নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৃহ বিভাগৰ যুটীয়া সচিব ঘোচখোৰ কে কে শৰ্মাৰ বাসগৃহত উদ্ধাৰ ৫০ লাখ টকা

নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰ: দুর্নীতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে চলাই থকা অভিযানত এইবাৰ ধৰা পৰিল এজন এচিএছ বিষয়া৷ এখন ছিকিউৰিটী ফার্মৰ অনুজ্ঞা–পত্র নবীকৰণৰ নামত উৎকোচ লৈ হাতে–লোটে ধৰা পৰা বিষয়াজন হ’ল ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ যুটীয়া সচিব কে কে শর্মা৷ এক অভিযোগৰ ভিত্তিত দুর্নীতি নিবাৰক শাখাই আজি অতর্কিতে চলোৱা অভিযানত ৯০ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত ধৰা পেলাবলৈ সক্ষম হ’ল বিষয়াজনক৷

উল্লেখ্য যে ঘোচখোৰ ACS বিষয়া কে কে শৰ্মাৰ বাসগৃহত আজি দুর্নীতি নিবাৰক শাখাই অভিযান উদ্ধাৰ কৰে ৫০ লাখ টকা। ইতিমধ্যে গ্রেপ্তাৰ হোৱা কে কে শর্মাক সোধা–পোছা অব্যাহত ৰাখিছে দুর্নীতি নিবাৰক শাখাই৷

মন কৰিবলগীয়া যে দুর্নীতি নিবাৰক শাখাই চলিত বর্ষত দুর্নীতিৰ বিৰুদ্ধে অভিযান চলাই ইতিমধ্যে ৫৫টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ৬১জন চৰকাৰী বিষয়া আৰু দুজন মধ্যভোগীক উৎকোচ লোৱাৰ অভিযোগত গ্রেপ্তাৰ কৰিছে৷

You might also like