নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আত্মসমর্পণৰ পাছতে জে’ললৈ প্রেৰণ ডাঃ অজন্তা হাজৰিকাক

ডিব্রুগড় আৰক্ষীৰ জালত বিতর্কিত চিকিৎসক

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ অৱশেষত সকলো বিতর্কৰ অন্তত সুদীর্ঘ ২১ দিনৰ পাছত অসম মেডিকেল কলেজৰ অতিৰিক্ত অধীক্ষক তথা প্লাষ্টিক চার্জাৰী বিভাগৰ পঞ্জীয়ক চিকিৎসক অজন্তা হাজৰিকাই আজি ডিব্রুগডৰ মুখ্য ন্যায়িক দণ্ডাধীশ এ কে বৰুৱা আদালতত আত্মসমর্পণ কৰে৷ দীর্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি আত্মগোপন কৰি থকা অজন্তা হাজৰিকাই ডিব্রুগড ন্যায়িক দণ্ডাধীশ আদালতত হাজিৰ হোৱাৰ পাছতে ডিব্রুগডৰ কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰে আদালতে৷ উল্লেখ্য যে ডিব্রুগড সদৰ থানাত যোৱা ৭ ডিচেম্বৰত ভাৰতীয় দণ্ডবিধিৰ ৪২০/৪০৯/৪০৬/৫০৬নং ধাৰাৰ অধীনত ৰুজু হোৱা ২১৫০/২০২০ নম্বৰ গোচৰৰ পাছতেই ডিব্রুগডৰ পৰা আৰক্ষীৰ চকুত ধূলি দি দীর্ঘদিন পলাই আছিল চিকিৎসক অজন্তা হাজৰিকা৷ আনহাতে, পত্নীক আত্মগোপন কৰাত সহায় কৰাৰ অভিযোগত স্বামী সীমান্তজ্যোতি শইকীয়াক যোৱা ২৫ ডিচেম্বৰত ডিব্রুগড আৰক্ষীয়ে গ্রেপ্তাৰ কৰি আদালতলৈ প্রেৰণ কৰিছিল৷ আনহাতে, ডিব্রুগড আৰক্ষীয়ে চিকিৎসক অজন্তাৰ স্বামী সীমান্তজ্যোতি শইকীয়াৰ লগতে চিকিৎসক অজন্তা হাজৰিকাৰ মুঠ পাঁচটাকৈ বেংক একাউণ্ট বন্ধ কৰি দিয়াৰ পাছত তীব্র অর্থ সংকটত ভোগা অজন্তা হাজৰিকাই গুৱাহাটীলৈ পলাই যোৱা নিজৰ গাডীখন বিক্রী কৰিবলৈ চেষ্টা কৰাৰ সময়ত গাডীখন আৰক্ষীয়ে জব্দ কৰিবলৈ সমর্থ হৈছিল৷ আনহাতে, গুৱাহাটীৰ বিভিন্ন সম্ভাব্য স্থানত আৰক্ষীয়ে অভিযান চলাইছিল যদিও সন্ধান পোৱা নাছিল চিকিৎসক অজন্তাৰ৷ অৱশেষত ডিব্রুগড আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা অজন্তাই আজি আকস্মিকভাৱে আত্মসমর্পণ কৰে ডিব্রুগড ন্যায়িক দণ্ডাধীশ আদালতত৷ অজন্তা হাজৰিকাৰ অধিবক্তাই জামিন আবেদন কৰিছিল যদিও আদালতে জামিন আবেদন নাকচ কৰে৷ চিকিৎসক অজন্তা হাজৰিকাৰ অধিবক্তা অভিমন্যু বৰুৱাই সাংবাদিকক জানিবলৈ দিয়া মতে, ২০১৬ চনৰ বিষয় এটা হঠাৎ আৱির্ভাৱ হোৱাটো এক ডাঙৰ ষডযন্ত্র বুলি চিকিৎসকগৰাকীয়ে কয়৷ তদুপৰি তেওঁ পলায়ন কৰি থকা বিষয়টো সন্দর্ভত কয় যে ক’ভিডকে ধৰি আনুষংগিক কাৰণত তেওঁ কিছু সময় আঁতৰি আছিল৷ ন্যায়ালয়ৰ প্রতি আস্থা আৰু বিশ্বাস আছে বাবেই তেওঁ আজি আদালতত আত্মসমর্পণ কৰা বুলি মন্তব্য কৰে অধিবক্তা অভিমন্যু বৰুৱাই৷ আনহাতে, ডিব্রুগড আৰক্ষীয়ে নিজৰ জিম্মাত বিচাৰি আবেদন নকৰা অজন্তা হাজৰিকাক কাৰাগাৰলৈ প্রেৰণ কৰা হয়৷ অভিযোগ মতে, ডিব্রুগডৰ কেইবাজনো নিবনুৱাৰ পৰা ৰে’লৱে আৰু অইলত নিযুক্তি দিয়াৰ নামত ২২ লক্ষাধিক টকা আত্মসাৎ কৰি অৱশেষত চাকৰি দিব নোৱাৰাৰ লগতে ধন বিচাৰি গ’লে তথা ফোন কৰিলে ওলোটাই ভয়–ভাবুকি দি অহা সন্দর্ভত ইতিমধ্যে সংবাদ মাধ্যমত বাতৰি প্রচাৰ হৈছিল৷ পাছত ভুক্তভোগীয়ে ডিব্রুগড আৰক্ষীক গোচৰ দিয়াৰ পাছতে দীর্ঘদিন পলায়ন কৰি থাকি অৱশেষত আজি আত্মসমর্পণ কৰে৷ সমগ্র বিষয় সন্দর্ভত উচিত তদন্ত কৰিলে অজন্তা হাজৰিকাৰ বহু বিস্ফোৰক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি বহুল চর্চা চলিছে৷

You might also like