নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আলাবৈ ৰণৰ স্মৃতিসৌধ উন্মোচন মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰঃ স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱৰ আলাবৈ ৰণৰ স্মৃতিসৌধ মুকলি কৰে। অসমৰ ঐতিহাসিক এখন ৰণ আলাবৈ ৰণৰ স্মৃতিসৌধ মুকলিৰ পিছতে মন্ত্ৰীগৰাকীয়ে কয়- অসম বুৰঞ্জীৰ চৰ্চিত এটা বিষয় আলাবৈৰ ৰণৰ বীৰত্বৰ গাথাক নতুনকৈ উপস্থাপন কৰা আমি দেখিবলৈ পাইছো।

ইতিমধ্যে ২০০৫ চনৰ পিছত আলাবৈৰ ৰণে বহু গৱেষকৰ গৱেষণাৰ সমল ৰূপে স্থান পাইছে।’ গৱেষকৰ অধ্যয়নৰ মাজেৰে এই ৰণ সম্পৰ্কীয় বহু নজনা কথা আমি জানিব পাৰিছো বুলি মন্ত্ৰীগৰাকীয়ে কয়। আজি আলাবৈ ৰণ এটা সম্পূৰ্ণ ইতিহাসত পৰিণত হোৱা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এইক্ষেত্ৰত শৰাইঘাট জাৰ্নেলিষ্ট ফ’ৰামৰ অৱদানৰ কথা সোঁৱৰণ কৰে।

উল্লেখ্য কামৰূপ গ্ৰাম্যৰ আৰক্ষী অধীক্ষক পাৰ্থ সাৰথি মহন্তৰ উদ্য়োগত নিৰ্মাণ কৰা হৈছে আলাবৈ ৰণ স্মৃতিসৌধ।

You might also like