নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোজাইত বান কমিলেও দুৰ্গতি কমা নাই বানাক্ৰান্ত অঞ্চলৰ : পথত পুখুৰীসদৃশ গাঁত

নিয়মীয়া বার্তা, ২৪ মে : হোজাইত বান কমিছে যদিও বানাক্ৰান্ত অঞ্চলৰ বাট পথ বানে বিধস্ত কৰাত পুখুৰী সদৃশ গাঁত হৈ পৰাত বানপীড়িত অঞ্চলৰ ৰাইজৰ দুখ-দুৰ্দশাই লগ নেৰা হৈছে। হোজাইৰ চহৰ সংযোগী হোজাই-ৰাইকাটা মুখ্য পথত বানে পুখুৰী সদৃশ গাঁত কৰাত হোজাই চহৰৰ লগত কোমৰাকাটা গাঁও পঞ্চায়তৰ বৃহত্তৰ ৰাইকাটা, ইছলামপুৰ, বিশ্বাস পাৰা, দাসপাৰা, নতুনবস্তি, চন্দনপুৰ আদি অঞ্চলৰ ৰাইজৰ যোগাযোগ সম্পূৰ্ণ ৰূপে ব্যাহত হৈ পৰিছে। বানৰ পিছত উদ্ভৱ হব পৰা যিকোনো বেমাৰ উক্ত অঞ্চল সমূহত হলে হোজাইলৈ আহি উন্নত চিকিৎসা লাভৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনাই দেখা দিয়াত অঞ্চলবাসীৰ মাজত শংকাই দেখা দিছে। কোমৰাকাটা গাঁও পঞ্চায়তৰ ৰাইকাটা, ইছলামপুৰ সহ অন্যান্য বানাক্ৰান্ত অঞ্চলৰ ৰাইজে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষক পথসমূহ পৰিদৰ্শন কৰি অনতিপলমে পথ বিধস্ত হোৱা পথ বিশেষকৈ হোজাই চহৰৰ লগত সংযোগী হোজাই-ৰাইকাটা মুখ্য পথটো মেৰামতি কৰাৰ অনুৰোধ জনোৱাত বিধায়ক গৰাকীয়ে আজি মটৰ চাইকেললৈ বানে বিধস্ত কৰা পথ সমূহ পৰিদৰ্শন কৰে। বিশেষকৈ ৰাইজৰ যাতায়তৰ দুখ-দুদৰ্শা উপলব্ধি কৰি বিধায়ক গৰাকীয়ে হোজাই জিলা উপায়ুক্ত অনুপম চৌধুৰীক অৱগত কৰি প্ৰাকৃতিক দুৰ্যোগ পুঁজিৰ পৰা হোজাই-ৰাইকাটা মুখ্য পথটো মেৰামতি কৰি দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, বানে বিধস্ত কৰা কোমোৰাকটা পঞ্চায়তৰ যাঠিওৰা গাঁৱৰ পোন্ধৰটা পৰিয়ালৰ ভগ্ন গৃহ মেৰামতি কৰি দিব বুলিও বিধায়ক জনে আশ্বাস দিয়ে ।

কিশলয় ডি গোস্বামী

You might also like