দিগন্ত বৰা ৰাজ্যৰ নতুন গৃহ সচিব
নিয়মীয়া বাৰ্তা ১৭ জুনঃ ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ সচিব হিচাপে নতুনকৈ নিযুক্তি দিয়া হৈছে আই পি এছ বিষয়া দিগন্ত বৰাক৷ ৰাজ্য চৰকাৰৰ পার্ছনেল বিভাগৰ সচিবে এক নির্দেশনাযোগে আই পি এছ বিষয়াগৰাকীক আজি গৃহ সচিব হিচাপে নিযুক্তি দিয়ে৷ তেওঁ অসম আৰক্ষীৰ উপ–মহাপৰিদর্শক (প্রশাসন) হিচাপে দায়িত্ব পালন কৰি আছিল৷