নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ড্রাগছ ব্যৱসায়ীয়ে দুবছৰপর্যন্ত নাপাব জামিন

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ নগাঁও আৰক্ষীয়ে অবৈধ নিচাযুক্ত দ্রব্যৰ ব্যৱসায় আৰু সৰবৰাহৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে৷ এনে ব্যৱসায়ৰ লগত জড়িতসকলৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্রহণ কৰা হ’ব৷ কালি নগাঁৱৰ আৰক্ষী ছাউনীত আয়োজিত এখন সংবাদ মেলত নগাঁৱৰ আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপে এই কথা অৱগত কৰি কয়– ‘নিচাযুক্ত ঔষধৰ ব্যৱসায় আৰু সৰবৰাহৰ বিৰুদ্ধে আমাৰ যুদ্ধ চলি আছে আৰু চলি থাকিব৷  এনে ব্যৱসায়ৰ লগত জড়িতৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰি আহিছো আৰু ভৱিষ্যতেও কৰি যাম৷’

সংবাদ মেলত আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দর্ভত ছটা মাহত লাভ কৰা সফলতাৰ ব্যাখ্যা দাঙি ধৰি জানিব দিয়ে যে এই সময়ছোৱাৰ ভিতৰত নগাঁও আৰক্ষীয়ে নিচাযুক্ত ঔষধৰ ব্যৱসায় আৰু সৰবৰাহৰ সন্দর্ভত ৬৭টা গোচৰ এন ডি পি এছ এক্ট ১৯৮৮ অধীনত পঞ্জীয়ন কৰা হৈছে৷ ১৩৫জন ড্রাগছ সৰবৰাহকাৰীক কাৰাগাৰলৈ প্রেৰণ কৰা হৈছে৷ ৬৬ হাজাৰটা টেবলেট, ১৭৬০০টা কফ ছিৰাফ, ১২ কিঃগ্রাঃ গাঞ্জা, ১.৪৫ কিঃগ্রাঃ হিৰইন, ৩৯৫ গ্রাম ব্রাউন ছুগাৰ জব্দ কৰা হৈছে৷

নগাঁও চহৰৰ অবৈধ নিচাযুক্ত দ্রব্যৰ লগত জডিত পাঁচখন প্রতিষ্ঠানৰ অনুজ্ঞা–পত্র ইতিমধ্যে বাতিল কৰা হৈছে৷ সেই প্রতিষ্ঠানকেইখন হ’ল এম আজাদ নগৰৰ মেছার্ছ জে এন ফার্মাচিউটিকেলছ, মেছার্ছ এইচ এণ্ড এন ড্রাগছ ডিষ্ট্রিবিউটৰ, এল এন বি পথৰ মেছার্ছ লাকী ড্রাগছ ডিষ্ট্রিবিউটৰ, মছজিদ পথ ফৌজদাৰীপট্টিৰ মেছার্ছ ভাস্কৰজ্যোতি এণ্টাৰপ্রাইজ আৰু আমোলাপট্টি মেছার্ছ আছাম হ’ল চেল ড্রাগছ ডিষ্ট্রিবিউটৰ৷

অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ সচিবে জাৰি কৰা এই সম্পর্কীয় নির্দেশৰ ব্যাখ্যা কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে কয়– ‘চৰকাৰৰ এই নতুন পদক্ষেপৰ বাবে এন ডি পি এছ আইন ১৯৮৮ অধীনত নিচাযুক্ত ঔষধ সৰবৰাহৰ লগত জডিত কোনো অপৰাধীয়ে ২ বছৰপর্যন্ত জামিন লাভ নকৰিব৷’

You might also like