বটদ্রৱা থানত অসমবাসীৰ মংগল প্রার্থনা ড০ হিমন্ত বিশ্ব শর্মাৰ
নিয়মীয়া বাৰ্তা, ৬ এপ্ৰিলঃ প্রায় দুমাহজোৰা ধাৰাবাহিক নির্বাচনী প্রচাৰৰ অন্তত সোমবাৰে গুৰুজনাৰ পুণ্য ওপজা ভূমি বৰদোৱা থানত উপস্থিত হৈ অসমবাসীৰ কুশল–মংগল প্রার্থনা কৰে নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মাই৷ তেওঁ গুৱাহাটীৰ পৰা এখন বিশেষ হেলিকপ্টাৰেৰে বটদ্রৱা থানত উপস্থিত হৈ গুৰুজনাৰ শ্রীচৰণত সেৱা লয়৷ ড০ শর্মাই থানত সেৱা লৈ সাংবাদিকৰ আগত এইদৰে কয়– ‘জয়গুৰু শংকৰ৷ বটদ্রৱা থানৰ পৰাই মই অসমবাসীক সেৱা ধৰিছোঁ৷ দুমাহ ধৰি দৌৰাদৌৰিৰ অন্তত আজি গুৰুজনাৰ শ্রীচৰণত সেৱা লৈ পৰম শান্তি লাভ কৰিছোঁ৷’
উল্লেখ্য যে বটদ্রৱা থানৰ পৰম্পৰা ৰক্ষা কৰি সম্পূর্ণ জাতীয় সাজ পিন্ধি ড০ শর্মাই বটদ্রৱা থানত প্রৱেশ কৰে৷ থান চৌহদত প্রৱেশ কৰিয়েই গুৰুভক্তিত গদগদ হৈ পৰা নেডাৰ আহ্বায়কগৰাকীয়ে কয় যে গুৰুজনাক বাদ দি অসমীয়া জাতি আগুৱাব নোৱাৰে৷ গুৰুজনাৰ আদর্শৰেহে অসমীয়া জাতি বর্তি আছে৷ তেওঁ বটদ্রৱাৰ ঐতিহ্যমণ্ডিত কীর্তন ঘৰত চলি থকা নাম–প্রসংগত শৰাই–নৈবেদ্য, গুৱা–পাণ, বন্তি আগবঢ়াই সেৱা কৰে৷ আনহাতে, ৰাজ্যখনৰ দক্ষ জননেতাগৰাকীক কাষত পাই উজ্জীৱিত হৈ পৰা থানৰ ভকত–বৈষ্ণৱে তেওঁক ৰাজকার্যত সফল হ’বলৈ ‘ঔৱা হৰি ঔৱা ৰাম’ ধ্বনি দি আশীর্বাদ দিয়াৰ লগতে নির্মালি আৰু প্রসাদ প্রদান কৰে৷ নির্মালি আৰু প্রসাদ প্রফুল্লচিত্তে গ্রহণ কৰি উৎফুল্লিত হৈ পৰে ড০ হিমন্ত বিশ্ব শর্মা৷
ইয়াৰ পাছতে তেওঁ বটদ্রৱা থানৰ ১৪ প্রসংগত ভাগ লোৱা ভকত–বৈষ্ণৱৰ সৈতে মত বিনিময় কৰি গুৰুজনাৰ স্মৃতি বিজড়িত দুই পদশিলা স–ভক্তিৰে দর্শন কৰে৷ ড০ শর্মাই বটদ্রৱা থান দর্শনৰ অন্তত তপোবনৰ সুষমাৰে সুশোভিত ঐতিহাসিক আকাশীগংগাৰ তীৰত থকা পর্যটন নিৱাসলৈ গৈ থান পৰিচালনা সমিতিয়ে আগবঢ়োৱা অভিনন্দন আন্তৰিকতাৰে গ্রহণ কৰে৷ থান পৰিচালনা সমিতিয়ে তেওঁক পিতলৰ দৌল শৰাই, ধর্মবস্ত্র, বটদ্রৱা থানৰ স্মৃতিগ্রন্থ, কেলেণ্ডাৰ, কুঁহিলাৰ কঠ আদিৰে আদৰণি জনায়৷ তাত তেওঁ বটদ্রৱা থান পৰিচালনা সমিতিৰ সৈতে গুৰুত্বপূর্ণ আলোচনাত মিলিত হয়৷ শ্রীশ্রীবটদ্রৱা থান পৰিচালনা সমিতিৰ সাধাৰণ সম্পাদক ইন্দ্রমোহন বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত শ্রীশ্রীশ’লগুৰি সত্রৰ সত্রাধিকাৰ তথা বটদ্রৱা থান পৰিচালনা সমিতিৰ উপ–সভাপতি যোগেন্দ্র নাৰায়ণ দেৱ মহন্ত, বিধায়িকা আঙুৰলতা ডেকা, মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, প্রাক্তন মন্ত্রী গৌতম বৰা, ৰাজ্যিক বিজেপিৰ সদস্য ব্রজেন কাকতি, দেৱশ্রী বৰা, থান পৰিচালনা সমিতিৰ সহকাৰী সম্পাদক যোগেন শইকীয়া, সদস্য বিপিন বৰা, ৰাণা বৰা, ৰাজেন শইকীয়া, মুকুল শইকীয়া, পদুম কলিতা, সুশীল খাউণ্ড, নিৰেন ভূঞা, মণ্টু বৰাসহ কেইবাগৰাকী গণ্য–মান্য ব্যক্তিয়ে অংশগ্রহণ কৰে৷ মত বিনিময়ৰ পাছত নেডাৰ আহ্বায়ক ড০ শর্মাই বাহিৰলৈ ওলাই আহি শ্রীশ্রীনৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ সত্রাধিকাৰ চ’ৰা ঘৰত কিছু সময় কটায়৷ তাত তেওঁ সত্রাধিকাৰৰ সেৱা লৈ আশীর্বাদ গ্রহণ কৰে৷
ইফালে, নেডাৰ আহ্বায়ক ড০ শর্মাই বটদ্রৱা থানলৈ অহাৰ বাতৰি পাই অঞ্চলটোৰ জনসাধাৰণৰ মাজত ব্যাপক উছাহ দেখিবলৈ পোৱা যায়৷ পুৱাৰে পৰা প্রিয় নেতাজনক চাবলৈ জনতাৰ লানি নিছিগা সোঁত বয় বটদ্রৱা থানলৈ৷
উল্লেখ্য যে অসম বিধানসভা নির্বাচনৰ সময়সূচী ঘোষণাৰ পাছৰে পৰা ৰাজ্যখনৰ চৌদিশে নির্বাচনী প্রচাৰ চলাইছিল ড০ শর্মাই৷ তেওঁৰ বিৰামহীন নির্বাচনী প্রচাৰ অভিযানৰ দেওবাৰে সামৰণি পৰে৷ তাৰে ২৪ ঘণ্টা নৌহওঁতেই অগ্রণী ৰাজনৈতিক নেতাগৰাকীয়ে কালি পুৱা বটদ্রৱা থানলৈ উৰা মাৰে৷ লক্ষণীয় কথাটো হ’ল তেওঁ বটদ্রৱা থান ভ্রমণ ব্যক্তিগত লাভালাভৰ উদ্দেশ্যে নাছিল৷ ৰাজ্যবাসীৰ কুশল–মংগল কামনাৰ বাবে নেডাৰ আহ্বায়কগৰাকীয়ে বটদ্রৱালৈ গৈ গুৰুজনাৰ শ্রীচৰণত আশিস প্রার্থনা কৰে৷