কাৰ্বি পাহাৰত আনন্দৰ বন্যাঃ ডিফু চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ এমবিবিএছ পাঠ্যক্ৰম
নিয়মীয়া বাৰ্তা, ২ ফেব্ৰুৱাৰীঃ আজি ডিফু চিকিৎসা মহাবিদ্যালয়ত এমবিবিএছ পাঠ্যক্ৰমৰ প্ৰথম শৈক্ষিক বৰ্ষ মুকলি কৰা হয়। শৈক্ষিক বৰ্ষ মুকলি অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ড০ হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী পীযূষ হাজৰিকা।
মুখ্যমন্ত্ৰী সোণোৱালে নিজ ভাষণত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পৰিশ্ৰমৰ শলাগ লোৱাৰ লগতে পীযূষ হাজৰিকাৰ কৰ্মকো প্ৰশংসা কৰে। তেওঁ লগতে কয় যে ৰাজ্যৰ বিজেপি চৰকাৰে অসমক ভাৰতৰ এখন উন্নত ৰাজ্য ৰূপে গঢ় দিয়াৰ লক্ষ্য লৈছে। উপস্থিত ছাত্ৰ-ছাত্ৰীক লক্ষ্য কৰি মুখ্যমন্ত্ৰীয়ে নতুন প্ৰজন্মই পৰিশ্ৰম আৰু অধ্যৱসায়ৰ মাজেৰে নিজ সপোন বাস্তৱায়িত কৰিব লাগিব বুলি পৰামৰ্শ প্ৰদান কৰে।
আনহাতে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিফু চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা ১৯ জানুৱাৰী ২০১১ত স্থাপন কৰাৰ দিনৰে পৰা মহাবিদ্যালয়খন নিৰ্মাণ কৰাৰ বাবে কৰা প্ৰচেষ্টাৰ চমু অৱলোকন কৰে। তেওঁ কয় যে এটা সময়ত নিৰ্মাণকাৰ্য অতি স্তিমিত হৈ পৰিছিল যদিও ইয়াক আজিৰ ৰূপ দিবলৈ সক্ষম হোৱাত পৰম সুখ অনুভৱ কৰিছে।
ড০ শৰ্মাই কয়- ‘নিৰ্মাণৰ সময়ত, নিযুক্তিৰ সময়ত বিভিন্ন ধৰণৰ বাধা অতিক্ৰম কৰিব লগা হৈছিল। চাওঁতে চাওঁতে এই হাস্পতালৰ মেডিকেল বিভাগটো ২৫ নৱেম্বৰ ২০১৯ত মুকলি কৰি দিয়া হয় আৰু আজি ১০০গৰাকী ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰে ইয়াৰ শৈক্ষিক বৰ্ষ শুভাৰম্ভ কৰিবলৈ সক্ষম হৈছো।’
মন্ত্ৰীগৰাকীয়ে লগতে অসম চৰকাৰে লখিমপুৰ, ধুবুৰী, নগাঁও, কোকৰাঝাৰ, নলবাৰী, তিনিচুকীয়া, গুৱাহাটী (দ্বিতীয়খন), ধেমাজি, মৰিগাঁও, গোৱালপাৰা, কৰিমগঞ্জত নতুন চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণৰ প্ৰসংগ উল্লেখ কৰে।
উল্লেখ্য, ডিফু চিকিৎসা মহাবিদ্যালয়ৰ শৈক্ষিক বৰ্ষৰ লগতে আন বহুকেইটা উন্নয়নমূলক কাৰ্যৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী আৰু বিত্তমন্ত্ৰীগৰাকীয়ে।