নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড০ হিমন্ত বিশ্ব শর্মালৈ অসমীয়াৰ স্বাভিমান বঁটা–২০২০

নিয়মীয়া বাৰ্তা, ৫ জুনঃ মহামাৰী প্রতিৰোধত ৰাজ্যখনক সমুখৰ পৰাই নেতৃত্ব দিয়া স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক সন্মান জনাবলৈ ওলাইছে দৰঙৰ ২২ টাকৈ ভিন্ন সংগঠনে৷

সংগঠনসমূহৰ ঐকমত্য আৰু প্রস্তাৱ স্বৰূপে দৰঙৰ খ্যাতনামা শিক্ষাবিদ ড০ হৰিশ ডেকা স্মাৰক অনুপ্রেৰণামূলক স্বাভিমান বঁটা–২০২০ বৃহস্পতিবাৰে ড০ শর্মালৈ ঘোষণা কৰিছে৷

বৃহস্পতিবাৰে মঙলদৈ য়ুথ ক্লাবত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে মঙলদৈ জ্ঞানবিকাশ একাডেমীৰ সঞ্চালক কুশল কলিতাই৷ সংবাদ মেলত প্রয়াত শিক্ষাবিদগৰাকীৰ পত্নী তথা মঙলদৈ চৰকাৰী উঃ মাঃ বিদ্যালয়ৰ কৃতী শিক্ষয়িত্রী মীনা ডেকা, ড০ হৰিশ ডেকা স্মাৰকৰ অধ্যক্ষা নীলিমা দেৱী, দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামী, অৱসৰী অধ্যক্ষ দিবাকৰ বৈশ্য, গিৰীশ কলিতাসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷ সংবাদ মেলত কলিতাই প্রকাশ কৰে যে ২০১৭ চনৰ পৰাই এই বঁটা প্রদান কৰি অহা হৈছে আৰু শিক্ষা, সংস্কৃতি, কৃষি ক্ষেত্রত বিশেষ অৰিহণাৰ লগতে সৃষ্টিশীলতাৰে উজলি উঠা কেইবাগৰাকীলৈ এই বঁটা প্রদান কৰা হৈছে৷

শেহতীয়াকৈ দৰঙৰ ২২ টা বিভিন্ন ক্ষেত্রৰে জডিত সংগঠনে এইবাৰ ড০ হিমন্ত বিশ্ব শর্মাৰ দৰে প্রতিভাধৰ অসমীয়াক বঁটা প্রদানৰ মত পোষণ কৰে৷ ড০ শর্মাৰ ৰাজনৈতিক ক্ষেত্রৰ লগতে অসমীয়াৰ ভৱিষ্যৎ সুৰক্ষিত আৰু অগ্রণী জাতি হিচাপে চিনাকি দিবলৈ সর্বসময়ে প্রচেষ্টা অব্যাহত ৰখাৰ বাবে মনোনীত কৰে৷ সাম্প্রতিক সময়ৰ বাবে এই বঁটা নৱেম্বৰত দেশৰ এগৰাকী বিশিষ্ট লোকৰ দ্বাৰা প্রদান কৰা হ’ব বুলি সদৰী কৰে৷

You might also like