নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰাইদেউ জিলাত ১১খন বিহু সন্মিলনলৈ চৰকাৰী অনুদান বিতৰণ

নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিল : অসম চৰকাৰে ৰাজ্যখনৰ দহ বছৰীয়া পুৰণি বিহু সন্মিলনলৈ বিহু উৎসৱ আয়োজনৰ কৰাৰ বাবে অনুদান আগবঢ়োৱাৰ ঘোষণা কৰাৰ অংশস্বৰূপে যোৱা ৬ এপ্ৰিলত চৰাইদেউ জিলাতো দহ বছৰীয়া পুৰণি বিহু সন্মিলন/ সমিতিসমুহলৈ ৰঙালী বিহু উৎসৱ আয়োজন কৰাৰ বাবে চৰকাৰী অনুদান (চেক) বিতৰণ কৰা হয়। এই উপলক্ষে চৰাইদেউ জিলা প্ৰশাসনৰ সৌজন্যত উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ, জিলা উপায়ুক্ত পল বৰুৱা, আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ উপস্থিতিত জিলাখনৰ ১১ খন ৰঙালী বিহু সন্মিলনৰ প্ৰত্যেকলৈ ১ লাখ ৫০ হাজাৰকৈ টকাৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। বৈঠকত উপায়ুক্ত পল বৰুৱাই ৰঙালী বিহু সন্মিলনৰ সভাপতি/সম্পাদক আৰু বিষয়ববীয়া সকলক চৰকাৰে দিয়া নিয়ামাৱলী সমুহ মানি চলিবলৈ আহবান জনোৱাৰ উপৰি অহা ১ বহাগৰ পৰা ৭ বহাগৰ ভিতৰত বিহু উৎসৱৰ অনুষ্ঠানসমূহ সমাপ্ত কৰিবলৈ সকলো পক্ষৰ প্ৰতি বিশেষ ভাবে আহবান জনাৱোৰ উপৰি বিহু অনুষ্ঠান আয়োজনৰ বাবে ৰাইজৰ পৰা যাতে দান-বৰঙণি সংগ্ৰহ নকৰে সেই সম্পৰ্কে বিহু সন্মিলনৰ বিষয়ববীয়া সকলক অৱগত কৰে। অনুষ্ঠানত সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে ভাষণত কয় যে, যোৱা দুবছৰে জিলাখনত কভিড-১৯ পৰিপ্ৰেক্ষিতত বিহু উৎসৱ আয়োজন কৰা হোৱা নাছিল যদিও এই বাৰ শান্তিৰে ৰঙালী বিহুৰ উৎসৱ পালন কৰিবলৈ চৰাইদেউ বাসী ৰাইজৰ প্ৰতি বিশেষ ভাবে আহবান জনায়। চৰাইদেউ জিলাত ৰঙালী বিহুৰ উৎসৱ বাবে চৰকাৰী অনুদান লাভ কৰা বিহু সমিতিসমূহ হল:- (১) সোনাৰি ৰাজহুৱা ৰঙালী বিহু সন্মিলন, (২)চৰাইদেউ জিলা ছাত্ৰ সন্হা ৰঙালী বিহু সন্মিলন, (৩) ভজো ৰাজহুৱা ৰঙালী বিহু সন্মিলন, (৪) লাকুৱা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন (স্থান -লাকুৱা গমধৰ কোঁৱৰ খেলপথাৰ), (৫) বৃহত্তৰ টীয়ক ঘাট বিহু সন্মিলন সমিতি, (৬) সন্মিলিত যুৱ সমাজ,নাফূক (৭) সাপেখাটী আঞ্চলিক ৰঙালী বিহু সমিতি, (৮) নাৰেম পথাৰ আঞ্চলিক বিহু সন্মিলন, (৯) জাপিসজিয়া সমন্নয় বিহু সমিতি, (১০) বৰহাট কে. আৰ. বিহু সমিতি আৰু (১১) মৰান আঞ্চলিক ছাত্ৰ সন্থা।
প্ৰেৰক দীপাংকৰ পাল

You might also like