নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উদালি কাণ্ডৰ অন্তিম দুই অভিযুক্তৰ আত্মসমর্পণ

নিয়মীয়া বাৰ্তা ১৭ জুনঃ সমগ্র ৰাজ্য কঁপাই যোৱা উদালি কাণ্ডৰ আটাইকেইজন অভিযুক্তক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ঘটনাৰ ভিডি’ আৰু চিকিৎসালয়ৰ চিচি টিভি ফুটেজ মতে মুঠ ৩৬জন অভিযুক্ত চিনাক্ত কৰা হৈছিল৷ সেই অভিযুক্তকেইজনৰ দুজনক আজি আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ ইফালে দুদিন আগতে হোজাই উদালি ফুলতলি ক’ভিড কেয়াৰ চেণ্টাৰত সংঘটিত কাণ্ডৰ লগত জড়িত দুই অভিযুক্ত ক্রমে আব্দুৰ ৰহমান আৰু তইজুৰ ৰহমানে হোজাই আৰক্ষী থানাত ভাৰপ্রাপ্ত বিষয়া গৌতম কুমাৰৰ ওচৰত আত্মসমর্পণ কৰিছিল৷ কালি আন দুই অভিযুক্ত ক্রমে মকবুল হুছেইন আৰু জেচমিন উদ্দিন বৰভূঞাই কার্বি আংলং জিলাৰ খটখটি আৰু হোজাই আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া গৌতম কুমাৰৰ ওচৰত আত্মসমর্পণ কৰিছিল৷

যোৱানিশা প্রায় দুই বজাত এই কাণ্ডৰ আন এক অভিযুক্ত জাইবুৰ ৰহমানৰ লগতে এজন নাবালক অভিযুক্তই হোজাই থানাত আত্মসমর্পণ কৰে৷ হোজাই আৰক্ষীয়ে এই ঘটনাৰ তদন্তকাৰী বিষয়াক আত্মসমর্পণ কৰা নাবালকসহ জাইবুৰক হস্তান্তৰ কৰে আৰু অভিযুক্তক লংকাৰ তদন্তকাৰী বিষয়াই জিলা সদৰ শংকৰদেৱ নগৰৰ ন্যায়িক আদালতত হাজিৰ কৰি নিজৰ জিম্মাত বিচাৰে৷ উল্লেখ্য যে সেইদিনা এই ৩৬জন অভিযুক্তই এজন ক’ভিড ৰোগীৰ মৃত্যুৰ পিছত কর্মৰত নার্ছ ললিতা ভৰালী আৰু চিকিৎসক ডাঃ সেউজ কুমাৰ সেনাপতিক আক্রমণ কৰাৰ লগতে চিকিৎসালয়খনৰ ক্ষতি কৰিছিল৷

ইফালে, হোজাই জিলা সদৰ শংকৰদেৱ নগৰ জিলা সত্র ন্যায়াধীশ আদালতত সাক্ষ্য প্রদান কৰিব আহি শাৰীৰিকভাৱে অসুস্থ হৈ পৰে উদালি ফুলতলীৰ ক’ভিড কেয়াৰ চেণ্টাৰৰ নির্যাতিত চিকিৎসক সেনাপতি৷ আজি চিকিৎসকজনে যোৱা ১ জুনত হোজাইৰ উদালিৰ ফুলতলীৰ ক’ভিড কেয়াৰ চেণ্টাৰত হোৱা কাণ্ডৰ সাক্ষ্য প্রদান কৰা কথা আছিল৷ প্রথমে তেওঁ হোজাই আৰক্ষী অধীক্ষকৰ কার্যালয়ত তদন্তকাৰী আৰক্ষী বিষয়াৰ সন্মুুখত সাক্ষ্য প্রদান কৰি থকাৰ সময়তে হঠাৎ অসুস্থ হৈ পৰে৷ নির্যাতিত চিকিৎসকজনে আৰক্ষী বিষয়াৰ সন্মুখত সাক্ষ্য প্রদান কৰাৰ পিছত জিলা সদৰ শংকৰদেৱ নগৰ আদালতৰ ন্যায়াধীশৰ সন্মুখত সাক্ষ্য প্রদান কৰা কথা আছিল৷ যদিও হঠাৎ অসুস্থ হৈ পৰাত চিকিৎসকজনৰ সাক্ষ্য গ্রহণ আজি স্থগিত ৰখা হয়৷

You might also like