জীৱনকো তুচ্ছ কৰা কর্তব্যৰত চিকিৎসকক বর্বৰোচিত প্রহাৰ; আইন হাতত তুলি লোৱা কার্য সহ্য কৰা নহ’বঃ মুখ্যমন্ত্রী
নিয়মীয়া বাৰ্তা, ২ জুনঃ ক’ভিডৰ গুৰুতৰ সংক্রমণে ৰাজ্যজুৰি সৃষ্টি কৰা জটিল পৰিস্থিতিৰ মাজতে জীৱনকো তুচ্ছজ্ঞান কৰা সেৱা আগবঢ়াই অহা চিকিৎসকক আক্রমণৰ ঘটনাই ৰাজ্যজুৰি তীব্র প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ মহামাৰীৰ সময়ত দিনে–নিশাই ৰাইজৰ সেৱাত ব্রতী হৈ থকা চিকিৎসকক আক্রমণৰ ঘটনা সংঘটিত হৈছে হোজাই জিলাৰ লংকাৰ ফুলতলী ক’ভিড চিকিৎসালয়ত৷ এজন ক’ভিড ৰোগীৰ মৃত্যুক লৈ সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ পিছতে উক্ত চিকিৎসালয়খনৰ চিকিৎসক সেউজ কুমাৰ সেনাপতিক বর্বৰভাৱে আক্রমণ কৰে একাংশ উন্মত্ত লোকে৷ যাৰ বাবে গুৰুতৰভাৱে আঘাতপ্রাপ্ত হৈছে চিকিৎসক সেনাপতি৷
কেৱল চিকিৎসকগৰাকীকেই নহয়, ক’ভিড চিকিৎসালয়খনত কর্মৰত নার্ছ আৰু স্বাস্থ্যকর্মীসকলকো উন্মত্ত লোকসকলে আক্রমণ কৰে৷ প্রাণৰ মমতাত চিকিৎসকসহ নার্ছ–স্বাস্থ্যকর্মীস চিকিৎসালয়খনৰ পৰা পলায়ন কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷
প্রাপ্ত তথ্য অনুসৰি, হোজাইৰ লংকাৰ ২নং পিপল পুখুৰীৰ গিয়াছ উদ্দিন নামৰ এজন লোকক ক’ভিডত আক্রান্ত হোৱাত ফুলতলী মডেল হাস্পতালৰ ক’ভিড কেয়াৰ চেণ্টাৰত ভর্তি কৰোৱা হৈছিল৷ হাস্পতালখনত ভর্তি কৰোৱাৰ কিছুসময়ৰ পিছতে ৰোগীজনৰ মৃত্যু হয়৷ ইয়াৰ পিছতে চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলৰ গাফিলতিৰ অভিযোগ উত্থাপন কৰি ৰোগীজনৰ লগত অহা একাংশ লোকে চিকিৎসালয়খনৰ চিকিৎসক আৰু স্বাস্থ্যকর্মীসকলক আক্রমণৰ লক্ষ্য কৰি লয়৷ উত্তেজিত লোকসকলে ডাঃ সেউজ কুমাৰ সেনাপতিক চৰিওৱা, ঘুচিওৱাৰ লগতে লাঠীৰে উপর্যুপৰি প্রহাৰ কৰে৷ এই আক্রমণত চিকিৎসকগৰাকীয়ে মুখমণ্ডলৰ লগতে শৰীৰৰ বিভিন্ন স্থানত আঘাত পায়৷ উন্মত্ত লোকৰ প্রহাৰৰ পৰা কোনোমতে পলায়ন কৰি তেওঁ নিজ গাড়ীৰে উক্ত স্থান ত্যাগ কৰে৷ সম্প্রতি নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ডাঃ সেনাপতিৰ চিকিৎসা অব্যাহত ৰখা হৈছে৷ চিকিৎসক, নার্ছ আৰু স্বাস্থ্যকর্মীসকলক গুৰুলা গুৰুলকৈ প্রহাৰ কৰাৰ উপৰি উন্মত্ত লোকৰ দলটোৱে ক’ভিড চিকিৎসালয়খনৰ দর্জা–খিৰিকী ভাঙি চূর্ণ–বিচূর্ণ কৰে৷ পৰৱর্তী সময়ত উদালী আৰক্ষী চকীৰ আৰক্ষী উপস্থিত হৈ সমগ্র ঘটনা নিয়ন্ত্রণ কৰে যদিও পৰিস্থিতি বর্তমানেও শাম কটা নাই৷
ইপিনে কর্মৰত অৱস্থাতে চিকিৎসকক আক্রমণৰ ঘটনাই ৰাজ্যজুৰি প্রতিক্রিয়াৰ সৃষ্টি কৰাৰ পিছতে এই ঘটনাত জড়িত চাৰিজন লোকক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে৷ তেওঁলোক হৈছে– জয়নাল উদ্দিন, কমৰ উদ্দিন, তৈয়বুৰ ৰহমান আৰু তহিমুদ্দিন৷ ইফালে, এই ঘটনাত গভীৰ উদ্বিগ্ণতা প্রকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ সম্প্রতি নতুন দিল্লীত থকা মুখ্যমন্ত্রীগৰাকীয়ে এই ঘটনাক গৰিহণা দিয়াৰ লগতে আইন হাতত তুলি লোৱা এনে কার্য কেতিয়াও সহ্য কৰা নহ’ব বুলি সকীয়াই দিছে৷
লগতে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তক ঘটনাস্থলীলৈ যাবলৈ নির্দেশ দিছে মুখ্যমন্ত্রী ড০ শর্মাই৷ তদুপৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ আৰক্ষীক নির্দেশ দিছে ড০ শর্মাই৷ ইফালে এই ঘটনাক গৰিহণা দিছে সাংসদ প্রদ্যুৎ বৰদলৈ আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে৷
আনহাতে শীঘ্রে দোষীক কৰায়ত্ত কৰি কঠোৰ ব্যৱস্থা গ্রহণৰ দাবী উত্থাপন কৰিছে অসম মেডিকেল সেৱা সংস্থাই৷ আজি বহিঃবিভাগৰ সেৱা বর্জন কৰাৰ লগতে ক’লাবেজ পৰিধান কৰি প্রতিবাদ সাব্যস্ত কৰিব মেডিকেল সেৱা সংস্থাই৷ সমান্তৰালভাৱে অসম ফার্মাচিষ্ট সেৱা সন্থায়ো এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে৷ ভাৰতীয় মেডিকেল সংস্থাৰ অসম শাখাই এই ঘটনাক গৰিহণা দিয়াৰ লগতে চিকিৎসকৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীৰে কেন্দ্রীয় গৃহমন্ত্রীলৈ পত্র প্রেৰণ কৰিছে৷