ডিমৰীয়াৰ ২৫০ বিঘা মাটিত ৯০০ কৃষকে ক’ক’ খেতিৰে আৰম্ভ কৰিছে অর্থনৈতিক বিপ্লৱ
মৌপুৰ–ধেমাই–নৰতা গাঁৱক লৈ ‘চকলেট ভিলেজ’
নিয়মীয়া বাৰ্তা ১ জানুৱাৰীঃ অসমত প্রথম চকলেট প্রস্তুত কৰাত ব্যৱহূত ক’ক’ গছৰ খেতি কৰি স্বাৱলম্বী হোৱাৰ সপোন দেখিছে কামৰূপ মহানগৰ জিলাৰ সোণাপুৰৰ সমীপৱর্তী বৃহত্তৰ ডিমৰীয়াৰ ৯০০ কৃষক–নিবনুৱা যুৱকে৷ এই লক্ষ্যৰে ডিমৰীয়াৰ মৌপুৰ, ৰংদলৈ, নৰতাপ, ধেমাই গাঁৱৰ উক্ত কৃষক নিবনুৱা যুৱকসকলে ২৫০ বিঘা মাটিত বৈজ্ঞানিক তথা জৈৱিক পদ্ধতিৰে ক’ক’ খেতি কৰিছে৷ গাঁওকেইখনৰ তামোলৰ বাৰীতে শ শ জোপা ক’ক’ গছ ৰোপণ কৰি বিকল্প খেতিৰে উপার্জন বৃদ্ধি কৰাৰ প্রয়াস কৰিছে৷ এই তামোলৰ বাৰীসমূহত ইতিমধ্যে লহপহয়ীকৈ বাঢ়ি অহা ক’ক’ গছত লাগিছে সুমিষ্ট ফচল৷ ফচল দেখি কৃষক তথা নিবনুৱা যুৱকৰ মনত আশাৰ ৰেঙনি কঢ়িয়াই আনিছে৷ উল্লেখ্য যে এই নতুন কৃষি বিপ্লৱে গ্রাম্য অর্থনীতি টনকিয়াল কৰাৰ প্রচুৰ সম্ভাৱনা থকা ক’ক’ খেতি প্রথমে অসমত কৰাৰ ক্ষেত্রত আগভাগ লয় গুৱাহাটীৰ নর্থ–ইষ্ট অর্গেনিক (এন ই অ’) নামৰ সংস্থাটোৱে৷ এই সংস্থাটোৰ সাধাৰণ সম্পাদক সঞ্জয় চাংকাকতিয়ে কেৰালা কৃষি বিশ্ববিদ্যালয়ত ক’ক’ খেতিৰ বিজ্ঞানসন্মত প্রশিক্ষণ লৈ আহি অসমত জৈৱিক পদ্ধতিৰে ক’ক’ খেতি কৰাত মনোনিৱেশ কৰে৷ এই সংস্থাটোৰ সভাপতিৰ দায়িত্বত আছে মহেন্দ্র কৃষ্ণ শইকীয়া৷ অসমত প্রথম ক’ক’ খেতি কৰা সন্দর্ভত সঞ্জয় চাংকাকতিয়ে কয়– ‘এন ই অ’য়ে অসমত দীর্ঘদিন ধৰি জৈৱিক পদ্ধতিৰে নতুন নতুন খেতিৰ জৰিয়তে কৃষক তথা নিবনুৱা যুৱকৰ আয় বৃদ্ধি কৰি স্বাৱলম্বী কৰাৰ হকে কাম কৰি আহিছে৷ অসমতো ক’ক’ খেতিৰ প্রচুৰ সম্ভাৱনা আছে৷ ইয়াৰ দ্বাৰা উপার্জন বৃদ্ধিৰ যথেষ্ট সম্ভাৱনা থকা বাবে আমি এই খেতি কৰাত গুৰুত্ব দিওঁ আৰু ডিমৰীয়াৰ মৌপুৰ, ৰংদৈ, ধেমাই আৰু নৰতাপ গাঁৱৰ কৃষক তথা নিবনুৱা যুৱকক এই খেতি কৰাত সহায় কৰিছোঁ৷ কেৰালাৰ কাজিগড়ৰ পৰা অনা ক’ক’ গছৰ পুলি এই গাঁওকেইখনত বিতৰণ কৰিছোঁ৷ কাজিগড়ৰ আর্হিত ডিমৰীয়াৰ এই গাঁওকেইখনক লৈ আমি চকলেট ভিলেজ গঢ়ি তোলাৰ প্রয়াস কৰিছোঁ৷ পৰৱর্তী পর্যায়ত ২,০০০ বিঘা মাটিত এই খেতি কৰি ডিমৰীয়াৰ চকলেট ভিলেজক পর্যটন কেন্দ্র হিচাপে গঢ়ি তোলাৰো চেষ্টা কৰিছোঁ৷ কাৰণ ডিমৰীয়াৰ পৰা উক্ত গাঁওকেইখনৰ মাজেৰে বর্ণিহাট হৈ মেঘালয়লৈ যাব পাৰি৷’
সঞ্জয় চাংকাকতিয়ে এই প্রসংগত কয় যে চকলেটৰ আন্তর্জাতিক বজাৰত ঘানা, কেমৰুন, নাইজেৰিয়া আদি দেশে ৭০ শতাংশ ক’ক’ ৰপ্তানি কৰি আহিছে৷ আমাৰ ভাৰতবর্ষত কেৰালা, তামিলনাডু, কর্ণাটকত ক’ক’ গছ যথেষ্ট পৰিমাণে উৎপাদন হয় যদিও দেশত চকলেট প্রস্তুত কৰাৰ বাবে প্রয়োজন হোৱা চাহিদাৰ এক চতুর্থাংশও পূৰণ নহয়৷ এনে পৰিস্থিতিত অসমত ক’ক’ খেতি কৰি উপার্জন বৃদ্ধি কৰাৰ প্রচুৰ সম্ভাৱনা আছে৷ কাকতিয়ে লগতে কয় যে এক কিলোগ্রাম ক’ক’ পাউডাৰ ৮০০ৰ পৰা ১,২০০ টকাত বিক্রী হয়৷ আনহাতে, প্রতিকিলো ক’ক’বিন ১৫০ৰ পৰা ২০০ টকাত বিক্রী হয়৷ ক’ক’ পাউডাৰেৰে অকল কেডবেৰী, কিটকাট আদি চকলেট প্রস্তুত কৰাই নহয়, কেক, পেষ্টি আদি বনোৱাৰ লগতে এৰ’মা থেৰাপীতো ইয়াক ব্যৱহাৰ কৰা হয়৷ গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বজাৰত ক’ক’ খেতিৰ মূল্য কিমান৷ ডিমৰীয়াৰ উক্ত গাঁওকেইখনত এবিঘা তামোলৰ বাৰীত ১৪০ জোপাকৈ ক’ক’ গছ ৰোপণ কৰা হৈছে আৰু এই গছৰ পৰা ৫০ বছৰ পর্যন্ত ফচল উৎপাদন হয়৷ আনহাতে, ক’ক’ খেতিৰ বাবে যি তাপমাত্রা, উষ্ণতা আৰু আর্দ্রতাৰ প্রয়োজন হয়, সেয়া অসমৰ জলবায়ুত প্রাকৃতিকভাৱে উপলব্ধ৷ এই খেতিত ৪০–৫০ শতাংশ ছাঁৰ প্রয়োজন হয় আৰু সেয়া অসমৰ তামোলৰ বাৰীত পোৱা যায়৷ ইতিমধ্যে মৌপুৰ গাঁৱত উৎপাদন কৰা ক’ক’ গছৰ ফচলেৰে থলুৱাভাৱে চকলেট প্রস্তুত কৰি ‘মৌ চকলেট’ নামকৰণ কৰা হৈছে৷ নতুন বর্ষৰ পৰা এই চকলেট তথা ক’ক’ পাউডাৰ বাণিজ্যিকভাৱে বজাৰলৈ উলিয়াই দিয়া হ’ব৷ সঞ্জয় চাংকাকতিয়ে লগতে কয় যে কেৰালাৰ কাজিগড়ত ঘৰে ঘৰে প্রস্তুত কৰা ভিন্ন স্বাদৰ চকলেটৰ সোৱাদ ল’বলৈ দৈনিক দেশী–বিদেশী পর্যটকৰ আগমন হয়৷ অসমৰ ডিমৰীয়া অঞ্চলতো চকলেট ভিলেজ গঢ়ি তুলি ইয়াক পর্যটন কেন্দ্র ৰূপ দিব পাৰিলে সেই অঞ্চলৰ মেঘালয়লৈ যাতায়াত কৰা যাত্রীসকলে স্থানীয়ভাৱে প্রস্তুত কৰা চকলেটৰ সোৱাদ ল’ব পাৰিব আৰু তেতিয়া ইয়াৰ দ্বাৰা গ্রাম্য অর্থনীতি টনকিয়াল কৰিব৷ যি সময়ত বহু শিক্ষিত নিবনুৱাই এটা চৰকাৰী চাকৰিৰ আশাত ইটোৰ পাছত সিটো পৰীক্ষাৰ বাবে প্রস্তুতি চলায়ো সংস্থাপন লাভৰ পৰা বঞ্চিত হৈ সময় অতিবাহিত কৰিছে, সেই সময়ত ডিমৰীয়াৰ কৃষকসকলে আৰম্ভ কৰা এই নতুন কৃষি বিপ্লৱে বহুতৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে৷