নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিহিং-পাটকাই অভয়াৰণ্যত কয়লা খননৰ বিৰোধীতা বৰহোলা সাংবাদিক সন্থাৰ

নিয়মীয়া বাৰ্তা, ২৬ মেঃপূবৰ আমাজান হিচাপে পৰিচিত তথা জৈৱ বৈচিত্ৰ্যত চহকী দিহিং-পাটকাই অভয়াৰণ্যত কয়লা খননৰ বাবে ক’ল ইণ্ডিয়া লিমিটেডৰ প্ৰস্তাৱক ৰাষ্ট্ৰীয় ব্যনপ্ৰাণী ব’ৰ্ডে(NBWL) সেউজ সংকেত প্ৰদান কৰাৰ পাছতে ৰাজ্যৰ বিভিন্ন দল-সংগঠন তথা সচেতন প্ৰকৃতিপ্ৰেমীসকল এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে। বৰহোলা সাংবাদিক সন্থায়ো আজি এক প্ৰেছ বিবৃতি যোগে ইয়াৰ তীব্ৰ বিৰোধীতা কৰি অভয়াৰণ্যখনত কয়লা খনন বন্ধ কৰিবলৈ চৰকাৰক আহ্বান জনায়। সন্থাৰ সভাপতি মণ্টুছ কোঁৱৰ, সম্পাদক অজয় শইকীয়াৰ দ্বাৰা সাক্ষৰিত বিবৃতিটোত কয় যে কেৱল সম্পদ লুণ্ঠনৰ স্বাৰ্থত এখন অভয়াৰণ্য ধ্বংস কৰি কয়লা খনন কৰিব বিচৰা কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য হ’ব নোৱাৰে। ই কেৱল দিহিং- পাটকাইত থকা পক্ষীকুল বা জন্তুকুলৰে নহয় সমগ্ৰ অসমৰ জৈৱ-বৈচিত্ৰ্যৰ ওপৰতো অতিকৈ বিৰূপ প্ৰভাৱ পেলাব। গতিকে এই অভয়াৰণ্যখনৰ সুৰক্ষাৰ বাবে বৰ্তমান অসমৰ জনগণে একেমুখে প্ৰতিবাদ জনোৱা উচিত বুলি উল্লেখ কৰে বিবৃতিটোত। লগতে অসমৰ ৰাইজৰ প্ৰতিবাদকো গুৰুত্ব আৰোপ কৰি অভয়াৰণ্যখনৰ সুৰক্ষাৰ ক্ষেত্ৰত শীঘ্ৰে যথোচিত পদক্ষেপ গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সন্থাটোৱে আহ্বান জনাইছে।

You might also like