নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুৱতী চিকিৎসকক সুৰামত্ত কৰি বলাৎকাৰ সতীর্থ চিকিৎসকৰ

ডিব্রুগড়ৰ ব্যক্তিগত চিকিৎসালয়ত বুধবাৰে নিশা ভয়ংকৰ কাণ্ড

নিয়মীয়া বাৰ্তা ২৫ জুনঃ মহামাৰী ক’ভিডৰ সময়তে ডিব্রুগডত সংঘটিত এক ধর্ষণৰ ঘটনাই ব্যাপক চাঞ্চল্য সৃষ্টি কৰাৰ লগতে জোকাৰি গৈছে সমগ্র ৰাজ্য৷ তাকো চিকিৎসকৰ দৰে পৱিত্র মানৱ সেৱাত ব্রতী হোৱা এগৰাকী চিকিৎসকে সতীর্থ এগৰাকী যুৱতী চিকিৎসকৰ শালীনতা হানিৰ লগতে ধর্ষণ কৰাত সর্বত্র এতিয়া চাঞ্চল্য সৃষ্টি হৈছে৷ জানিব পৰা মতে, ডিব্রুগডৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ ক’ভিড ডিউটীত কর্মৰত এজন বিবাহিত যুৱ চিকিৎসকে এগৰাকী অবিবাহিত যুৱতী (২৪) চিকিৎসকক যোৱানিশা চিকিৎসালয়তে সুৰামত্ত কৰি ধর্ষণ কৰাৰ অভিযোগ উঠিছে৷ অভিযোগ মতে চিকিৎসক ডাঃ নয়নজ্যোতি ডেকাই (৩৪) যোৱানিশা চিকিৎসালয়ৰ ক’ভিড ৱার্ডত কর্মৰত থকাৰ লগতে সেই নিশা নতুনকৈ অস্থায়ীভাৱে যোগদান কৰা যুৱতী চিকিৎসকগৰাকীক হাস্পতালৰ পঞ্চম মহলাৰ নিজৰ কক্ষলৈ নিশাৰ আহাৰৰ বাবে নিমন্ত্রণ জনায়৷

নিশা প্রায় ৯.৩০ বজাত যুৱতী চিকিৎসকগৰাকী উপস্থিত হোৱাত ভ’ডকাৰ এটা পেগ খাবলৈ দিয়ে৷ তাৰ পাছত দ্বিতীয়টো পেগ অফাৰ কৰাত যুৱতী চিকিৎসকগৰাকীয়ে খোৱাত প্রায় অর্ধচেতন হৈ পৰে আৰু ইয়াৰ সুযোগতে চিকিৎসক নয়নজ্যোতিয়ে ধর্ষণ কৰে৷ পাছত নিশা প্রায় ১১.৩০ বজাত ডাঃ নয়নজ্যোতিয়ে যুৱতী চিকিৎসকগৰাকীক নিজ হোষ্টেলত থৈ আহে বুলি আৰক্ষীক দিয়া এজাহাৰত উল্লেখ কৰিছে৷ নতুনকৈ যোগদান কৰা যুৱতী চিকিৎসকগৰাকীৰ পূর্বে এজন চিকিৎসক কর্মৰত আছিল যদিও ক’ভিডত আক্রান্ত হোৱা বাবে ছুটীত আছিল আৰু এই যুৱতী চিকিৎসকগৰাকী সম্পূর্ণ অস্থায়ী ভিত্তিত কিছু দিনৰ বাবে নিযুক্তি দিয়া হৈছিল৷ সেইমর্মে যুৱতী চিকিৎসকগৰাকীয়ে উক্ত বিবাহিত চিকিৎসক নয়নজ্যোতি ডেকাৰ স’তে ক’ভিড ৱার্ডত নিশা চিকিৎসা সেৱা প্রদান কৰিছিল৷কিন্তু যোৱানিশা চিকিৎসক ডেকাই যুৱতী চিকিৎসকগৰাকীক ধর্ষণ কৰা বুলি আজি আৰক্ষী চকীত এজাহাৰ দাখিল কৰাত আৰক্ষীয়ে ১২২১/২১নং গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধিৰ ৩৭৬/৩২৮ ধাৰাত চিকিৎসকজনক সোধ–পোছৰ বাবে আটক কৰিছে৷

যুৱতী চিকিৎসকক নির্যাতন চলোৱা চিকিৎসক নয়নজ্যোতি ডেকাৰ ঘৰ দাদৰ হাভেলীত হোৱাৰ বিপৰীতে যুৱতী চিকিৎসকগৰাকীৰ ঘৰ গুজৰাটত বুলি জানিব পৰা গৈছে৷ গোচৰ ৰুজু হোৱাৰে পৰা দুয়োগৰাকী চিকিৎসকক আৰক্ষীয়ে সোধা–পোছা কৰাৰ লগতে যুৱতী চিকিৎসকগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱা হয়৷ এই পর্যন্ত চিকিৎসক নয়নজ্যোতিক গ্রেপ্তাৰ কৰা নাই যদিও ‘নিয়মীয়া বার্তা’ৰ নিজস্ব অনুসন্ধানত বহু গোপন তথা বিস্ফোৰক তথ্য ফাদিল হৈছে৷ যি তথ্যই সকলোৰে চকু কপালত তুলিব৷ নিশাৰ ভাগত ক’ভিড ৱার্ডত ডিউটী কৰা চিকিৎসকৰ বৰ বিশেষ ব্যস্ততা নাথাকে বুলিয়েই ক’ব পাৰি৷ সেয়ে চিকিৎসক নয়নজ্যোতি ডেকাই নিশাৰ ভাগত হাস্পতালৰ নিজৰ কোঠাতে বেছিভাগ সময় কটায়৷

সমগ্র নিশা কটাবৰ বাবে দায়িত্বত থকা চিকিৎসকক নির্দিষ্ট কোঠা দিয়াৰ বিপৰীতে লিংগভেদ কৰি কোনো আছুতীয়া কক্ষ দিয়া নহয়৷ সেয়ে নিশাৰ ভাগত বিশ্রাম ল’বৰ বাবে আন দিনাৰ দৰে যোৱানিশা দুয়ো চিকিৎসকে একেটা কোঠাত কটাইছিল বুলি জানিব পৰা গৈছে৷এনেদৰে কেইবাদিনো কটোৱাৰ পাছত আজি যুৱতী চিকিৎসকগৰাকীক নিজ হোষ্টেলত ডাঃ নয়নজ্যোতি ডেকাই থৈ আহে৷ এই কথাবোৰ যুৱতী চিকিৎসকৰ প্রেমিকৰ দৃষ্টিগোচৰ হোৱাৰ পাছতেই সমগ্র দৃশ্যপট সলনি হৈ পৰে বুলি জানিব পৰা গৈছে৷ প্রকৃততে কালি নিশা হাস্পতালৰ কোঠাত কি হৈছিল, সেয়া দুই চিকিৎসকৰ বাহিৰে আন কোনেও নাজানে৷ তেনেস্থলত নিশাৰ ভাগতে যুৱতী চিকিৎসকগৰাকীয়ে ধর্ষণৰ সময়ত হৈ–চৈ নকৰি আজি দুপৰীয়ালৈ ৰ’ব লগা হোৱাটোৱে ৰহস্য সৃৃষ্টি কৰিছে৷ এতিয়া আৰক্ষীৰ নিৰপেক্ষ তদন্তৰ পাছতহে সকলো ফাদিল হ’ব বুলি আশা কৰা হৈছে৷

You might also like