নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সোণাৰি ৰাজহুৱা বিহু সন্মিলন উপলক্ষে জিলা ভিত্তিত চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা

বিশেষ বাৰ্তা ,১২ মেঃ ৩৬ সংখ্যক সোণাৰি ৰাজহুৱা বিহু সন্মিলনৰ লগত সংগতি ৰাখি যোৱা ১২ মে তাৰিখে সোণাৰি ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগনত চৰাইদেউ জিলা ভিত্তিত চিত্ৰাংকন আৰু নাহৰ ফুলাৰ বতৰ শীৰ্ষক আন্ত:শিক্ষানুষ্ঠান ভিত্তিক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়৷ চিত্ৰাংকন প্ৰতিযোগিতা দুটা শাখাত অনুষ্ঠিত হয়৷ প্ৰতিযোগিতাত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ ২০০ গৰাকী প্ৰতিযোগীয়ে অংশ গ্ৰহন কৰে৷’ক’শাখাত শংকৰদেৱ শিশু বিদ্যানিকেতন সোণাৰিৰ ঋষিতা দাস প্ৰথম,হাজী অচিমুদ্দীন মিছন একাডেমী সোণাৰিৰ ৰাগনীল বৰগোহাঁই দ্বিতীয়,শংকৰদেৱ শিশু বিদ্যানিকেতন সোণাৰিৰ সুনয়না দত্ত তৃতীয়,হাজী অচিমুদ্দিন মিছন একাডেমী সোণাৰিৰ ৰুচিমন কোঁৱৰে চতুৰ্থ স্থান লাভ কৰে৷ ‘খ’ শাখাৰ চিত্ৰাংকন প্ৰতিযোগিতাত সোণাৰি জাতীয় বিদ্যালয়ৰ মেঘালী গগৈ প্ৰথম,হাজী অচিমুদ্দিন মিছন একাডেমী সোণাৰিৰ সমীৰণ দাস দ্বিতীয়,হাজী অচিমুদ্দিন মিছন একাডেমী সোণাৰিৰ প্ৰাচী বাইলুং তৃতীয় আৰু সোণাৰি জাতীয় বিদ্যালয়ৰ যুগজ্যোতি উৰাং চতুৰ্থ স্থান লাভ কৰে৷প্ৰতিযোগিতাখনত বিচাৰক হিচাপে উপস্থিত থাকে ক্ৰমে জয়ন্তী আচাৰ্য আৰু অনৰাগ বড়া৷ইয়াৰ পিছতে চৰাইদেউ জিলা ভিত্তিত নাহৰ ফুলাৰ বতৰ শীৰ্ষক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়৷প্ৰতিযোগিতাত জিলাখনৰ. বিভিন্ন শিক্ষানুষ্ঠানৰ ৭০টা দলে অংশ গ্ৰহন কৰে৷৫ ৰাউণ্ডৰ মূল প্ৰতিযোগিতাৰ অন্তত সোণাৰি চিনিয়ৰ চেকেণ্ডেৰী স্কুল আৰু সোণাৰি জাতীয় বিদ্যালয়ৰ জিকমিক সমাদৃতা গগৈ আৰু বৰ্ণিল অনুভৱ নেওগ প্ৰথম,হাজী অচিমুদ্দিন মিচন একাডেমী সোণাৰিৰ বিৰাজ বল্লভ গগৈ আৰু স্নেহা শিখা চুতীয়া দ্বিতীয়,হাজী অচিমুদ্দিন মিছন একাডেমী সোণাৰিৰ চুপ্ৰিম বৰুৱা আৰু হিমাংশু ফুকন তৃতীয়,সোণাৰি চিনিয়ৰ চেকেণ্ডেৰী স্কুলৰ মৌচুম গগৈ আৰু অনুপম দাস চতুৰ্থ,ব্লুছম একাডেমী মথুৰাপুৰৰ নিলাক্ষী দুৱৰা পঞ্চম আৰু সোণাৰি জাতীয় বিদ্যালয়ৰ আইৰিন চেতিয়া আৰু তৃষা বুঢ়াগোহাঁই ষষ্ঠস্থান লাভ কৰে৷প্ৰতিযোগিতাখন সামগ্ৰীকভাৱে পৰিচালনা কৰে উজনি অসমৰ একমাত্ৰ পেছাদাৰী কুইজ গ্ৰুপ ক্লিক অন কুইজৰ হৈ জনপ্ৰিয় কুইজ মাষ্টাৰ নৱজ্যোতি ভৰালীয়ে আৰু কাৰিকৰী দিশটো পৰিচালনা কৰে ক্ৰমে ৰবিজিত বৰুৱা,নৰেন ৰাজখোৱা আৰু প্ৰীতিমা চাংমাইয়ে৷ইয়াৰ পিছতে অনুষ্ঠিত হোৱা বটাঁ বিতৰণী সভাত নৰেন ৰাজখোৱা,বিপ্লৱজ্যোতি ৰাজখোৱা,অনিল বৰগোঁহাই,পাপু বৰগোহাঁই আৰু প্ৰীতিমা চাংমাই উপস্থিত থাকি বিজয়ী প্ৰতিযোগী সকলৰ মাজত বটাঁ সমূহ বিতৰণ কৰে৷
প্ৰেৰক দীপাংকৰ পাল

You might also like