নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিক্ষার্থীক শাৰীৰিকভাৱে অপদস্থ কৰা উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্রবক্তা হেমন্ত শর্মাক আটক

বিশেষ বার্তা, ২৩ জুলাই : উত্তৰ অসমৰ অগ্রণী উচ্চ শিক্ষা প্রতিষ্ঠান উত্তৰ লখিমপুৰ মহাবিদ্যালয় (স্বায়ত্তশাসিত) ৷ সম্প্রতি এইখন মহাবিদ্যালয়ৰ এজন প্রবক্তাক লৈ বিতর্কৰ সৃষ্টি হৈছে। তেওঁৰ বিৰুদ্ধে অসমীয়া বিভাগৰ তৃতীয় ষাণ্মাসিকৰ ৫৮গৰাকী শিক্ষার্থীয়ে কিছুদিনৰ পৰা শাৰীৰিক আৰু মানসিকভাৱে অপদস্থ কৰাৰ অভিযোগ তোলে ৷ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ হেমন্ত শর্মাই শ্রেণীকোঠাত শিক্ষার্থীক শাৰীৰিক আৰু মানসিকভাৱে অপদস্থ কৰাৰ অভিযোগ তুলি ৫৮গৰাকী শিক্ষার্থীয়ে কলেজখনৰ অধ্যক্ষক অভিযোগ দাখিল কৰে ৷ প্রবক্তাজনৰ বিৰুদ্ধে ছাত্র–ছাত্রীৰ এনে অভিযোগৰ ভিত্তিত অধ্যক্ষই তাৎক্ষণিকভাৱে কালি হেমন্ত শর্মাক বাধ্যতামূলক ছুটীত যাবলৈ বাধ্য কৰায় ৷ এই অভিযোগ সন্দর্ভত এখন তদন্ত সমিতি গঠন কৰি কলেজ কর্তৃপক্ষই তদন্ত চলাব বুলি জানিবলৈ দিয়ে ৷ মহাবিদ্যালয়ৰ অভ্যন্তৰীণ সমিতিয়ে কালি উপায়ুক্তক ৫৮গৰাকী ছাত্ৰ-ছাত্ৰীৰ সাক্ষ্য জমা দিয়াৰ পাছতে তৎপৰ হয় আৰক্ষী। নিশাই লখিমপুৰ আৰক্ষীয়ে আটক কৰে উত্তৰ লখিমপুৰ মহাবিদ্যালয়ৰ প্ৰবক্তা হেমন্ত শৰ্মাক। উল্লেখ্য যে প্ৰবক্তাজনৰ নিৰ্যাতনৰ বলি হোৱা দুগৰাকী ছাত্ৰীয়ে মহাবিদ্যালয় এৰি ঘৰলৈ গুচি গৈছিল। ২৪ জুলাইত মহাবিদ্যালয় চৌহদত ঘটনা সংক্রান্তত বহিব পৰিচালনা সমিতিৰ বিশেষ বৈঠক৷ এই ঘটনাই পৰৱর্তী সময়ত কোন দিশে গতি কৰে, সেয়া লক্ষণীয় হ’ব৷

You might also like