নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষা সংসদত ঘনিষ্ঠক নিযুক্তি দিয়াৰ ব্লু–প্রিণ্ট ড০ দয়ানন্দ বৰগোহাঁইৰ

নিয়মীয়া বাৰ্তা, ২৯ মেঃ ৰাজ্যত এতিয়াও অব্যাহত আছে ক’ভিডৰ ভয়াৱহ সংহাৰ৷ ক’ভিডৰ সংক্রমণ প্রতিৰোধকল্পে ইতিমধ্যে ৰাজ্য চৰকাৰে ১৩ মে’ৰ পৰা ৫ জুনলৈ চৰকাৰী–বেচৰকাৰী কার্যালয় বন্ধৰ সিদ্ধান্ত লৈছে৷ কিন্তু চৰকাৰৰ এনে সিদ্ধান্তৰ মাজতে পোহৰলৈ আহিছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ভিতৰচ’ৰাত চলা ভয়ংকৰ অনিয়মৰ কথা৷ প্রাপ্ত তথ্য অনুসৰি শিক্ষা সংসদৰ ২৭জনীয়া কমিটীত ৩ বছৰীয়া কার্যকাল শুকুৰবাৰে অর্থাৎ ২৮ মে’ত অন্ত পৰিছে৷ কিন্তু কমিটীখনৰ ৩ বছৰীয়া কার্যকালৰ অন্ত পৰাৰ পাছতো আজি এখন গোপন বৈঠক আহ্বান কৰিছে ড০ দয়ানন্দ বৰগোহাঁয়ে৷ অভিযোগ অনুসৰি অধ্যক্ষ ড০ বৰগোহাঁয়ে সচিব ড০ ৰমেশ চন্দ্র চুতীয়াৰ সৈতে গোপনে নিযুক্তি দিয়াৰো ষড়যন্ত্রত লিপ্ত হয়৷

ইফালে অধ্যক্ষ–সচিবৰ এনে গোপন ষড়যন্ত্রৰ কথা গম পোৱাৰ পাছতে এখন পত্রযোগে তাৎক্ষণিক প্রতিক্রিয়া ব্যক্ত কৰিছে শিক্ষা সংসদ কর্মী সন্থাই৷ শিক্ষা সংসদৰ কমিটীৰ ৩ বছৰীয়া কার্যকালৰ অন্ত পৰাৰ পাছত যাতে কোনো নতুন নিযুক্তি সন্দর্ভত অধ্যক্ষ–সচিবে সিদ্ধান্ত গ্রহণ কৰিব নোৱাৰে, তাৰ বাবে এই পত্রৰ জৰিয়তে ঊর্ধ্বতন কর্তৃপক্ষৰ হস্তক্ষেপ বিচাৰিছে শিক্ষা সংসদৰ কর্মী সন্থাই৷

উল্লেখ্য যে বিতর্কিত অধ্যক্ষ ড০ বৰগোহাঁইৰ কার্যকালতে সংঘটিত হৈছে কেতবোৰ বিয়াগোম দুর্নীতি৷ শিক্ষা সংসদত একচত্রী সম্রাট হৈ পৰা ড০ বৰগোহাঁয়ে ইতিমধ্যে ২০১৮–১৯ বর্ষত ৩১টাকৈ কনিষ্ঠ সহায়ক পদত অতি গোপনে নিযুক্তি দিয়াৰো ষডযন্ত্র ৰচিছিল৷ পৰৱর্তী সময়ত সংবাদ মাধ্যম আৰু ন্যায়ালয়ৰ হস্তক্ষেপত নিযুক্তি প্রক্রিয়াত মুখথেকেচা খাইছিল ড০ বৰগোহাঁয়ে৷ অৱশ্যে এই সময়ছোৱাতে নীতি বহির্ভূতভাৱে ৫জনকৈ একাডেমিক বিষয়াক অতি গোপনে নিয়ুক্তি দিবলৈ সক্ষম হয় ড০ বৰগোহাঁই৷ একেদৰে ড০ বৰগোহাঁইৰ কার্যকালতে সংঘটিত হৈছিল প্রশ্ণকাকত ফাদিলৰ বিয়াগোম কেলেংকাৰি৷ কিন্তু আজিলৈ প্রশ্নকাকত ফাদিলৰ প্রতিবেদন ৰাজহুৱা কৰিবলৈ সাহস নকৰিলে ড০ বৰগোহাঁয়ে৷

অভিযোগ অনুসৰি শিক্ষা সংসদৰ কর্মী সন্থাক অন্ধকাৰত ৰাখি ড০ বৰগোহাঁয়ে নিবিদা অবিহনে ইতিমধ্যে ঘনিষ্ঠক আবণ্টন দিছিল কোটি টকাৰ কাম৷ তেনে এগৰাকী বিয়াগোম কেলেংকাৰিৰ অভিযোগেৰে অভিযুক্ত ড০ বৰগোহাঁয়ে এইবাৰো চাকৰিৰ কার্যকালৰ অন্ত পৰাৰ ৪ দিন পূর্বে এখন গোপন বৈঠক আহ্বান কৰি ঘনিষ্ঠক নিযুক্তি দিয়াৰ সন্দেহ কৰিছে খোদ শিক্ষা সংসদৰ একাংশ কর্মচাৰীয়ে৷ য’ত নিজৰ আত্মীয়ৰ লগতে শিক্ষা সংসদৰ আন কেইবাজনো কর্মচাৰীৰ আত্মীয়ক নিয়ুক্তি দিয়াৰ গোপনব্লু–প্রিণ্ট ৰচিছে অধ্যক্ষৰ লগতে সচিবে৷

উল্লেখ্য যে ১ জুনত শিক্ষা সংসদৰ অধ্যক্ষৰ কার্যকালৰ অন্ত পৰিব ড০ বৰগোহাঁইৰ৷ আনহাতে ২ জুনত শিক্ষা সংসদৰ নতুন অধ্যক্ষ হিচাপে দায়িত্ব ল’ব শিক্ষাবিদ ৰুক্ম গোহাঞিবৰুৱাই৷ আনহাতে নতুন অধ্যক্ষই দায়িত্বভাৰ গ্রহণৰ পূর্বে বর্তমানৰ অধ্যক্ষ আৰু সচিবৰ এনে কাণ্ডই শিক্ষা সংসদৰ ভিতৰচ’ৰাত তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷

You might also like