আত্মোপলব্ধিক শিক্ষাৰ অন্যতম লক্ষ্য হিচাপে লৈছিল ঋষি–মুনিয়ে
ডিব্রুগড় বিশ্ববিদ্যালয়ত মহাযোগী অৰবিন্দৰ জন্মজয়ন্তীত দিগন্ত বিশ্ব শর্মা
নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ দুদিনীয়া কার্যসূচীৰে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ দর্শন অধ্যয়ন কেন্দ্রৰ সৌজন্যত কালিৰে পৰা মহাযোগী অৰবিন্দৰ ডেৰশ বছৰীয়া জন্মজয়ন্তী ডদ্যাপন কৰা হৈছে৷ এই জন্মজয়ন্তীৰ সৈতে সংগতি ৰাখি আজি অধ্যয়ন কেন্দ্রটোৰ পুষ্পলতা দাস পেক্ষাগৃহত অনুষ্ঠিত হয় দ্বিতীয় দিনৰ মনোজ্ঞ বত্তৃণতানুষ্ঠান৷ বুৰঞ্জী বিভাগৰ জ্যেষ্ঠ অধ্যাপক বিশ্বজিৎ বৰুৱাই সঞ্চালনা কৰা এই অনুষ্ঠানত’A glimpse of India’s idea of education from Vivekananda, Sri Aurobindo and UNESCO’ শীর্ষক এক মননশীল বত্তৃণতা অসমীয়া আৰু ইংৰাজী ভাষাত প্রদান কৰি উপস্থিত ছাত্র আৰু শিক্ষক সমাজক মন্ত্রমুগ্ধ কৰি ৰাখে মহাযোগী অৰবিন্দৰ অনুৰাগী তথা সাহিত্য অকাডেমিৰ অসমীয়া ভাষাত অনুবাদ বঁটাপ্রাপক, নিবন্ধকাৰ, বাক–শিল্পী দিগন্ত বিশ্ব শর্মাহ৷
উপযোগিতাবাদক আধুনিক শিক্ষাৰ অন্যতম পৃষ্ঠভূমি হিচাপে চিহ্ণিত কৰি শর্মাহ কয়– ‘তাহানিৰ ঋষিসকলে আত্ম–উপলব্ধিক শিক্ষাৰ অন্যতম লক্ষ্য হিচাপে লৈছিল৷ আজিৰ চিন্তাবিদে নিজকে শিক্ষিত কৰাকে শিক্ষাৰ লক্ষ্য হিচাপে বিবেচনা কৰে৷ যি শিক্ষাত আত্ম–উপলব্ধিৰ ব্যৱস্থা নাহ, যি শিক্ষাহ শিক্ষার্থীৰ পৰিৱর্তে বিষয়ক প্রাধান্য দিয়ে, যি শিক্ষা ব্যৱস্থাত মানৱোত্তৰ বিকাশৰ কোনো প্রচেষ্টা নাহ, সেহ শিক্ষা প্রকৃত শিক্ষা নহয়৷’ প্রায় দুহ ঘণ্টা জোৰা এহ বত্তৃণতাত বিশিষ্ট চিন্তাবিদগৰাকীয়ে স্বামী বিবেকানন্দৰ দৃষ্টিত শিক্ষা, ঋষি অৰবিন্দৰ শিক্ষা–বীক্ষণ আৰু অতি সাম্প্রতিক আন্তঃৰাষ্ট্রীয় পর্যায়ৰ শিক্ষা–নীতি আৰু আদর্শৰ এক উচিত মূল্যায়ন কৰি তথ্য–জ্ঞান আৰু আত্ম–উপলব্ধিৰ আলোকত মূল্য–সংযোজিত শিক্ষাৰে জীৱন গঢ়িবলৈ ছাত্র সমাজৰ প্রতি আহ্বান জনায় আৰু ছাত্র–ছাত্রীসকলে কৰা বিভিন্ন প্রশ্ণৰ মনোগ্রাহী সমিধান আগবঢ়ায়৷