নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি চাপৰিত সাঁকো নাট্য কলা বিদ্যালয়ৰ গ্ৰীষ্মকালীন নাট কৰ্মশালা

নিয়মীয়া বাৰ্তা,  ৯জুলাই : ঢকুৱাখনাৰ সোণাৰি চাপৰিত বিগত বৰ্ষৰ দৰে এইবাৰো সাঁকো নাট্য কলা বিদ্যালয়ৰ উদ্যোগত সংস্কাৰ ভাৰতী উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ দ্বাৰা ১ জুলাইৰ পৰা অনুষ্ঠিত হৈছে ২০ দিনীয়াকৈ গ্ৰীষ্মকালীন নাট কৰ্মশালা। ২০ জুলাইলৈ অনুষ্ঠিত হ’বলগীয়া এই নাট কৰ্মশালাত শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি সংগীত, নৃত্য, চিত্ৰকলা, আবৃত্তি আৰু অভিনয়ৰ বিষয়ত বিশেষজ্ঞসকলৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে।অঞ্চলটোৰ শতাধিক কিশোৰ-কিশোৰীয়ে অংশগ্ৰহণ কৰা এই কৰ্মশালাত সংস্কাৰ ভাৰতীৰ উত্তৰ অসম প্ৰান্তৰ নাট্য বিধাৰ প্ৰমুখ তথা ৰাষ্ট্ৰীয় পর্য্যায়ৰ নাট পৰিচালক দয়াল কৃষ্ণ নাথৰ লগতে বিহাৰৰ ৰাষ্ট্ৰীয় বঁটাপ্ৰাপক নাট পৰিচালক ৰবি ৰঞ্জন কুমাৰে পাঠদান কৰে। কৰ্মশালাৰ অন্তত সাঁকো নাট্য কলা বিদ্যালয়ৰ উদ্যোগত প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষাৰ্থীসকলৰ দ্বাৰা নাটকৰ এক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হ’ব, লগতে নাট্য কলা বিদ্যালয়ৰ তৰফৰ পৰা প্ৰশিক্ষাৰ্থীসকলক আনুষ্ঠানিকভাৱে একোখনিকৈ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হ’ব বুলি কৰ্মশালাৰ পৰিচালক গোপমণি গগৈ আৰু পৰিচালনাৰ সহায়ক নৱকান্ত চুতীয়াই জানিবলৈ দিয়ে। গ্ৰীষ্মকালীন বন্ধত এনে কৰ্মশালাৰ জৰিয়তে স্থানীয় কণ কণ শিশু, কিশোৰ-কিশোৰীসকলক আগবঢ়াই নিয়াত সাঁকো নাট্য কলা বিদ্যালয়ৰ ভূমিকাক অভিভাৱক, স্থানীয় সচেতন ৰাইজ আদি সকলোৱে শলাগ লৈছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like