কৃষকৰ উৎপাদন দুগুণলৈ বাঢ়িবঃ বজালীৰ ১৫ কৃষকৰ মাজত পাৱাৰটিলাৰ বিতৰণ মন্ত্ৰী ৰঞ্জিত দাসৰ
নিয়মীয়া বাৰ্তা, ৪ এপ্ৰিল: ৰাষ্ট্ৰীয় খাদ্য বিকাশ যোজনাৰ অধীনত বজালী জিলাৰ ১৫জন কৃষকৰ মাজত ৰাজসাহাৰ্য যুক্ত পাৱাৰটিলাৰ আজি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আনুষ্ঠানিকভাৱে বিতৰণ কৰে। পাঠশালাত থকা বজালী মহকুমা কৃষি বিষয়াৰ কাৰ্যালয় চৌহদত আয়োজিত এটি অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে ১৫খন পাৱাৰটিলাৰ বিতৰণ কৰি কয় যে, কৃষকসকলৰ যাতে উৎপাদন দুগুণলৈ বৃদ্ধি পাই সেই উদ্দেশ্যেই কেন্দ্ৰীয় চৰকাৰে এই সুন্দৰ আঁচনিখন গ্ৰহণ কৰিছে। ইয়াৰ দ্বাৰা কৃষকসকলৰ কষ্টও যথেষ্ট লাঘৱ হ’ব বুলি উল্লেখ কৰি কয় যে বৰ্তমানৰ ৰাজ্য আৰু কেন্দ্ৰীয় উভয় চৰকাৰে কৃষক সকলৰ কল্যাণৰ বাবে ভালেমান আঁচনি সফলতাৰে ৰূপায়ণ কৰিছে। জিলা কৃষি বিষয়া মণিৰাম বৰ্মনে আদৰণী ভাষণ দিয়া সভাখনত অতিৰিক্ত উপায়ুক্ত মনোজ্যোতি কুটুম আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাও বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰে। সভাত শৰ্মাই কয় যে, ২,০৪,০০০ টকা দৰৰ এই পাৱাৰটিলাৰ কৃষকসকলে মাত্ৰ ১১৯,০০০তে লাভ কৰিব। বাকী অংশ কেন্দ্ৰীয় চৰকাৰে ৰাজসাহাৰ্য হিচাপে আদায় দিব। তাৰবাবে প্ৰতিখন পাৱাৰটিলাৰৰ বাবদ চৰকাৰৰ ফালৰ পৰা ৮৫ লাখ টকা আগবঢ়োৱা হৈছে। বজালী মহকুমা কৃষি বিষয়া মুনীন ঠাকুৰীয়াই জনোৱা মতে, ৰাষ্ট্ৰীয় খাদ্য বিকাশ যোজনাৰ অধীনত ২০২০-২১ বৰ্ষত বজালী জিলাৰ ২৬ জন কৃষকে ৰেহাই মূল্যৰ এই পাৱাৰ টিলাৰৰ বাবে মনোনীত হৈছিল। ইয়াৰে বাকী থকা ১১ জনক তেওঁলোকৰ ধনৰ অংশ জমা দিলেই পাৱাৰটিলাৰ প্ৰদান কৰা হ’ব। সভাত কৃষি বিভাগৰ বৰপেটাৰ মহকুমা কৃষি বিষয়া পৰীক্ষিত বায়ন আৰু পৰিদৰ্শক জগদীশ তালুকদাৰো উপস্থিত থকাৰ লগতে বিতৰণ প্ৰক্ৰিয়াৰ তদাৰক কৰে।
প্ৰেৰক কল্যাণ কলিতা