নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ পৰা জোৰ–জুলুমকৈ চান্দা সংগ্রহ নকৰিব

🔹 পূজা সমিতিলৈ ড০ শর্মাৰ আহ্বান

ষ্টাফ ৰিপ’ৰ্টাৰ, ১৬ অক্টোবৰ : শাৰদীয় দুর্গোৎসৱ উপলক্ষে দুর্গাপূজা সমিতিসমূহক ৰাইজৰ পৰা জোৰ–জুলুমকৈ চান্দা সংগ্রহ নকৰিবলৈ মুকলি আহ্বান জনাইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ কালি সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজ্য চৰকাৰ চান্দা সংস্কৃতিৰ বিৰোধী৷ সেয়ে তেওঁ দুর্গাপূজা সমিতিসমূহক ৰাইজৰ পৰা টকা–পইচা জোৰ–জুলুমকৈ সংগ্রহ নকৰিবলৈ আহ্বান জনায়৷ ৰাইজে পূজা সমিতিসমূহক যি দান–বৰঙণি দিব, সেয়া এনেই দিব৷ এনে অৱস্থাত পূজা সমিতিসমূহক চান্দা সংগ্রহৰ নামত পৰিৱেশ বেয়া নকৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই আহ্বান জনায়৷ ইপিনে, সমাগত দুর্গাপূজাত মুখ্যমন্ত্রী ড০ শর্মাৰ পৰিকল্পনা সন্দর্ভত সোধা প্রশ্ণৰ উত্তৰত তেওঁ কয় যে পূজাৰ সময়ছোৱাত তেওঁ হাইলাকান্দি, লামডিং, হোজাই, গৃহ সমষ্টি জালুকবাৰী আৰু গুৱাহাটীৰ বিভিন্ন স্থানত পূজা চাব৷ পাৰিলে তেওঁ এবাৰ নলবাৰীৰ বিল্বেশ্বৰ মন্দিৰলৈও আহিব বুলি প্রকাশ কৰে৷ ইফালে, সন্ধিয়াৰ ভাগত গুৱাহাটীত আয়োজিত এক অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পূজাৰ সময়ছোৱাত বিভিন্ন ঠাইত দেৱীৰ মূর্তি কাৰ কেনেকুৱা, বিসর্জন কোনে কেনেদৰে দিছে, তাক লৈও প্রতিযোগিতাৰ আয়োজন কৰে৷ কিন্তু ইয়াৰ বিপৰীতে কোন পূজা সমিতিয়ে পূজাৰ শেষত পূজাথলী পৰিষ্কাৰ কৰি আটাইতকৈ বেছি স্বচ্ছতাৰ পৰিচয় দিছে, তাৰ ওপৰতহে প্রতিযোগিতাৰ আয়োজন কৰিব লাগে বুলি মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷

You might also like