বিশেষ বাৰ্তা, ২ আগষ্ট : তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালে আজি বৰডুবি চাহ বাগিচা আদৰ্শ বিদ্যালয় পৰিদৰ্শন কৰি বিদ্যালয়খনৰ পাঠদান প্ৰক্ৰিয়াৰ বুজ লোৱাৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ সৈতেও মতবিনিময় কৰে। জিলা আয়ুক্তগৰাকীয়ে বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ বুজ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে প্ৰস্তুত কৰা মধ্যাহ্ন ভোজনৰ মানৰো বুজ লয়। ইয়াৰ পাছতে জিলা আয়ুক্তগৰাকীয়ে গাভৰুভেটি হিন্দী প্ৰাথমিক বিদ্যালয়ত উপস্থিত হৈ বিদ্যালয়খনৰ পাঠদান প্ৰক্ৰিয়া, আন্তঃগাঠনি, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থাৰ লগতে মধ্যাহ্ন ভোজনৰ মানৰ সন্দৰ্ভতো বুজ লয়। তেখেতে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতেও মতবিনিময় কৰে। দুয়োখন বিদ্যালয় পৰিদৰ্শন কৰাৰ পাছত জিলা আয়ুক্ত গৰাকীয়ে জল-জীৱন মিছনৰ অধীনত নিৰ্মাণ হৈ থকা ফিলবাৰীৰ ৰূপজান পানী যোগান আঁচনি পৰিদৰ্শন কৰি আঁচনিখনৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। ইয়াৰ পাছতে জিলা আয়ুক্তগৰাকীয়ে জল-জীৱন মিছনৰ অধীনত নতুনকৈ নিৰ্মাণ কৰা বামুনগাঁও ৰাজহুৱা পানী যোগান আঁচনি পৰিদৰ্শন কৰাৰ লগতে হিতাধিকাৰী পৰিয়ালৰ বাসগৃহত উপস্থিত হৈ ঘৰুৱা টেপ সংযোগত পৰ্যাপ্ত পৰিমাণৰ পানীৰ প্ৰবাহ সন্দৰ্ভতো বুজ লয়। জিলা আয়ুক্ত গৰাকীয়ে ফিলবাৰী গাভৰুভেটি গাঁও পঞ্চায়তৰ অন্তৰ্গত মাধপুৰ সুলভ মূল্যৰ দোকান পৰিদৰ্শন কৰি সামগ্ৰী মজুতকৰণৰ ষ্টক ৰেজিষ্টাৰ আৰু অন্যান্য জৰুৰী নথিপত্রসমূহো বিতংভাবে পৰীক্ষা কৰে।
প্ৰেৰক বিবেক বড়া