নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দাবী কৰা পাঁচ লাখ নাপাই পত্নীৰ দেহত অগ্নিসংযোগ

নিয়মীয়া বাৰ্তা ২৭ জানুৱাৰীঃ    নগৰবেৰাৰ টুপামাৰীত পোহৰলৈ আহিছে এক যৌতুকজনিত কাণ্ড ,পত্নীয়ে পিতৃগৃহৰ পৰা ৫ লাখ নি নিদিয়াৰ বাবেই স্বামীয়ে পত্নীৰ দেহত অগ্নিসংযোগ কৰাৰ অভিযোগ।

নগৰবেৰা আৰক্ষী থানাৰ অন্তৰ্গত ৩ নং টুপামাৰীৰ ইছমাইল হুছেইন নামৰ এই গৰাকীয়ে (Photo given)বিচৰা মতে পিতৃ গৃহৰ পৰা পাঁচ লাখ নি নিদিয়াৰ বাবেই দেহত জুঁই লগাই দিলে ধৰ্মপত্নীৰ এই অভিযোগ পিতৃ চেঙাৰ কাছুমাৰাৰ শ্বহিদ আলীৰ।

 সম্প্ৰতি দুই সন্তানৰ মাতৃ অৰ্ধদগ্ধা মহিলা গৰাকী GMCH ত যুঁজি আছে জীৱন-মৃত্যুৰে।

 জানিব পৰা মতে প্ৰায় ১০/১২ বছৰৰ পূৰ্বে বিয়া হোৱা মহিলা গৰাকীক যৌতুক বিচাৰি প্ৰায়ে স্বামী ইছমাইলে চলায় অকথ্য শাৰীৰিক-মানসিক নিৰ্যাতন।

 ইতিমধ্যে আদায়ো দিছে হেনো বহু ধন ! আনকি শহুৰেকক ঘৰলৈ মাতি নি ডিঙিত চোকা অস্ত্ৰ ধৰি ধন দিয়াৰ প্ৰতিশ্ৰুতিৰে উকা দলিলত জোঁৱায়েক ইছমাইলে আদায় ল’লে স্বাক্ষৰো।

 যৌতুকৰ ধনৰাশি সময়মতে আদায় নিদিয়াৰ বাবেই পত্নীৰ দেহত অগ্নিসংযোগ কৰি স্বামী ইছমাইল হুছেইনে চলালে হত্যাৰ প্ৰচেষ্টা ,কথমপি প্ৰাণৰক্ষা মহিলা গৰাকীৰ।

 নগৰবেৰা আৰক্ষী থানাত পিতৃয়ে ন্যায় বিচাৰি দাখিল কৰিছে এক এজাহাৰ ,অভিযুক্ত জোঁৱায়েকৰ শাস্তিৰ দাবী জনাইছে ভুক্তভোগী পিতৃ শ্বহিদ আলী আৰু একাংশই।

You might also like