নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাগিচাৰ পৰা উপ-নিৰ্বাচনলৈ দিগন্ত ঘাটোৱাৰৰ ৰাজনৈতিক যাত্ৰা

বিশেষ বাৰ্তা, ২০ অক্টোবৰঃ সমাগত বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে শাসকীয় বিজেপি দলে বিহালী সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণাৰ পিছতে প্ৰাৰ্থী দিগন্ত ঘাটোৱাৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উল্লেখ্য যে বিহালী সমষ্টিত বিজেপিৰ দিগন্ত ঘাটোৱাৰ, সুমন শৰ্মা, অসীম দাসৰ ৩জনীয়া পেনেলৰ ভিতৰত টিকট লাভ কৰিবলৈ সক্ষম হয় দিগন্ত ঘাটোৱাৰ। আজি বিশ্বনাথ চাৰিআলিত দিগন্ত ঘাটোৱাৰে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় দলে তেওঁক বিহালীৰ প্ৰাৰ্থিত্ব প্ৰদান কৰাত আনন্দিত হোৱা বুলি প্ৰকাশ কৰে। প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী, সভাপতি জে পি নাড্ডা, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতা আৰু তেওঁৰ ৰাজনৈতিক গুৰু শোণিতপুৰৰ সাংসদ ৰঞ্জিত দত্ত প্ৰমুখ্যে সকলোকে ধন্যবাদ জ্ঞাপন কৰে। ঘাটোৱাৰে বিশ্বনাথ জিলা বিজেপিৰ কৰ্মকৰ্তা, বিহালী বিজেপি, বুথ কমিটিৰ কৰ্মকৰ্তা আৰু বিহালীৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰে আৰু বিহালীৰ উন্নয়নত কাম কৰি যাব বুলি মন্তব্য কৰে। উল্লেখ্য যে বিজেপিৰ অতি বেয়া দিনত বিশ্বনাথৰ পৰা নিৰ্বাচনত অৱত্তীৰ্ণ হৈ পৰাজিত হৈয়ো দলৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি জিলা সভাপতিৰ দৰে দায়িত্ব পালন কৰি আহিছে দিগন্ত ঘাটোৱাৰে। বিশ্বনাথৰ প্ৰতাপগড় বাগিছাৰ পৰা বিহালীৰ ৰাজনৈতিক ক্ষমতা লাভৰ যুদ্ধলৈকে এক ৰাজনৈতিক পৰিক্ৰমা অতিক্ৰম কৰা দিগন্ত ঘাটোৱাৰক আজি অভিনন্দনেৰে ওপচাই পেলাইছে শুভাকাংক্ষীসকলে।

প্ৰেৰক জয়ন্ত বৰা

You might also like