ড০ হিমন্ত বিশ্ব শর্মাক আলফা চৰকাৰৰ মধ্যস্থতাকাৰীৰ ৰূপত বিচাৰোঁ
স্বাস্থ্যমন্ত্রীক প্রশংসা পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃৰ
নিয়মীয়া বাৰ্তা ৬ মেঃ সমগ্র বিশ্বতে ত্রাস সৃষ্টিকাৰী মহামাৰী ক’ভিড–১৯ৰ বিৰুদ্ধে অসমত দিন–ৰাতি একাকাৰ কৰি যুদ্ধত অৱতীর্ণ হোৱা স্বাস্থ্য তথা বিত্ত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রশংসাত পঞ্চমুখ হ’ল আলফা (স্বা)ৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱা৷ ‘নিয়মীয়া বার্তা’ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিমল বৰুৱাই কয় বিশ্বত ত্রাস সৃষ্টিকাৰী মহামাৰী ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে আমি মানৱ জাতিটোৱে অতি শৃংখলাবদ্ধভাৱে যুঁজত অৱতীর্ণ হ’ব লাগিব আৰু নিজকে সুৰক্ষিত কৰি ৰাখিব লাগিব৷ ইয়াৰ অবিহনে মানৱ জাতিৰ নিস্তাৰ নাই৷ তেওঁ লগতে উল্লেখ কৰে যে অসমৰ ক্ষেত্রত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ক’ৰোনা প্রতিৰোধৰ বাবে যি পদক্ষেপ গ্রহণ কৰিছে সেয়া উল্লেখনীয় আৰু প্রশংসনীয়৷ মন্ত্রীগৰাকীয়ে দিন–ৰাতি একাকাৰ কৰি যিদৰে মানৱ জাতিটোৰ সেৱাত অৱতীর্ণ হৈছে, সেয়া সঁচাকৈয়ে শলাগিবলগীয়া৷ তেওঁৰ লগত আমাৰ নীতি–আদর্শৰ মতভেদ আছে যদিও তেখেতৰ কর্মদক্ষতাক আমি সন্মান জনাওঁ৷ হিমন্ত বিশ্ব শর্মা এজন সফল, দক্ষ, আৰু সুশাসক৷ তেখেতৰ মন্ত্রিত্ব কালতে অসম চৰকাৰৰ কেইবাটাও বিভাগৰ উন্নয়ন সাধন হ’ল৷ আমি তেখেতৰ সুস্বাস্থ্য কামনা কৰো৷ বিমল বৰুৱাই লগতে উল্লেখ কৰে দীর্ঘদিনীয়া আলফা সমস্যা সমাধানৰ ক্ষেত্রত মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই নেতৃত্ব বহন কৰক৷ আলফা–চৰকাৰৰ আলোচনা এক ইতিবাচক ৰূপ দিবলৈ তেখেতক আমি মধ্যস্থতাকাৰীৰ ভূমিকা গ্রহণ কৰিবলৈ আহ্বান জনাইছো৷ এইক্ষেত্রত আমাৰ সম্পূর্ণ সহযোগিতা থাকিব৷ উল্লেখ্য যে এই সাক্ষাৎকাৰত বিমল বৰুৱাক যথেষ্ট উৎসাহিত হোৱা পৰিলক্ষিত হ’ল৷ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই পৰেশ ভাতৃৰ এই আহ্বানক কেনেদৰে গ্রহণ কৰে, সেয়া হ’ব লক্ষণীয়৷