ব্লেকমেইলিঙেৰে সতীর্থ যুৱতী চিকিৎসকক ধর্ষণ
নিয়মীয়া বাৰ্তা ২৯ জুনঃ নাৰীৰ সৈতে গোপনে সম্পর্ক ৰক্ষা কৰি চলিলেই আপুনিও এদিন ধর্ষণকাৰী হিচাপে জে’লৰ ভাত খাবলগীয়া হ’ব পাৰে৷ তেনে এক ঘটনাই যেন আজি ডিব্রুগডত তীব্র চাঞ্চল্য সৃষ্টি কৰাৰ লগতে ঐতিহ্যমণ্ডিত ডিব্রুগড় চহৰক কলুষিত কৰিলে৷ ডিব্রুগড়ত পুনৰ এগৰাকী সতীর্থ চিকিৎসকক ধর্ষণ কৰি গ্রেপ্তাৰ হ’ল অসম মেডিকেল কলেজৰ শল্য চিকিৎসা বিভাগৰ পঞ্জীয়ক সোণমণি ভূঞা৷ জানিব পৰা মতে ভূঞাই তেওঁৰ সতীর্থ এগৰাকী যুৱতী চিকিৎসকক ধর্ষণ কৰাৰ বাবে আৰক্ষীক গোচৰ দিয়াত ডিব্রুগড় সদৰ আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪০৬/৩৭৬/৩৮৪নং ধাৰাৰ অধীনত ১২৪৭/২১ নম্বৰ গোচৰ পঞ্জীয়ন হোৱাৰ লগতে আৰক্ষীয়ে অভিযুক্ত চিকিৎসক সোণমণি ভূঞাক গ্রেপ্তাৰ কৰি সোমবাৰে জে’ললৈ প্রেৰণ কৰে৷
বিশেষ সূত্রে জানিব পৰা মতে, দুয়োগৰাকী চিকিৎসক অবিবাহিত হোৱাৰ লগতে দীর্ঘদিনৰে পৰা শাৰীৰিক সম্বন্ধত আছিল আৰু ইয়াৰ মাজতে যুৱতী চিকিৎসকগৰাকীৰ এবাৰ গর্ভপাত কৰোৱা হৈছিল৷ জে’ললৈ প্রেৰণ কৰা চিকিৎসকগৰাকীয়ে বিবাহত সন্মতি নিদিয়া বাবেই ধর্ষণৰ দৰে গোচৰ দিয়া বুলি সন্দেহ কৰা হৈছে৷ ঘটনা সন্দর্ভত আৰক্ষী অধীক্ষক শ্বেটাং মিশ্রাই সংবাদ মাধ্যমৰ আগত সদৰী কৰি কয় যে অতি কৌশলেৰে ম’বাইলত গোপনে আবদ্ধ কৰি থোৱা ফটো ফাদিল কৰাৰ ভয় দেখুৱাই আৰু দীর্ঘসময় ধন দাবী কৰি সতীর্থ চিকিৎসককগৰাকীক ধর্ষণ কৰি গৈছিল চিকিৎসক ডাঃ সোণমণি ভূঞাই৷
ধর্ষণৰ গোচৰত জে’ললৈ যোৱা চিকিৎসকগৰাকীৰ বিষয়ে জিলা আৰক্ষী অধীক্ষক মিশ্রাই আজি নিশা সদৰ থানাত এনেদৰে অৱগত কৰে৷ তেওঁ কয় যে অসম মেডিকেল কলেজৰ দুগৰাকী অবিবাহিত চিকিৎসক যোৱা ২০১৮ চনৰে পৰা সম্পর্ক আছিল আৰু শাৰীৰিক সম্বন্ধও স্থাপন হৈছিল৷ যাৰ বাবে এবাৰ গর্ভপাতো কৰাব লগাত পৰিছিল যুৱতী চিকিৎসকগৰাকীয়ে৷ দুবছৰমানৰ পাছত তেওঁলোকৰ সম্পর্কত ফাট মেলে৷ কিন্তু ইয়াৰ পাছতো যুৱ চিকিৎসক ডাঃ সোণমণি ভূঞাই গোপনে নিজৰ ম’বাইলত আবদ্ধ কৰি ৰখা বহু আপত্তিজনক ভিডিঅ’, ফটো দেখুৱাই যুৱতী চিকিৎসকগৰাকীক ব্লেক মেইলিং কৰি ধর্ষণ কৰি অহাৰ লগতে ধনো দাবী কৰিছিল৷
পাছত উপায়ান্তৰ হৈ যুৱতী চিকিৎসকগৰাকীয়ে ধর্ষণ আৰু ধন দাবীৰ গোচৰ দিয়াত আৰক্ষীয়ে গ্রেপ্তাৰ কৰি সোমবাৰে জে’ললৈ প্রেৰণ কৰে বুলি আৰক্ষী অধীক্ষজনে সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ পাছতহে সকলো সত্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে৷ উল্লেখ্য যে যোৱা ২৪ জুনত এখন ব্যক্তিগত হাস্পতালত এগৰাকী যুৱতী চিকিৎসকক সতীর্থ চিকিৎসক ডাঃ নয়নজ্যোতি ডেকাই ধর্ষণ কৰাৰ অভিযোগত জে’লৰ ভাত খাবলগীয়া হৈছিল৷ পুনৰ সোমবাৰে এজন চিকিৎসকে ধর্ষণৰ দৰে কাণ্ড কৰি জে’ললৈ যাবলগীয়া হোৱাত সর্বত্র ব্যাপক চর্চা লভিছে৷