নিয়মীয়া বাৰ্তা ১২ জুনঃ ৰাজ্যৰ পার্বত্যভূমিলৈ আহিছে এটা সুখবৰ৷ ৰাজ্যত ক’ৰোনাৰ সংক্রমণ বৃদ্ধি পোৱাৰ সময়তে ডিফু মেডিকেল কলেজ হাস্পতালত পৰীক্ষাগাৰলৈ আই এম চি আৰে প্রদান কৰিছে স্বীকৃতি৷ এই স্বীকৃতি অনুসৰি কাইলৈৰ পৰা পৰীক্ষাগাৰটোত সম্পন্ন হ’ব ক’ভিড–১৯ৰ পৰীক্ষা৷ আজি পৰীক্ষাগাৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ পূর্বে যোৰহাট মেডিকেল কলেজলৈ পার্বত্য অঞ্চলৰ লোকৰ নমুনা প্রেৰণ কৰা হৈছিল৷ বর্তমানৰ পৰা এই পৰীক্ষা ডিফুত সম্পন্ন হোৱাৰ ফলত দুই–তিনি দিনৰ ভিতৰতে ফলাফল লাভ কৰিব পৰা যাব৷ ডিফুত পৰীক্ষাগাৰ স্থাপন হোৱাত ক’ৰোনাবিৰোধী যুঁজখনত কার্বি আংলং, ডিমা হাছাও, পশ্চিম কার্বি আংলঙৰ উপৰি চুবুৰীয়া জিলাসমূহো লাভান্বিত হ’ব বুলি মন্তব্য কৰে মুখ্য কার্যবাহীগৰাকীয়ে৷ তেওঁ ক’ভিড–১৯ত মৃত্যুবৰণ কৰা কার্বি আংলঙৰ প্রথমগৰাকী লোকৰ মৃতদেহ সৎকাৰক লৈ সৃষ্টি হোৱা অবাঞ্ছিত ঘটনাক দুর্ভাগ্যজনক আখ্যা দিয়ে৷ পুনৰ যাতে জিলাখনত এনে ঘটনা সংঘটিত নহয়, তাৰবাবে পৰিষদে সকলোধৰণৰ ব্যৱস্থা গ্রহণ কৰা বুলিও তেওঁ জানিবলৈ দিয়ে৷ উল্লেখ্য যে অলপতে দুদিনীয়া ভ্রমণ সূচীৰে ডিমা হাছাও আৰু পশ্চিম কার্বি আংলং ভ্রমণ কালতে স্বাস্থ্য মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ডিফু মেডিকেল কলেজৰ পৰীক্ষাগাৰলৈ আই চি এম আৰ–এ স্বীকৃতি প্রদান কৰাৰ কথা ঘোষণা কৰি গৈছিল৷ আজি ক’ভিড ১৯ পৰীক্ষাগাৰটো মুকলি কৰা অনুষ্ঠানটোত সাংসদ হৰেণছিং বে’ৰ উপৰি স্বায়ত্ত পৰিষদৰ কেইবাগৰাকী কার্যবাহী সদস্য উপস্থিত থাকে৷