নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ : সকলো কার্যকৰ্তাক বানাক্ৰান্তৰ মাজলৈ যোৱাৰ নিৰ্দেশ : পথ মেৰামতিৰ কাম পৰিদৰ্শন হোজাইৰ বিধায়কৰ

নিয়মীয়া বার্তা, ২৩মে : হোজাইৰ বৰপুখুৰী পঞ্চায়ত কাৰ্যালয়ত কালি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণ কৰা হয়। বিজেপিৰ যোগিজান মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত চেক বিতৰণি অনুষ্ঠানত অতিথি হিচাপে হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষ, জিলা সভাপতি অনুপ দেৱ, মণ্ডল সমিতিৰ বিষয় ববীয়া সহ দুই শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটো পৰিচালনা কৰে মণ্ডল সমিতিৰ সাধাৰণ সম্পাদক জহৰ চক্ৰৱৰ্তীয়ে। মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণি অনুষ্ঠানত ভাষণ প্ৰদান কৰি হোজাইৰ বিধায়ক ৰামকৃষ্ণ ঘোষে কয় যে বিভিন্ন বেমাৰত ভুগি থকা লোক সকলে বহু সময়ত ধনৰ অভাৱত চিকিৎসা কৰিবলৈ সমৰ্থ নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুখীয়া ৰাইজক কিছু পৰিমাণে সকাহ দিবলৈ মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ পৰা চিকিৎসাৰ বাবে ১হাজাৰ টকাৰ পৰা ২০ হাজাৰ টকা লৈকে ধন দিয়াৰ ব্যৱস্থা কৰিছে যদিও বৰ্তমান কিছু বেমাৰৰ বাবে চিকিৎসাত খৰছ হোৱা ৰচিদ থাকিলে ৩ লাখ টকা লৈকে সাহায্য পোৱাৰ ব্যৱস্থা আছে। হোজাই সমষ্টিৰ যোগিজান মণ্ডলৰ অধীনৰ ১৩ খন গাওঁ পঞ্চায়তৰ ১৬৩ গৰাকী লোকক মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ চেক বিতৰণি অনুষ্ঠানত বিধায়ক গৰাকীয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বিজেপি চৰকাৰৰ বিভিন্ন জনকল্যান মুখী আঁচনি সন্দৰ্ভত ৰাইজক অৱগত কৰাৰ লগতে বানৰ সময়ছোৱাত তেওঁৰ আহ্বানৰ প্ৰতি সহাৰি জনাই যিসকল লোক, দল-সংগঠনে বানাক্ৰান্ত লোকক বিভিন্ন প্ৰকাৰে সহায়-সহযোগ আগবঢ়াইছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। অনুষ্ঠানত জিলা সভাপতি অনুপ দেবে দলৰ কাৰ্য্যকৰ্তা সকলে জিলা প্ৰশাসনৰ লগত সহযোগ কৰি বানৰ সময়চোৱাত নিজৰ জীৱনৰ কথা চিন্তা নকৰি বানৰ মাজত আৱদ্ধ হৈ থকা লোকক উদ্ধাৰৰ বাবে নাওঁ লৈ যিদৰে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰি সদায় ৰাইজৰ স্বাৰ্থত কাম কৰি যাবলৈ আহ্বান জনায় । মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ চেক বিতৰণ কাৰ্যসূচীৰ পিছতে বিধায়ক জনে বিজেপিৰ যোগিজান মণ্ডলৰ এখন কৰ্মী সভাত অংশগ্ৰহণ কৰি দলৰ সকলো কৰ্মকর্তাই এতিয়া নিজৰ ঘৰত বহি থকাৰ সময় নহয় , বৰ্তমান ৰাইজৰ দুখত সমভাগি হোৱাৰ সময় , দলীয় সকলো কৰ্মকর্তাই বানাক্ৰান্তৰ কাষলৈ গৈ তেওঁলোকৰ অভাৱ অভিযোগৰ উপৰিও চৰকাৰে প্ৰদান কৰা সাহায্য সমগ্রী সঠিক ভাবে লাভ কৰিছেনে নাই তাৰ খবৰ লব লাগে বুলি নিজ ভাষণত মন্তব্য কৰে । উক্ত সভাত জিলা সভাপতি অনুপ দেবে অংশগ্ৰহন কৰি দলৰ সকলো কৰ্মকর্তাই বানপানীৰ পিছত বানাক্ৰান্ত সকলৰ হব পৰা সাম্ভাব্য অসুখৰ পৰা কি দৰে ৰক্ষা কৰিব পাৰি সেই দিনত নজৰ দি পৰ্যাপ্ত চিকিৎসা সেৱা প্ৰদান কৰিবলৈ আহ্বান জনায় । এই সভাত সভাপতিত্ব কৰে বিজেপিৰ যোগিজান মণ্ডলৰ সভাপতি পিন্টু দাসে । এই সভাৰ পিছত বিধায়ক জনে বানে বিধস্ত কৰা হোজাই-পশ্চিম কাৰ্বি আংলং গড়কাপ্তানী পথৰ মেৰামতিৰ কাম পৰিদৰ্শন কৰি নিৰ্মান কাৰ্যৰ বুজ লয় । পৰিদৰ্শন কালত বিধায়ক জনে পথটোৰ মেৰামতিৰ কামত জড়িত থকা ঠিকাদাৰক পথটো ভালকৈ মেৰামতি কৰিবলৈ নিৰ্দেশ দিয়ে। ইপিনে পৰিদৰ্শন কালত উপস্থিত সাংবাদিক সকলক বিধায়ক গৰাকীয়ে জানিবলৈ দিয়া মতে বানৰ ফলত বিধস্ত হোৱা বাট-পথ সমূহ যাতে ৰাইজৰ সুবিধাৰ্থে মেৰামতি কৰা হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰা হব। আজি বিধায়ক গৰাকীয়ে হোজাই সমষ্টিৰ ৰাজবাড়ী, পূৱ শলমাৰীজান , বিশ্বাসপাৰা, ফতেহপুৰ, কোমৰাকাটা আদি বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বানত বিধস্ত হোৱা বাট-পথ মেৰামতিৰ সন্দৰ্ভত ৰাইজৰ লগত মত বিনিময় কৰি বিধস্ত হোৱা পথৰ কাম আৰম্ভ কৰা হব বুলি আশ্বাস প্ৰদান কৰে। ইপিনে পৰিদৰ্শন কালত ৰাইজে বিধায়ক গৰাকীক পূৱ শলমাৰীযান অঞ্চলৰ চিঙিনালা মথাউৰী, চুইছ গেইট, শিৱ মন্দিৰ চৌহদ মেৰামতি, ৰাধা কৃষ্ণ মন্দিৰ চৌহদ মেৰামতি, কালী মন্দিৰ চৌহদ মেৰামতি, পথ মেৰামতি, বিশ্বাস পাৰা পথ আৰু মন্দিৰ মেৰামতি, ফতেহপুৰ পথ মেৰামতিৰ আৰু কোমৰাকাটা অঞ্চলৰ এটা কলভাৰ্ট নিৰ্মানৰ আহ্বান জনোৱাত বিধায়ক গৰাকীয়ে কাম আৰম্ভ কৰাৰ আশ্বাস দিয়ে।

প্ৰেৰক কিশলয় ডি গোস্বামী

You might also like