নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সদ্যগঠিত ৰাজনৈতিক দলবোৰ চেমনীয়া চ’ৰাৰ দৰেঃ মন্ত্রী ড০ শর্মা

দুর্গা পূজাৰ পাছতেই সমষ্টি বুজাবুজিক লৈ অগপ–বিজেপিৰ বৈঠক

নিয়মীয়া বার্তা, ৪ অক্টোবৰঃ ‘চেমনীয়া চ’ৰাৰ দৰে অসমত গঠন হোৱা ৰাজনৈতিক দলসমূহে আমাৰ কোনোধৰণৰ ক্ষতি কৰিব নোৱাৰে৷ নতুন দলসমূহৰ সকলোৱে মুখ্যমন্ত্রী হোৱাৰ সপোন দেখিছে৷ আমি বর্তমান বিজেপি–অগপৰ মিত্রতাৰে সুকলমে আছোঁ আৰু থাকিম৷’ –এই বক্তব্য ৰাজ্যৰ স্বাস্থ্য, শিক্ষা, বিত্ত, লোকনির্মাণ আদি বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷

বোকাখাতত ১২ কোটি ৫ লাখ ৬১ হাজাৰ ৯শ টকা ব্যয় সাপেক্ষে নির্মাণ কৰি উলিওৱা শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়খনৰ দ্বাৰ উদ্ঘাটন কৰি সাংবাদিকৰে হোৱা আছুতীয়া বার্তালাপত মন্ত্রীগৰাকীয়ে এইদৰে কয়৷ দুর্গাপূজাৰ পাছতে অগপ–বিজেপি মিত্রজোঁটৰ বৈঠক বহিব আৰু তাতেই সমষ্টি নির্ধাৰণ কৰা হ’ব বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে অগপৰ সভাপতিগৰাকী ‘আপোনালোকৰ জনপ্রিয় নেতা’৷

গায়ন–বায়ন, মাংগলিক উৰুলি ধ্বনিৰে নৱনির্মিত চিকিৎসালয়খনৰ দ্বাৰ উদ্ঘাটনৰ পাছত বোকাখাত নাট্য মন্দিৰত অনুষ্ঠিত উদ্বোধনী সভাত তেওঁ কয়– ২০১৮ চনত আধাৰশিলা নিজে স্থাপন কৰি নিজ হাতে দ্বাৰ উদ্ঘাটন কৰিলোঁ৷ এই সৌভাগ্য বহু কম ৰাজনৈতিক নেতাৰহে হয়৷ আই চি ইউ, চাইল্ড কেয়াৰ, বার্নিং চিকিৎসা আদিৰ পর্যাপ্ত সুবিধাৰে আজি উদ্ঘাটন কৰা চিকিৎসালয়খনৰ সৈতে অচিৰেই ১৩ কোটি টকা ব্যয়েৰে এটা ট্ৰ’মা চেণ্টাৰৰ কাম আৰম্ভ হ’ব৷

বোকাখাতক পর্যটন নগৰীলৈ উন্নীত কৰাকে ধৰি একাংশ আঁচনি গ্রহণ কৰা হ’ব৷ বোকাখাতক লৈ ‘আমাৰ সপোন আছে’ বুলি উল্লেখ কৰি কয়– ‘আমি সংকল্পক সিদ্ধিলৈ’ ৰূপান্তৰ কৰিম৷ অহা ৫ বছৰৰ ভিতৰত গোলাঘাটত মেডিকেল কলেজ আৰু সতী সাধনী বিশ্ববিদ্যালয়ৰ কাম আৰম্ভ কৰাৰ কথাও উল্লেখ কৰে মন্ত্রীগৰাকীয়ে৷ মহামাৰী ক’ভিড–১৯ সন্দর্ভত অধিক সতর্কতাৰে ক’ভিড নীতি মানি চলিবলৈ আহ্বান জনাই কয় যে মাস্ক ব্যৱহাৰ আৰু হাত ধোৱা কাম অবিৰতভাৱে কৰি যাওক৷

এবাৰ ক’ভিডত আক্রান্ত হৈ ভাল হোৱাসকলো নিৰাপদ নহয় বুলি উল্লেখ কৰি ড০ মন্ত্রী শর্মাই কয়– ক’ভিড–১৯ৰ পৰা আৰোগ্য পালেও হাঁওফাঁওত ছিদ্র ৰৈ যাব পাৰে৷ বর্তমানলৈকে ৰাজ্যখনত ৭০০ ক’ভিড ৰোগীৰ মৃত্যুৰ বিপৰীতে আক্রান্ত হৈছে ১.৮০ লাখ৷ ইয়াৰে ৩১ হাজাৰ বর্তমানো চিকিৎসাধীন৷ তেওঁ লগতে কয় যে ক’ভিডকালত অসম চৰকাৰে লোৱা তৎপৰতা দেখি কেৱল দেশেই নহয়, বহিঃদেশৰো চকু থৰ হৈ গৈছে৷ এই সময়ছোৱাত তাৎক্ষণিকভাৱে চিকিৎসালয় মুকলি, চিকিৎসক–নার্ছ নিযুক্তিৰে চৰকাৰে কৰা কাম আন ৰাজ্যই কৰিব পৰা নাই৷

ক’ভিড পৰিস্থিতিত দেশৰ অন্যান্য ৰাজ্যই চৰকাৰী কর্মচাৰীক ৫০ শতাংশ দৰমহা কর্তন কৰাৰ সময়ত অসম চৰকাৰৰ প্রতিগৰাকী কর্মচাৰীয়ে মাহৰ ১ তাৰিখে সম্পূর্ণ দৰমহা পাইছে৷ ক’ভিড পৰিস্থিতিত বহিঃৰাজ্যত বিপন্ন ৪ লাখ যুৱক–যুৱতীক অর্থ–সাহায্য দিয়াৰ লগতে ৰাজ্যখনৰ ৭ লাখ ছাত্র–ছাত্রীক মহাবিদ্যালয়–বিশ্ববিদ্যালয়ত বিনামূলীয়া নামভর্তিৰ ব্যৱস্থা কৰা হৈছে৷ এনে পৰিস্থিতিত ক’ভিড নিয়ন্ত্রণত অসম দেশৰ শীর্ষত থকাৰ লগতে প্রতি বছৰে পাঁচ হাজাৰ কিলোমিটাৰ পথ নির্মাণ কৰিও দৃষ্টি আকর্ষণ কৰিবলৈ সক্ষম হৈছে৷

বোকাখাতৰ বিধায়ক অগপৰ সভাপতি, জ্যেষ্ঠ মন্ত্রী অতুল বৰা সন্দর্ভত তেওঁ কয়– ‘তেওঁৰ দক্ষতাক শলাগিবলগীয়া৷ বোকাখাতৰ উন্নয়নৰ সপোন বুকুত লৈ ফুৰা এইগৰাকী জনপ্রতিনিধিক ‘আপোনালোকৰ মৰমৰ প্রয়োজন’৷ ইফালে, জ্যেষ্ঠ মন্ত্রী অতুল বৰাই তেওঁৰ বক্তব্যত বোকাখাতৰ সমস্যাসমূহ মন্ত্রীগৰাকীক মুকলিকৈ বুজাই দিয়ে৷ বোকাখাত নগৰতেই সর্বাধিক বানপানী হয় বুলি উল্লেখ কৰি বোকাখাতৰ উন্নয়নৰ বাবে মন্ত্রীগৰাকীক ব্যৱস্থা লোৱাৰ আহ্বান জনায়৷

দুটাকৈ কার্যকাল নির্দলীয় বিধায়কে সমষ্টিটো দখলৰ পাছতো উন্নয়নশূন্য হৈ থাকিল৷ দীর্ঘ ব্যৱধানত দুবাৰকৈ সমষ্টিটো অগপই প্রতিনিধিত্ব কৰিছে৷ বর্তমানৰ পাঁচটা বছৰত বোকাখাতত হোৱা সর্বাধিক উন্নয়নৰ ক্ষেত্রত অসম চৰকাৰ, বিশেষকৈ মন্ত্রী ড০ শর্মাৰ আন্তৰিকতাক তেওঁ ধন্যবাদ জনায়৷

সভাত ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকা, সাংসদ পল্লৱলোচন দাস, কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চি ই এম তুলিৰাম ৰংহাং আদিয়ে বিশিষ্ট অতিথি হিচাপে অংশগ্রহণ কৰে৷ ইফালে, বোকাখাত মহকুমা সাংবাদিক সংস্থাই এই সভাতে ড০ শর্মাৰ হাতত সতী সাধনী বিশ্ববিদ্যালয়খন বোকাখাতত স্থাপন কৰিবৰ বাবে এখন স্মাৰক–পত্র প্রদান কৰে৷ আদৰণী ভাষণ প্রদান কৰে গোলাঘাটৰ জিলা উপায়ুক্ত বিভাস মোদীয়ে৷

You might also like