🔹 ‘সোঁৱৰণীৰ সুবাস’ উন্মোচনী সভাত মৃণালিনী দেৱী
বিশেষ বার্তা, ১০ অক্টোবৰ : সত্রাধিকাৰ ভদ্রকৃষ্ণ গোস্বামী স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত গুৱাহাটী প্রেছ ক্লাবত অনুষ্ঠিত গাম্ভীর্যপূর্ণ অনুষ্ঠানত লেখিকা দিব্যৰেখা গোস্বামীৰ ‘সোঁৱৰণীৰ সুবাস’ গ্রন্থখন উন্মোচন কৰা হয়৷ গ্রন্থখন উন্মোচন কৰে অসম সাহিত্য সভাৰ প্রাক্তন উপ–সভাপতি তথা বিশিষ্ট লেখিকা মৃণালিনী দেৱী আৰু অৱসৰপ্রাপ্ত কৰ বিষয়া তথা বিশিষ্ট লেখক হেমন্ত বিজয় মহন্তই৷ গ্রন্থখন উন্মোচন কৰি বিশিষ্ট লেখিকা মৃণালিনী দেৱীয়ে ভাষণ প্রসংগত কয় যে দিব্যৰেখা গোস্বামীৰ লেখাত প্রচুৰ সম্ভাৱনা সোমাই আছে৷ লেখিকাই দেশ–বিদেশ ভ্রমণ কৰি বহু জ্ঞান–অভিজ্ঞতা লাভ কৰিছে৷ এই জ্ঞান–অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি লিখি উলিওৱা এই গ্রন্থখন পাঠক সমাজে আদৰি ল’ব বুলি তেওঁ আশা প্রকাশ কৰে৷ নবীন লেখকৰ বাবে দিব্যৰেখা গোস্বামী প্রেৰণাৰ উৎস হ’ব বুলিও তেওঁ মন্তব্য কৰে ৷ গ্রন্থ উন্মোচনী সভাত সত্রীয়া সংস্কৃতিৰ সাধক হেমন্ত বিজয় মহন্তই ভাষণ প্রসংগত কয় যে যি সময়ত লেখিকাই জন্মগ্রহণ কৰিছিল, সেই সময়ত মহিলাই ঘৰৰ ভিতৰতে ওৰণিৰ তলত নিজকে আবদ্ধ কৰি ৰাখিছিল৷ কিন্তু তেনে সময়তো লেখিকাই নিজৰ জীৱনক প্রত্যাহ্বান হিচাপে লৈ দেশ–বিদেশৰ বিভিন্ন ঠাই ঘূৰি আহৰণ কৰা জ্ঞান আৰু অভিজ্ঞতাৰে এই গ্রন্থখন লিখি উলিয়াই পাঠক সমাজৰ বাবে আগবঢ়াই দিয়াটো ডাঙৰ কথা৷ গ্রন্থ উন্মোচনী অনুষ্ঠানৰ আৰম্ভণিতে উপস্থিত বিশিষ্ট ব্যক্তিসকলে বন্তি প্রজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে৷ ইয়াৰ পিছতে সত্র সংস্কৃতিৰ বাহক খোলবাদন পৰিৱেশন কৰা হয়৷ সভাত সত্রাধিকাৰ ভদ্রকৃষ্ণ গোস্বামী স্মৃতিৰক্ষা সমিতিৰ সাধাৰণ সম্পাদিকা মিতালী গোস্বামী ট্রচিন, যুটীয়া সম্পাদিকা মৃণালী চৌধুৰীকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷