৷ ৰুচি আৰু প্রয়োজন স্থূল হ’ল৷ এনে ৰুচিৰ পৰিৱর্তনত মানুহৰ অন্তর্মুখী অৱস্থাৰ বর্ণনা দি দিগন্ত বিশ্ব শর্মাই কয় যে অন্নময়, প্রাণময়, মনোময়, বিজ্ঞানময়, আনন্দময় এইসমূহ হৈছে মানুহৰ কেতবোৰ অৱস্থা৷ প্রথমৰ এনে অৱস্থাসমূহ ইতৰ প্রাণীৰো দেখা যায় য’ত কেৱল প্রাথমিক প্রয়োগৰ পূৰণৰ তাগিদা থাকে৷ কিন্তু সময় সাপেক্ষে কেতবোৰ উচ্চ চাহিদাৰ সৃষ্টি হৈছে৷এইসমূহৰ লগতে অন্যায়, ঘৃণা, সামাজিক বিভেদ আদিও সৃষ্টি হৈছে৷ এক কথাত এক বিৰাট আসুৰিক পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইয়াৰ মাজত কিন্তু গুৰু অৰবিন্দই কৈছে জগত জননীয়ে প্রকৃত পথৰ সন্ধান দিয়ে৷ জগতৰ কল্যাণ সাধন কৰে৷ মানুহৰ মনস্তাত্বিক বিকাশ কৰে৷ কলাৰ সৃষ্টিৰ এক দর্শন দাঙি ধৰি তেওঁ কয় যে ভোগৰ আৱেগ অধিক হ’লে বিশৃংখলতাৰ সৃষ্টি হয়৷ প্রাণৰ জৈৱ চাহিদাৰে আমাৰ চিত্তবৃত্তি পৰিপূর্ণ হৈ পৰে৷ কিন্তু এনে বিশৃংখলতাৰ পৰা পাৰ হৈ দর্শন, নীতি শিক্ষা, ধর্ম আৰু হূদয়বৃত্তি এই চাৰিটাই সকলো সৃষ্টিৰ পথ দেখুৱায়৷ ইয়াত ক্রিয়া কৰে যুক্তিবুদ্ধি আৰু কল্পনাই৷ এই কল্পনাই কাব্য, সাহিত্য আৰু শিল্পক প্রতিনিধিত্ব কৰে৷ এইসমূহ প্রকৃততে মানৱ প্রগতিৰ বাহক৷ মানুহৰ মনস্তাত্বিক প্রগতিৰ বাহক৷ এনে প্রগতিৰ বাহক প্রতিফলিত হয় কলাৰ সৃষ্টিত৷সংগীত, চিত্র, কাব্য, ভাস্কর্য আদি সকলো কলা সৌন্দর্যবোধৰ সৃষ্টি৷ অন্তৰৰ নিভৃত অনুভূতিৰ সৃষ্টি৷ আনহাতে আজিৰ বত্তৃণতা অনুষ্ঠানত শিৱসাগৰৰ বিশিষ্ট শিক্ষবিদ, নিবন্ধকাৰ, সাহিত্যিক, গড়গাঁও কলেজৰ অধ্যক্ষ ড০ সব্যসাচী মহন্তই এক সাৰুৱা বক্তব্য প্রদান কৰে৷