বিশেষ বাৰ্তা, ১জুলাইঃ নগাঁৱৰ ১৫ খনকৈ থানালৈ আজি নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ জৰিয়তে প্ৰদান কৰা হ’ল একোটাকৈ কম্পিউটাৰ, প্ৰিন্টাৰ আৰু জেৰক্স মেচিন৷ নগাঁও আৰক্ষী চাউনিৰ প্ৰেক্ষাগৃহত আজি অনুষ্ঠিত এক আনুষ্ঠানিক কম্পিউটাৰ বিতৰণ সভাত আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক এই সামগ্ৰীসমূহ প্ৰদান কৰা হয়৷ বৰ্তমান সময়ত যিহেতু অনলাইন আৰু খৰতকীয়াভাৱে সকলো কাৰ্য সম্পাদনৰ ব্যৱস্থা কৰা হৈছে সেয়ে আৰক্ষী থানাসমূহৰ সুবিধাৰ বাবে চৰকাৰীভাৱে আৱন্টিত ধনৰাশিৰ পৰা এই কম্পিউটাৰ প্ৰদান কৰা হৈছে৷ সামগ্ৰী সমূহ প্ৰদান কৰি সাংবাদিকৰ আগত আৰক্ষী অধীক্ষক লীনা দলেই কয়,”মুখ্যমন্ত্ৰীয়ে কনটিজেন্সি ফাণ্ডত আঢ়ৈ লাখকৈ টকা প্ৰতি খন আৰক্ষী থানালৈ আগবঢ়াইছে।যাতে আৰক্ষী থানাৰ কাম সমূহ সম্পাদনত একো অসুবিধাৰ সৃষ্টি নহয়।আমাৰ ১৫খন থানাৰ বাবে অতি প্ৰয়োজনীয় কি সামগ্ৰী লাগে সেই বিষয়ে পৰ্যালোচনা কৰি প্ৰতিখন আৰক্ষী থানালৈ একোটাকৈ কম্পিউটাৰ,প্ৰিন্টাৰ,জেৰক্স মেচিন যোগানৰ সিদ্ধান্ত লোৱা হয়।কনটিজেন্সি ধনৰে সেই সমূহ সামগ্ৰী কিনি আজি ১৫খন থানাৰ অ’চি সকলক প্ৰদান কৰা হয়।আজি কালি যিহেতু সকলোবোৰ কামেই কম্পিউটাৰাইজ হৈ আছে,সেয়ে এই সামগ্ৰীসমূহ বিশেষ সহায়ক হ’ব।আমি মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছো।” অনুষ্ঠানত আৰক্ষী অধীক্ষক লীনা দলেৰ উপৰিও অতিৰিক্ত আৰক্ষী অধীক্ষক(মুখ্য কাৰ্যালয়) ধ্ৰুৱ বৰা, উপঃ আৰক্ষী অধীক্ষক ত্ৰিদীপ কুমাৰ কুম্বাং আদি উপস্থিত থাকে৷
প্ৰেৰক কনক হাজৰিকা