🔴মে মাহত ডিমা হাছাত অনুষ্ঠিত হ’ব কেবিনেট
🔴১০ কোটি টকাৰে উমৰাংছ’ত নির্মাণ হ’ব ষ্টেডিয়াম
🔴ডিমা হাছাৰ কলেজীয়া ছাত্র–ছাত্রীক বছৰি দিব ১০ হাজাৰকৈ টকা
বাৰ্তা ডিজিটেল ডেস্ক, ৩ জানুৱাৰীঃ অহা ৮ জানুৱাৰীত ভোটগ্রহণ হ’বলগীয়া উত্তৰ কাছাৰ পার্বত্য স্বায়ত্ত পৰিষদৰ নির্বাচনৰ পৰিপ্রেক্ষিতত আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ডিমা হাছাও জিলাত উপস্থিত হয় আৰু দুখনকৈ নির্বাচনী সমাৱেশত অংশগ্রহণ কৰে৷ জিলাখনৰ উমৰাংছু আৰু দিয়াংব্রাত আয়োজিত নির্বাচনী সমাৱেশ দুখনত পাহাৰীয়া জিলাখনৰ সর্বাংগীণ বিকাশ আৰু উন্নয়নৰ ধাৰা অব্যাহত ৰাখিবলৈ জনসাধাৰণক স্বায়ত্ত পৰিষদৰ নির্বাচনত বিজেপি প্রার্থীক ভোটদান কৰিবলৈ আহ্বান জনায়৷ সম্প্রতি ডিমা হাছাও জিলাত স্থায়ী শান্তি প্রতিষ্ঠা হোৱাৰ উল্লেখ কৰি জিলাখনৰ উগ্রপন্থীসকলে ইতিমধ্যে অস্ত্র ত্যাগ কৰি ৰাষ্ট্রৰ মূলসুঁতিলৈ উভতি আহিছে৷ বিজেপি ক্ষমতালৈ অহাৰ পিছতেই পাহাৰীয়া জিলাখনলৈ সম্পূর্ণ শান্তি আহিছে৷ কিন্তু আজিৰ পৰা ১০ বছৰ আগেয়ে হাফলং, উমৰাংছু, ডিমা হাছাওৰ পৰিৱেশ আজিৰ দৰে শান্ত নাছিল৷ উমৰাংছু আৰু দিয়াংব্রা পৰিষদীয় সমষ্টিৰ গ্রামাঞ্চলৰ বাট–পথ নির্মাণৰ বাবে দুয়োটা পৰিষদীয় সমষ্টিতে ২৫ কোটি টকাকৈ আগবঢ়োৱাৰ ঘোষণা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অহা ৩ বছৰৰ ভিতৰত এই সমষ্টি দুটাৰ গ্রামাঞ্চলৰ বাট–পথসমূহ নতুন ৰূপত নির্মাণ হৈ উঠিব৷ উমৰাংছুত বসবাস কৰা সকলো জনগোষ্ঠীৰ বাবে একোটাকৈ কমিউনিটী হল নির্মাণ, ১০ কোটি টকা ব্যয়ৰে উমৰাংছুত এখন ষ্টেডিয়াম নির্মাণ, কলেজৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ২ কোটি টকা প্রদান, অঞ্চলটোত এখন চিকিৎসালয় নির্মাণ, ১০ কোটি টকা ব্যয়ৰে এটা কালী মন্দিৰ নির্মাণ কৰাৰো ঘোষণা কৰে৷ অহা মে’ মাহত ডিমা হাছাওৰ উমৰাংছুত অসম চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ ঘোষণা কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পর্যটন খণ্ডৰ ক্ষেত্রত শ্বিলঙতকৈও উমৰাংছু যথেষ্ট ধুনীয়া ঠাই৷ পর্যটন খণ্ডকে ধৰি অঞ্চলটোৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ক’ত কি কৰিব পাৰি তাৰ বাবে তেওঁ অসম মন্ত্রীসভাৰ প্রতিগৰাকী সদস্য আৰু বিষয়াসকলক লৈ এৰাতি অঞ্চলটোত কটাই ঘোষণা কৰা প্রতিটো বিষয় কার্যকৰী কৰাৰ পদক্ষেপ ল’ব বুলিও ভাষণত উল্লেখ কৰে৷ সেইদৰে দিয়াংব্রাত ২০২৬ চনৰ নির্বাচনৰ পূর্বে এখন কলেজ স্থাপন কৰাৰ লগতে স্থানীয় হাস্পতালখনত তিনিজনকৈ এল’পেথিক চিকিৎসক অচিৰেই নিয়োগ কৰাৰ প্রতিশ্রুতি দিয়ে৷ আজিৰ নির্বাচনী প্রচাৰ সভাতেই মুখ্যমন্ত্রী ড০ শর্মাই কলেজত অধ্যয়ন কৰা জিলাখনৰ সকলো ছাত্র–ছাত্রীকে বছৰি ১০ হাজাৰ টকাকৈ প্রদান কৰিব বুলিও উল্লেখ কৰে৷ অৰুণোদয় আঁচনিৰ সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দিয়াংব্রাত নতুনকৈ এহেজাৰ লোকক অৰুণোদয় আঁচনিত অন্তর্ভুক্ত কৰা হ’ব৷ সেইদৰে উমৰাংছু আৰু খাবাঙত যিসকল লোক এতিয়াও অৰুণোদয়ত অন্তর্ভুক্ত হোৱা নাই সকলোকে অন্তর্ভুক্ত কৰিব৷ ৰেচন কার্ডৰ প্রসংগত অহা তিনি মাহৰ ভিতৰত দুয়োটা পৰিষদীয় সমষ্টিৰে অধীনস্থ সকলো লোককে ৰেচন কার্ড প্রদান কৰাৰ ঘোষণা কৰে৷ মহিলা আত্মসহায়ক গোটৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে প্রতিটো আত্মসহায়ক গোটৰ প্রতিগৰাকী সদস্যাক মৌমাখি পালন, গাহৰি পালন, কুকুৰা পালন, জুডিমা প্রস্তুতকে ধৰি বিভিন্ন উৎপাদনমুখী কাম–কাজ কৰাৰ বাবে ১০ হাজাৰ টকাকৈ প্রদান কৰিব৷ এই ধনৰ সদ্ব্যৱহাৰ কৰিলে পৰৱর্তী পর্যায়ত তেওঁলোকক পুনৰ ১৫ হাজাৰ টকাকৈ আগবঢ়াব৷ সেইদৰে জিলাখনৰ যিসমূহ স্থানত এতিয়াও বিদ্যুৎ সংযোগ হোৱা নাই তাতো বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰাৰ লগতে খোৱাপানী যোগানৰো ব্যৱস্থা কৰাৰ প্রতিশ্রুতি দিয়ে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ডিমা হাছাওৰ উন্নয়নৰ বাবে গ্রহণ কৰা পদক্ষেপৰ খতিয়ান দাঙি ধৰি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে যোৱা ২০২২ চনত ভূমিস্খলনৰ ফলত জিলাখনত যি ক্ষতি হৈছিল তাৰ আন্তঃগাঁথনি নির্মাণৰ বাবে প্রধানমন্ত্রী মোদীয়ে ৪ হাজাৰ কোটি টকা আগবঢ়োৱাৰ লগতে তিনি মাহৰ ভিতৰতে বিধ্বস্ত ৰে’লপথো পুনৰ নির্মাণ কৰে৷ সেয়ে পাহাৰীয়া জিলাখনৰ ৰাইজক প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হাত শক্তিশালী কৰিবলৈ আহ্বান জনায়৷ চৰকাৰী চাকৰিৰ ক্ষেত্রতো শেহতীয়াকৈ ডিমা হাছাওৰ যুৱক–যুৱতীয়ে চাকৰি লাভ কৰিবলৈ সক্ষম হোৱাৰ উল্লেখ কৰি আগন্তুক দিনতো যাতে পাহাৰীয়া জিলাখনৰ যুৱক–যুৱতীসকলে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হয়, তাৰ বাবে জিলাখনত বিভিন্ন ক’চিং চেণ্টাৰ আদি স্বায়ত্তপৰিষদখন জৰিয়তে স্থাপন কৰা হ’ব বুলিও উল্লেখ কৰে৷