নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বান–আশ্রয় শিবিৰঃ দুর্যোগ প্রশমন বিভাগৰ এছঅ’পি জাৰি

 নিয়মীয়া বাৰ্তা, ২ জুনঃ সম্ভাব্য বানক লৈ ৰাজ্য চৰকাৰে প্রতিৰোধমূলক আঁচনি গ্রহণ কৰাৰ সময়তে বানৰ সময়ছোৱাত ক’ভিডৰ সংক্রমণক লৈ সচেষ্ট হৈ পৰিছে ৰাজ্যিক দুর্যোগ প্রশমন প্রাধিকৰণ৷ এই লক্ষ্যৰে দুর্যোগ প্রশমন প্রাধিকৰণে জাৰি কৰিছে এক নতুন এছঅ’পি৷ সেই অনুসৰি বানাক্রান্ত এলেকাত স্থাপন হ’ব লগা  সাহায্য শিবিৰৰ ক্ষেত্রত ক’ভিড প্রট’কল মানি চলাৰ বিশেষ নির্দেশ দিয়া হৈছে জিলা উপায়ুক্তসকলক৷ ইতিমধ্যে দুর্যোগ প্রশমন প্রাধিকৰণে প্রতিখন জিলাৰ উপায়ুক্তলৈ নতুন এছঅ’পিৰ নির্দেশনা প্রেৰণ কৰিছে৷

নতুন এছঅ’পি অনুসৰি অতিৰিক্ত সাহায্য শিবিৰ স্থাপনৰ নির্দেশনা দিয়াৰ লগতে ক্ষতিগ্রস্ত গাঁৱৰ জনসংখ্যাৰ ওপৰত ভিত্তি কৰি সাহায্য শিবিৰ বৃদ্ধি কৰাৰ বাবেও নির্দেশনা দিয়া হৈছে৷ আনহাতে একেটা সাহায্য শিবিৰত অতিকমেও সাত বর্গমিটাৰ ঠাই থকাটো নিশ্চিত হ’ব লাগিব, যাতে সামাজিক দূৰত্ব মানি চলিব পৰা যায়৷ পূর্বে এই দূৰত্ব ৩.৫ বর্গমিটাৰ কৰা হৈছিল৷ নতুন এছঅ’পি অনুসৰি প্রতিটো সাহায্য শিবিৰত পর্যাপ্ত শৌচাগাৰৰ ব্যৱস্থা কৰাৰ লগতে অতিৰিক্তভাৱে শিবিৰৰ আশে–পাশে আন কেইবাটাও শৌচাগাৰ স্থাপনৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগক ইয়াৰ জৰিয়তে নির্দেশনা দিয়া হৈছে৷ তদুপৰি খোৱাপানী যোগান আৰু চিকিৎসাৰ সা–সুবিধাও মজুত কৰাৰ বাবে এছঅ’পিত নির্দেশনা দিয়া হৈছে৷

সাহায্য শিবিৰত থকা ৰান্ধনিঘৰ অথবা আহাৰ প্রস্তুত কৰা ঘৰ সকলো দিনটোত অতিকমেও তিনিবাৰকৈ ছেনিটাইজ কৰাৰ নির্দেশনা দিয়া হৈছে এছঅ’পিত৷ উল্লেখ্য যে প্রতিখন জিলালৈ এই এছঅ’পি প্রেৰণ কৰাৰ পূর্বে দুর্যোগ প্রশমন প্রাধিকৰণে ইতিমধ্যে জিলা উপায়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে বান প্রতিৰোধৰ বিস্তৃত আলোচনা সম্পন্ন কৰিছে৷

You might also like