নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শানদাৰ–দমদাৰ মিলেদাৰত সহস্রাধিকৰ যোগদান

ৰামধেনুৰ সহযোগত য়ামাহা ফেচিন’ ১২৫ হাইব্রিড–এ আয়োজন কৰা প্রতিযোগিতা

নিয়মীয়া বাৰ্তা ৮ জানুৱাৰীঃ অসমৰ একমাত্র চেটেলাইট মিউজিক চেনেল ‘ৰামধেনু’ৰ সহযোগYamaha Fascino 125fi hybridয়ে আয়োজন কৰা Shandaar, Dumdaar, Miledaar প্রতিযোগিতাখনি আৰম্ভ হৈছে৷ এই প্রতিযোগিতাত অসমৰ বিভিন্ন স্থানৰ পৰা এক হাজাৰৰো অধিক প্রতিযোগীয়ে যোগদান কৰিছে৷ ৰামধেনু চেনেলৰ জনপ্রিয় অনুষ্ঠান Beat Box–কেৱল গীত’ৰ জৰিয়তে প্রতিযোগীসকলে এই প্রতিযোগিতাত ব্যাপক সঁহাৰি জনাইছে৷ প্রতিযোগতাত যোগদান কৰা প্রতিযোগীসকলৰ মাজৰ পৰা চূড়ান্ত বিজয়ীক নির্বাচন কৰা প্রক্রিয়া শীঘ্রেই আৰম্ভ হ’ব৷ চূড়ান্ত প্রতিযোগিতাৰ সন্মানীয় বিচাৰক হিচাপে অসমৰ সংগীত আৰু অভিনয় জগতৰ কেইবাজনো তাৰকা শিল্পী উপস্থিত থাকিব৷ বিজয়ীসকলক Amazon’ৰ তৰফৰ পৰা আকর্ষণীয় উপহাৰ কুপনেৰে পুৰস্কৃত কৰা হ’ব৷

You might also like