নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰে গ্রহণ কৰা পদক্ষেপৰ বাবে পাহাৰীয়া জিলাখনে প্রাণপাই উঠিছেঃ মুখ্যমন্ত্রী

ডিফু মেডিকেলৰ এমবিবিএছ পাঠ্যক্রমৰ শৈক্ষিক বর্ষৰ শুভাৰম্ভ

নিয়মীয়া বাৰ্তা ৩ ফেব্ৰুৱাৰীঃ ডিফু মেডিকেল কলেজত এমবিবিএছ পাঠ্যক্রমত প্রথমটো দলৰ শৈক্ষিক বর্ষৰ আনুষ্ঠানিক শুভাৰম্ভ হয়৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত মেডিকেল কলেজখনৰ এমবিবিএছ পাঠ্যক্রমৰ প্রথমটো এশজনীয়া দলৰ মঙলবাৰে আনুষ্ঠানিকভাৱে শৈক্ষিক বর্ষৰ শুভাৰম্ভ কৰা হয়৷ এই উপলক্ষে ডিফু মেডিকেল কলেজত আয়োজিত এক সভাত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মেডিকেল কলেজখনত নামভর্তি কৰা প্রথমটো দলৰ ছাত্র–ছাত্রীসকলক কঠোৰ পৰিশ্রম আৰু প্রত্যাহ্বান অতিক্রম কৰিব পৰা মানসিকতাৰে আন্তঃৰাষ্ট্রীয় পর্যায়ত একো একোগৰাকী প্রতিষ্ঠিত চিকিৎসক হোৱাৰ বাবে সংকল্প গ্রহণৰ আহ্বান জনায়৷ কার্বি পাহাৰৰ চিকিৎসা খণ্ডত পৰিৱর্তন সাধনেৰে স্থাপন কৰা মেডিকেল কলেজখনে পাহাৰীয়া জিলাকেইখনৰ স্বাস্থ্য সেৱাৰ ক্ষেত্রত এক নতুন মাত্রা প্রদান কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে বহু সংগ্রাম আৰু প্রত্যাহ্বান অতিক্রম কৰি এই মেডিকেল কলেজখন গঢ় লৈ উঠিছে৷ ইয়াৰ বাবে তেওঁ স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শলাগ লয়৷

ভাষণত মুখ্যমন্ত্রী সোণোৱালে কয় যে ২০১৬ চনত বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখন শাসনলৈ অহাৰ পিছত প্রতিখন জিলাৰে সম–উন্নয়নত গুৰুত্ব দি দৃঢ়তাৰে পদক্ষেপ গ্রহণ কৰি আহিছে৷ এই পদক্ষেপসমূহৰ বাবে কার্বি আংলঙৰ বিকাশে নতুন গতি লাভ কৰিবলৈ সক্ষম হৈছে৷ পূর্বতে পাহাৰীয়া জিলাকেইখনৰ প্রতি কোনো গুৰুত্ব দিয়া হোৱা নাছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে কয় যে উন্নয়নৰ ক্ষেত্রত পিছপৰি থাকিবলগীয়া হোৱাৰ বাবে এই অঞ্চলৰ জনসাধাৰণৰ মনত ক্ষোভ আৰু বেদনা আছিল৷ কার্বি আংলং জিলালৈ এতিয়া শান্তি ঘূৰি আহিছে৷ এই শান্তি প্রতিষ্ঠা হোৱাৰ ফলত প্রগতি সম্ভৱ হৈ উঠিছে৷ ডিফুত এখন আইন মহাবিদ্যালয় স্থাপন কৰা হ’ব বুলিও মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ কৰে৷  এই অনুষ্ঠানতে মুখ্যমন্ত্রী সোণোৱালে কার্বি আংলং জিলাৰ কেইবাটাও প্রকল্পৰ আধাৰশিলা স্থাপন আৰু শুভ উদ্বোধন কৰে৷ ইপিনে, মন্ত্রী ড০ শর্মাই ভাষণত কয় যে ২০১১ চনৰ ১৯ জানুৱাৰীত তেওঁ স্বাস্থ্যমন্ত্রী হৈ থকা অৱস্থাত ডিফু মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিছিল৷ কিন্তু পৰৱর্তী পর্যায়ত বিভিন্ন কাৰণত মেডিকেল কলেজখনৰ নির্মাণকার্য স্থবিৰ হৈ পৰিছিল৷ ২০১৬ চনত বিজেপি মিত্রজোঁটৰ চৰকাৰ অহাৰ পিছত আৰু তেওঁ স্বাস্থ্যমন্ত্রীৰ দায়িত্ব লাভ কৰাত মেডিকেল কলেজখনৰ নির্মাণকার্য ত্বৰান্বিত হয়৷ ২০১৯ চনৰ ২৫ নৱেম্বৰত মেডিকেল কলেজখনৰ হাস্পতাল শাখা ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিয়া হয়৷

এই মেডিকেল কলেজখনত প্রথমবাৰৰ বাবে এশগৰাকী ছাত্র–ছাত্রীয়ে এমবিবিএছ পাঠ্যক্রমত নামভর্তি কৰিছে৷ পাহাৰীয়া জিলাখনত মেডিকেল কলেজখন স্থাপনৰ ক্ষেত্রত চৰকাৰে বিগত দিনত গ্রহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে উল্লেখ কৰি ভাষণত কয় যে যোৱা দশকটোত যোৰহাট, বৰপেটা, তেজপুৰ, ডিফুত মেডিকেল কলেজ স্থাপন কৰা হয়৷ সেইদৰে লখিমপুৰ, ধুবুৰী, নগাঁও, কোকৰাঝাৰ, নলবাৰী, তিনিচুকীয়াতো নতুন মেডিকেল কলেজ আৰম্ভ কৰা হৈছে৷ গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজৰ কামো আৰম্ভ হৈছে৷ অহা ৭ ফেব্রুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে চৰাইদেউ, বিশ্বনাথত আৰু দুখন মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব৷ সেইদৰে ধেমাজি, মৰিগাঁও, গোৱালপাৰা, কৰিমগঞ্জতো নতুন মেডিকেল কলেজ স্থাপন বাস্তৱায়িত কৰাৰ দিশত আগবাঢ়ি আছে৷ ২০০৬ চনত তেওঁ যেতিয়া প্রথম স্বাস্থ্যমন্ত্রীৰ দায়িত্ব লাভ কৰিছিল তেতিয়া ৰাজ্যখনত এমবিবিএছ পাঠ্যক্রমৰ আসনৰ সংখ্যা আছিল ৩৬৪খন৷ এতিয়া সেই সংখ্যা বৃদ্ধি হৈ এহেজাৰখন হৈছে৷ সেই সময়ত বিডিএছ পাঠ্যক্রমত আসনৰ সংখ্যা ৪০খন আছিল৷ এতিয়া সেই সংখ্যা ১৭৬ হৈছে৷ ২০১৬ চনত ৰাজ্যখনত পি জি পাঠ্যক্রমত আসনৰ সংখ্যা আছিল ৩৮৬৷ এতিয়া সেই সংখ্যা ৭১১লৈ বৃদ্ধি পাইছে৷ পেৰামেডিকেল আসনৰ সংখ্যা পূর্বৰ ৩৩২ৰ পৰা বৃদ্ধি পাই এতিয়া ৮১৭ হৈছে৷ ৰাজ্যখনত চিকিৎসা মহাবিদ্যালয়ৰ সংখ্যা বৃদ্ধি হোৱাৰ ফলত মধ্যবিত্ত আৰু নিম্ন মধ্যবিত্ত পৰিয়ালৰ ছাত্র–ছাত্রীসকলৰ চিকিৎসক হোৱাৰ সপোন এতিয়া সাকাৰ হৈছে৷ পাহাৰীয়া জিলাখনত স্বাস্থ্য খণ্ডৰো বিজেপি চৰকাৰৰ আমোলত উন্নয়ন সাধন হোৱাৰ উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে হামৰেন জিলা হাস্পতালৰ কাম বর্তমান দ্রুতগতিত চলি আছে৷ বোকাজান জিলা হাস্পতালৰ কামো অহা এসপ্তাহৰ ভিতৰতে আৰম্ভ হ’ব৷ ২০১৬ চনৰ পিছত স্বাস্থ্যখণ্ডত অহা বিৱর্তন, পৰিৱর্তন, উন্নয়ন আৰু বিকাশৰ যাত্রাৰ বিষয়ে ভাষণত উল্লেখ কৰি তেওঁ কয় যে মুখ্যমন্ত্রীৰ ৰোগ চিনাক্তকৰণ আঁচনিৰ জৰিয়তে এতিয়ালৈকে ৫.১৯ লাখ লোকৰ বিনামূলীয়া চিটি স্কেন, ১৫ লাখ লোকৰ বিনামূলীয়া এক্স–ৰে’, ৩৫ লাখ লোকৰ বিনামূলীয়া তেজ পৰীক্ষাৰ লগতে এতিয়ালৈ ৰাজ্যখনৰ বিভিন্ন হাস্পতালত ৮৭,৩৬২গৰাকী ব্যক্তিৰ কিড্নী ডায়েলেছিছ কৰা হৈছে৷

ইয়াৰ ভিতৰত ডিফুতে ৭২৪গৰাকী ৰোগী উপকৃত হৈছে৷ ম’বাইল মেডিকেল ইউনিটৰ জৰিয়তে ৰাজ্যখনত ৫৫ লাখ লোক উপকৃত হৈছে৷ ইয়াৰ ভিতৰত ২.৩১ লাখ ব্যক্তি কার্বি আংলং জিলাৰ৷ সেইদৰে চাহ বাগিচাত ৪৭,৭১৩গৰাকী গর্ভৱতী মহিলাক ১২ হাজাৰ টকাকৈ প্রদান কৰা হৈছে৷ অটল অমৃত অভিযানৰ জৰিয়তে ৬টাৰ পৰা ৮টা জটিল ৰোগত আক্রান্ত লোকক চিকিৎসাৰ বাবে ২ লাখ টকাকৈ বিনামূলীয়া চিকিৎসাৰ ব্যৱস্থা কৰা হৈছে৷ এই আঁচনিত এতিয়ালৈ ১.৬১ কোটি পৰিয়াল উপকৃত হৈছে৷ ইয়াৰ বাবে চৰকাৰে ১৮০ কোটি টকা ব্যয় কৰিছে৷ আয়ুস্মান ভাৰত আঁচনিৰ জৰিয়তে ১,৫০,১৫৭গৰাকী ৰোগী উপকৃত হৈছে৷ সেইদৰে জন্মতেই হূদযন্ত্রত ফুটা থকা ৮,১০০টি শিশুৰ বাংগালুৰুকে ধৰি বিভিন্ন স্থানত অস্ত্রোপচাৰৰ জৰিয়তে সুস্থ কৰি নতুন জীৱন প্রদান কৰা হৈছে৷ ব’ণ্ড মেৰু, লিভাৰ ট্রেন্সপ্লেণ্টৰ চিকিৎসাও অব্যাহত আছে৷ চেৰিব্রেল পালচিত আক্রান্ত ৫৬০টা শিশুক চিনাক্ত কৰি বিভিন্ন ধৰণে সহায় কৰাৰ বাবে স্বাস্থ্য বিভাগে পদক্ষেপ গ্রহণ কৰিছে৷ ২০১৬ চনৰ পৰা বর্তমানলৈকে স্বাস্থ্য বিভাগত সোণালী যাত্রাৰ ইতিহাস স্থাপন হোৱাৰ উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে ডিফুত নির্মাণ হৈ থকা কেঞ্চাৰ হাস্পতালখন অহা ডিচেম্বৰ মাহৰ ভিতৰত পূর্ণাংগ হৈ উঠিব৷

সেইদৰে অহা ৫ বছৰত কার্বি আংলঙত ৰাজ্যিক বিশ্ববিদ্যালয় এখন স্থাপন কৰা হ’ব বুলি ভাষণত তেওঁ ঘোষণা কৰে৷ ক’ভিড কালত ৰাজ্যৰ স্বাস্থ্য বিভাগে আগবঢ়োৱা উল্লেখনীয় বৰঙণিৰ বিষয়ে ভাষণত উনুকিয়াই কয় যে এতিয়ালৈ ৬৫ লাখ ব্যক্তিৰ নমুনা পৰীক্ষা কৰা হৈছে৷ ২.১৭ লাখ ক’ভিড ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা হয় আৰু ৯৯ শতাংশ ৰোগী সুস্থ হৈ ঘৰলৈ উভতিছে৷ ক’ভিড কালত ৰাজ্যৰ বাহিৰত আবদ্ধ হৈ থকা ৩.৯৯ লাখ লোকক আর্থিক সাহায্য আগবঢ়োৱা হয়৷ ইয়াৰ বাবে চৰকাৰৰ ১৫৫ কোটি টকা ব্যয় হয়৷ অনুষ্ঠানত অংশগ্রহণ কৰি কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে ডিফু মেডিকেল কলেজখন পার্বত্য জিলাবাসীৰ বাবে উছর্গা কৰিবলৈ সক্ষম হোৱাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শলাগ লয়৷ পার্বত্য অঞ্চল বিভাগৰ মন্ত্রী ছুম ৰংহাঙেও পাহাৰীয়া জিলাবাসীক এখন মেডিকেল কলেজ উপহাৰ দিয়াৰ বাবে মুখ্যমন্ত্রী আৰু স্বাস্থ্যমন্ত্রীক কৃতজ্ঞতা প্রকাশ কৰে৷ আজিৰ এই অনুষ্ঠানত ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা, ডিফুৰ সাংসদ হৰেনছিং বে’, বিধায়ক জয়ৰাম ইংলেং, ডাঃ মানছিং ৰংপি, ডাঃ নোমল মমিন, স্বাস্থ্য বিভাগৰ প্রধান সচিব সমীৰ কুমাৰ সিন্হা, ডিফু মেডিকেল কলেজৰ অধ্যক্ষ সুমিত্রা হাগজেৰকে ধৰি স্বাস্থ্য বিভাগৰ শীর্ষ বিষয়াসকল উপস্থিত থাকে৷

You might also like