নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামৰূপ সাৰ কাৰখানাৰ বাবে ভাল খবৰঃ কেন্দ্ৰীয় মন্ত্ৰী ডি ভি সদানন্দ গৌড়াৰে বৈঠক ড০ হিমন্ত বিশ্ব শৰ্মাৰ

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ উত্তৰ-পূবৰ একমাত্র গেছভিত্তিক সাৰ কাৰখানা ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেচন লিমিটেডৰ অধীনৰ নামৰূপ সাৰ কাৰখানাৰ চতুর্থ গোট স্থাপন হোৱাৰ সপোন এতিয়া সাৰ্থক হোৱাৰ দিশে আগবাঢ়িছে।

আজি কেন্দ্ৰীয় সাৰ আৰু ৰসায়ন বিভাগৰ মন্ত্ৰী সদানন্দ গৌড়াৰে হোৱা এক আলোচনা সভাত উপস্থিত থকাৰ পিছত কাৰখানাটোৰ চতুৰ্থটো গোট স্থাপনৰ ক্ষেত্ৰত সম্ভাৱনা ব্যক্ত কৰিছে বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰী ড০ শৰ্মাই জনাই যে চতুৰ্থটো গোটক লৈ থকা জটিলতা আঁতৰাবলৈ অসম চৰকাৰে বিনিয়োগৰ পৰিমাণ পূৰ্বৰ ১১ শতাংশৰ পৰিৱৰ্তে ২৬ শতাংশলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছে।

বিত্তমন্ত্ৰীগৰাকীয়ে কয়- ‘আজি সাৰ আৰু ৰসায়ন বিভাগৰ মন্ত্ৰী সদানন্দ গৌড়া ডাঙৰীয়াই এখন সভা আহ্বান কৰিছিল। নামৰূপ সাৰ কাৰখানাক পুনৰ উজ্জীৱিত কৰা বা ইয়াৰ ইউনিট ৪ কাৰ্যক্ষম কৰাক এই আলোচনা হৈছিল। অসম চৰকাৰে ১১ শতাংশৰ পৰিৱৰ্তে ২৬ শতাংশলৈ বিনিয়োগ বৃদ্ধিৰ প্ৰস্তাৱ দিছো। গতিকে ধাৰণা কৰা হৈছে যে এই প্ৰস্তাৱৰ ভিত্তিত প্ৰকল্পটো সাজু হৈ উঠিব বা ইয়াক কেন্দ্ৰীয় চৰকাৰে অনুমোদন দিব বুলি আশা কৰা হৈছে।’

আনহাতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে এই সম্পৰ্কত সঘনে যোগাযোগত থকা বুলিও মন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে। মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰা মতে, কেন্দ্ৰীয় চৰকাৰে এই সন্দৰ্ভত সেউজ সংকেত দিব।

উল্লেখ্য ১৯৬৯ চনৰ পৰা কাম আৰম্ভ হোৱা কাৰখানাটোৰ ২য় আৰু ৩য় গোটৰ কাম অতি দুৰ্বলভাৱে চলি থকাৰ পিছত ৪ৰ্থটো গোট মুকলি কৰাৰ বাবে চেষ্টা চলাই থকা হৈছিল যদিও ই কাৰ্যতঃ হৈ উঠা নাছিল। কিন্তু আজিৰ বৈঠকৰ পিছত বিত্তমন্ত্ৰীগৰাকীয়ে ব্যক্ত কৰা মন্তব্যৰ পৰা এইক্ষেত্ৰত সম্ভাৱনাৰ দুৱাৰ মুকলি হৈছে বুলি ক’ব পাৰি।

You might also like