নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভিলেখঃ অসমত দুই কোটি ক’ভিড ভেকচিন প্রদান

নিয়মীয়া বাৰ্তা, ১২ ছেপ্টেম্বৰঃ ক’ভিড প্রতিষেধকৰে ৰাজ্যবাসীক ক’ভিড সুৰক্ষা কৱচ প্রদানৰ দিশত ৰাজ্য চৰকাৰে অব্যাহত ৰখা অভিযানে শনিবাৰে এক উল্লেখনীয় সফলতা লাভ কৰিবলৈ সক্ষম হয়৷ ৰাজ্যবাসীৰ মাজত ২ কোটি পালি ক’ভিড প্রতিষেধক প্রদানৰ সীমা আজি অতিক্রম কৰে ৰাজ্যত চলি থকা ক’ভিড প্রতিষেধক অভিযানে৷

ক’ভিড প্রতিষেধক অভিযানৰ অধীনত অসমত শনিবাৰে সন্ধিয়ালৈকে মুঠ ২,০০,০২,৬৫৯ পালি ক’ভিড প্রতিষেধক দিবলৈ সক্ষম হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ৷ ভাৰত চৰকাৰৰ ক’উইন এপত আজি সন্ধিয়ালৈ পঞ্জীয়ন হোৱা তথ্য অনুসৰি এতিয়ালৈকে অসমত ১,৬৩,৩১,৯৮৭গৰাকী লোকক প্রথম পালি আৰু ৩৬,৭০,৬৬৯গৰাকী লোকক দ্বিতীয় পালি ক’ভিড প্রতিষেধক প্রদান কৰা হৈছে৷

উল্লেখ্য যে দেশৰ আন ৰাজ্যৰ লগতে অসমতো যোৱা ১৬ জানুৱাৰীত ক’ভিড প্রতিষেধক প্রদান অভিযান আৰম্ভ হোৱাৰ পাছত যোৱা ২৭ জুলাইত ১ কোটি পালি প্রতিষেধক প্রদানৰ সফলতা অর্জন কৰিবলৈ হৈছিল ৰাজ্যৰ স্বাস্থ্য বিভাগ৷

আনহাতে, যোৱা ২৮ জুলাইৰ পৰা আজিলৈকে মাথোঁ ৪৬ দিনৰ ভিতৰতে এক কোটি লোকক ক’ভিড প্রতিষেধক প্রদানত সফলতাৰে মুঠ ২ কোটি পালি প্রতিষেধকৰ সীমাও অতিক্রম কৰিলে বিভাগটোৱে৷ এই সফলতাৰ বাবে ৰাজ্যবাসীক অভিনন্দন জনোৱাৰ লগতে এ এন এম তথা স্বাস্থ্যকর্মীসকলক স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই ধন্যবাদ জনাইছে৷ স্বাস্থ্যমন্ত্রী মহন্তই শনিবাৰে এক বার্তাত উল্লেখ কৰে– ‘মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দিক দর্শনত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে ৰাজ্যবাসীক ক’ভিড অতিমাৰীৰ পৰা সুৰক্ষিত কৰিবলৈ চলাই থকা ক’ভিড প্রতিষেধক অভিযানে আজি আন এক মহত্ত্বপূর্ণ সফলতা লাভ কৰিলে৷ ৰাজ্যবাসীৰ ব্যাপক সঁহাৰিৰ বাবেই অসমে ২ কোটি পালি ক’ভিড প্রতিষেধক প্রদানৰ সীমা অতিক্রম কৰিবলৈ সক্ষম হৈছে৷

ৰাজ্যবাসীৰ মাজত ক’ভিড প্রতিষেধক প্রদানত মূল ভূমিকা লোৱা প্রতিগৰাকী এ এন এম তথা স্বাস্থ্যকর্মী, আশাকর্মী, গাঁওবুঢ়া, স্বাস্থ্য বিভাগৰ বিষয়া–কর্মচাৰীসক ইয়াৰ বাবে চৰকাৰৰ তৰফৰ পৰা বিশেষভাৱে কৃতজ্ঞতা জ্ঞাপনৰ লগতে জিলাসমূহত এই ক’ভিড প্রতিষেধক অভিযান সুনিয়াৰিকৈ তদাৰক কৰাৰ বাবে জিলা প্রশাসনসমূহলৈও ধন্যবাদ জনাইছে৷’ ১৮ বছৰৰ ঊর্ধ্বৰ সকলোৰে বাবে বিনামূলীয়া ক’ভিড প্রতিষেধক প্রদানৰ সুবিধা আগবঢ়োৱাৰ লগতে অসমলৈ বিশেষ উদ্যোগ লৈ ক’ভিড প্রতিষেধক প্রেৰণৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু কেন্দ্রীয় স্বাস্থ্যমন্ত্রী মনসুখ মন্দাভিয়াৰ প্রতি স্বাস্থ্যমন্ত্রী মহন্তই ৰাজ্যবাসীৰ হৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে৷

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে ১৮ বছৰৰ ঊর্ধ্বৰ সকলোৰে বাবে বিনামূলীয়া প্রতিষেধক মুকলিৰ সিদ্ধান্ত লোৱাৰ পাছতে ৰাজ্যৰ স্বাস্থ্য বিভাগে অসমত যোৱা ২১ জুনৰ পৰা ক’ভিড প্রতিষেধক অভিযান জোৰদাৰ কৰি তোলে৷ সেইমতে, ৰাজ্যত আৰম্ভণিৰ পৰা শনিবাৰলৈকে স্বাস্থ্যকর্মীসকলৰ মাজত মুঠ ৩,৯৫,৬৩৪ পালি, আৰক্ষীসহ ফ্রণ্ট লাইন ৱর্কাৰৰ মাজত মুঠ ৮,১১,৯২৯ পালি, ১৮ বছৰৰ ঊর্ধ্বৰ পৰা ৪৫ বছৰৰ অনূর্ধ্বৰ মাজত ১,০৯,১৯,৫৫৩ পালি, ৪৫ বছৰৰ পৰা ৬০ বছৰ অনূর্ধ্বৰ লোকৰ মাজত ৫৩,৩১,০০২ পালি আৰু ৬০ বছৰৰ ঊর্ধ্বৰ লোকৰ মাজত ২৫,৪৪,৯১৯ পালি ক’ভিড প্রতিষেধক প্রদান কৰিছে স্বাস্থ্য বিভাগে৷

ইফালে, অহা ১৩ ছেপ্ঢেম্বৰৰ পৰা ৰাজ্যত দৈনিক গডে ৪ লাখগৰাকীকৈ লোকক ক’ভিড প্রতিষেধক প্রদানৰ লগতে কেইবাখনো জিলাত ভ্রাম্যমাণ ক’ভিড প্রতিষেধক প্রদান ভানৰ জৰিয়তে চুবুৰিয়ে চুবুৰিয়ে গৈ ৰাইজক প্রতিষেধক দিয়াৰ বিশেষ কার্যসূচী গ্রহণ কৰিছে৷ ৰাজ্যৰ ১৮ বছৰৰ ঊর্ধ্বৰ সকলো লোককে অক্টোবৰৰ ১৫ তাৰিখৰ পূর্বেই প্রথম পালি ক’ভিড প্রতিষেধক দি সম্পূর্ণ কৰিব পৰা যাব বুলিও বিভাগটোৱে আশা কৰিছে৷

You might also like