নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত খোৱাপানীৰ বটলিং প্ৰতিষ্ঠান ছীল

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ খোৱা পানী বটলিং প্লান্ট স্থাপন কৰি ৰাইজক বিশুদ্ধ খোৱা পানীৰ নামত একাংশ প্ৰতিষ্ঠানে বৰ বিহ খোৱাই অহাৰ অভিযোগ নতুন নহয় । শেহতীয়াকৈ মৰিয়নিতো একাধিক এনে ধৰণৰ খোৱা পানী বটলিং প্লান্ট স্থাপন কৰি জধে মধে ৰাইজক নিম্নমানৰ বটল খোৱা পানীৰ বিক্ৰী কৰি আহিছে । কিন্তু দীৰ্ঘদিন ধৰি এনে একাংশ প্ৰতিষ্ঠানৰ বিৰুদ্ধে উত্থাপিত হৈ অহা অভিযোগৰ পৰিপ্ৰেক্ষিতত আজি মৰিয়নি পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া তথা তিতাবৰ মহকুমাৰ কাৰ্য্যবাহী দণ্ডাধীশ ডাঃ বিশ্বজিত বৰাৰ নেতৃত্বত যোৱা এটা দলে আজি এক অভিযান চলায় । দলটোৱে মৰিয়নি নগৰৰ পূৰ্বৰ ২ আৰু ৩ নং ৱাৰ্ডত স্থাপন কৰা দুটাকৈ পানীৰ বটলিং প্লান্টত অভিযান চলায় । এই সন্দৰ্ভত জানিব পৰা মতে, পূৰ্বৰ দুই নং ৱাৰ্ডৰ উদয়পুৰত স্থাপন কৰা ‘প্ৰিন্স’ নামৰ খোৱা পানীৰ বটলিং প্লান্টত আজি প্ৰথমে অভিযান চলায় । পিযুছ বিশ্বাস নামৰ এজন লোকে এই ব্যৱসায় চলাই আহিছে । দলটোৱে খোৱা পানীৰ নমুনা পৰীক্ষাৰ বাবে এটা পানীৰ বটল জব্দ কৰি আনে । আনহাতে, পূৰ্বৰ তিনি নং ৱাৰ্ডৰ ষ্টেচন ৰোডৰ সমীপত খোৱা পানীৰ নামত চলাই অহা আন এটা প্ৰতিষ্ঠানতো অভিযান চলায় । ‘লাইফ’ নামৰ এই প্ৰতিষ্ঠানটোত কেবাটাও বিসংগতি ধৰা পেলায় দলটোৱে । আনকি বহুদিনৰ পৰা খোৱা পানীৰ নামৰ ব্যৱসায় চলাই আহিছে যদিও বৰ্তমানলৈকে খোৱা পানীৰ বটলসমূহত প্ৰতিষ্ঠানৰ ষ্টিকাৰ ব্যৱহাৰ কৰা নাই বুলি অভিযানকাৰী দলটোৱে জানিবলৈ দিয়ে । ফলত প্ৰতিষ্ঠানটোৱে অসৎ উপায় অৱলম্বন কৰাতো ধৰা পৰে । জিত সৰকাৰ নামৰ এজন লোকে এই প্ৰতিষ্ঠানটো চলাই অহা বুলিও দলটোৱে লগতে জানিবলৈ দিছে । পানীৰ গুণগত মানৰ ওপৰতো সন্দেহ উপজে । দলটোৱে এই খোৱা পানীৰ বটলিং প্ৰতিষ্ঠানটো ‘ছীল’ কৰি দিয়ে । তিতাবৰ মহকুমাৰ কাৰ্য্যবাহী দণ্ডাধীশ ডাঃ বিশ্বজিত বৰাৰ নেতৃত্বত মৰিয়নি পৌৰসভাৰ গোপাল গগৈ, মৃদুল শইকীয়া, অভিজিত দে আদিয়ে আজি অভিযানত ভাগ লয় । উল্লেখযোগ্য যে, অধিকাংশ ২০ লিটাৰ বটলত এনে প্ৰতিষ্ঠানসমূহে পানীৰ ব্যৱসায় কৰি আহিছে । কিন্তু পানীৰ গুণগত মানৰ ওপৰত বিভিন্ন সময়ত অভিযোগ উত্থাপিত হৈ আহিছে । এই ক্ষেত্ৰত আজি প্ৰশাসন আৰু পৌৰসভাই অভিযান চলোৱা কাৰ্য্যই তাৎপৰ্য বহন কৰিছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like