নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰৰ দিহিৰি নদীৰ পাৰত উদ্ধাৰ জয়ন্তীয়া ৰজা–আহোম স্বর্গদেউৰ ১৫ ৰূপৰ মুদ্রা–বাজু

নিয়মীয়া বাৰ্তা ৭ আগষ্টঃ অযোধ্যাত ৰাম জনমভূমিৰ ভূমিপূজনৰ দিনাই লখিমপুৰৰ ধলপুৰৰ দিহিৰি নদীত উদ্ধাৰ হৈছে আহোমৰ স্বর্গদেউৰ লগতে জয়ন্তীয়া ৰজাৰ ১৫টাকৈ মুদ্রাসহ এপাট ৰূপৰ বাজু৷ইতিহাসবিদ ড০ নিত্যানন্দ গগৈয়ে জনোৱা মতে কালি ধলপুৰৰ দাধৰা গাঁৱৰ জনৈক পৱিত্র গগৈয়ে দিহিৰি নদীত মাছ মাৰিবলৈ যাওঁতে গৰা খহি নদীত পৰা এটা মাটিৰ টুকুৰাত গচকাৰ ফলত উদ্ধাৰ হয় বিভিন্ন আকৃতিৰ ১৫টাকৈ ৰূপৰ মুদ্রা৷ নদীৰ পানীত নামোতেই আনকি উদ্ধাৰ হয় বাজু৷ ইতিমধ্যে এই ১৫টা মুদ্রাৰ দিন–কাল আৰু প্রৱর্তন কৰা কর্তৃপক্ষৰ সঠিক তথ্য উদ্ধাৰ কৰা হৈছে৷

ড০ গগৈয়ে জনোৱা মতে ১৫টা মুদ্রাৰ এটা মুদ্রা ইতিমধ্যে হৰলুকী হৈছে যদিও বাকী ১৪টাৰ ৪টা মুদ্রা আহোম স্বর্গদেও ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালৰ ১৭৫৮ আৰু ১৭৬৭ শকৰ৷ ইয়াৰে দুটা মুদ্রাৰ ভাষা সংস্কৃত হোৱাৰ বিপৰীতে দুটাৰ ভাষা পার্চী৷ আনহাতে, ৫টা মুদ্রা স্বর্গদেও লক্ষ্মী সিংহৰ ৰাজত্বকালৰ ১৭০০ শকৰ৷ এই ৫টা মুদ্রাৰ ভাষা সংস্কৃত৷তদুপৰি আকৃতিত কিছু ডাঙৰ দুটা মুদ্রা হৈছে ১৬৩০ শকৰ জয়ন্তীয়া ৰজা ৰাম সিংহৰ৷আনহাতে, কালি উদ্ধাৰ হোৱা বাহুৰ আভূষণ (বাজু) দুপাট ঘাইকৈ ৰূপৰ৷ স্বর্গদেউ আৰু মন্ত্রীয়েহে এনে ৰূপৰ আভূষণ পিন্ধাৰ পৰম্পৰা আছিল বুলি উল্লেখ কৰিছে ইতিহাসবিদ গগৈয়ে৷ ড০ গগৈৰ মতে জয়ন্তীয়া ৰজা ৰামসিংহৰ মুদ্রা উদ্ধাৰ হোৱা এয়া উত্তৰ অসমৰ প্রথম ঘটনা৷ তদুপৰি বিশ্বনাথত ১৭০৮ চনত আহোম স্বর্গদেউ ৰুদ্রসিংহই দৰবাৰ পাতি বশ্যতা স্বীকাৰ কৰোৱা জয়ন্তীয়া ৰজা ৰামসিংহৰ এয়া কৰভাৰৰ মুদ্রা হ’ব পাৰে বুলি মন্তব্য কৰিছে ড০ গগৈয়ে৷

অৱশ্যে এইক্ষেত্রত আৰু অধিক গৱেষণাৰ প্রয়োজন বুলি উল্লেখ কৰা ড০ গগৈৰ মতে উদ্ধাৰ হোৱা মুদ্রাসমূহ হৈছে এটকীয়া, আধ্লি আৰু শিকি৷আঠকোণীয়া মুদ্রাসমূহৰ ভিতৰত জয়ন্তীয়া মুদ্রা দুটাৰ আকৃতি সম্পূর্ণ গোলাকাৰ৷ স্মর্তব্য যে বিশ্বনাথ দৰবাৰত কছাৰী ৰজা তাম্রধবজৰ লগত বশ্যতা স্বীকাৰ কৰা জয়ন্তীয়া ৰজা ৰামসিংহৰ মঠদাঙত মৃত্যু হৈছিল৷ আহোম স্বর্গদেউসকলে মুদ্রাত পার্চী ভাষা প্রয়োগেৰে ব্যৱসায়িক দূৰদর্শিতাৰ পৰিচয় দাঙি ধৰা বুলি মন্তব্য কৰা ড০ গগৈৰ মতে এনে মুদ্রা মোগল সাম্রাজ্যতো ব্যৱসায়িক ক্ষেত্রত ব্যৱহাৰ হৈছিল৷

ইতিহাসবিদজনৰ মতে কালি মুদ্রা উদ্ধাৰ হোৱা স্থানত পৰিকল্পিতভাৱে অনুসন্ধান চলালে আৰু অধিক ঐতিহাসিক সমল যেনে– মুদ্রা, অন্যান্য সামগ্রী উদ্ধাৰ হোৱাৰ সম্ভাৱনা প্রবল৷ তদুপৰি সামগ্রিকভাৱে বৃহত্তৰ অঞ্চলটোত মৈদাম, ৰজাদিনীয়া পুখুৰী আদি উদ্ধাৰ হোৱা পাছত এই কথা প্রতীয়মান যে আহোম ৰাজত্বৰ গুৰুত্বপূর্ণ স্থান ৰূপে ব্যৱহূত অঞ্চলটোক সম্প্রতি ৰজাঘৰৰ সম্ভ্রম আৱশ্যক৷ আনহাতে, উদ্ধাৰ হোৱা মুদ্রাসমূহ আৰু বাজুপাট সংৰক্ষণ কৰিলে ভৱিষ্যতে ইতিহাস অধ্যয়ন আৰু গৱেষণাৰ বাবে সহায়ক হ’ব৷

You might also like