নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছয় তৰপীয়া নেটৱর্কেৰে ৰাজ্যত ড্রাগ্ছৰ বেহা

নিয়মীয়া বাৰ্তা, ২ জুনঃ অসম তথা গুৱাহাটী মহানগৰী আন্তঃৰাষ্ট্রীয় ড্রাগ্ছ ব্যৱসায়ী চক্রৰ নতুন লক্ষ্যস্থান হৈ পৰিছে৷ পূর্বতে গুৱাহাটীৰ মাজেৰে অন্য স্থানলৈ ড্রাগ্ছ সৰবৰাহ হৈছিল যদিও এতিয়া মহানগৰী হৈ পৰিছে বিক্রীৰ অভিকেন্দ্র৷ এই অঞ্চলত ড্রাগ্ছৰ চাহিদা বৃদ্ধি পোৱা বাবেই বিক্রীৰ বাবে বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্রী ইয়ালৈ প্রেৰণ কৰা হয়৷

অসমত ড্রাগ্ছৰ প্রচলনে ভয়াৱহ ৰূপ লোৱাৰ কথা এইদৰে নিজ মুখে সদৰী কৰে অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তই৷ মঙলবাৰে ‘নিয়মীয়া বার্তা’ৰে হোৱা এক আছুতীয়া বার্তালাপত ডিজিপি মহন্তই কয় যে মূলতঃ ছয় তৰপীয়া নেটৱর্কেৰে অসমত নিষিদ্ধ ড্রাগ্ছৰ সাম্রাজ্য চলি আছে৷ এই নেটৱর্কৰ শীর্ষত আছে আন্তঃৰাষ্ট্রীয় স্তৰৰ প্রডাকচন মেনেজাৰ যিয়ে ড্রাগ্ছৰ বাবে প্রয়োজন হোৱা কেঁচামাল অর্থাৎ অপিয়াম উৎপাদনৰ কাম কৰে৷ মূলতঃ ম্যানমাৰত অপিয়াম উৎপাদন হয় যদিও তাৰ পৰা প্রয়োজনীয় চাহিদা পূৰণ নহয়৷ সেয়ে ড্রাগ্ছ উদ্যোগৰ প্রডাকচন মেনেজাৰসকলে উত্তৰ–পূর্বাঞ্চলৰ মণিপুৰ, অৰুণাচল প্রদেশ আদিৰ দুর্গম পাহাৰীয়া অঞ্চলসমূহ অপিয়াম খেতিৰ বাবে ব্যৱহাৰ কৰিছে৷ এই কামত নিয়োজিত হৈ থাকে ড্রাগ্ছ নেটৱর্কৰ দ্বিতীয় স্তৰ৷ তেওঁলোকে অপিয়াম খেতিৰ সুৰক্ষাৰ দায়িত্ব লয় আৰু তাৰ বিনিময়ত প্রডাকচন মেনেজাৰৰ পৰা বৃহৎ পৰিমাণৰ ধন আদায় কৰে৷

উত্তৰ–পূবৰ বিভিন্ন উগ্রপন্থী সংগঠনেই অপিয়াম খেতিৰ ‘প্রটেকচন’ দি আহিছে৷ পৰৱর্তী সময়ত অপিয়াম অর্থাৎ কেঁচামাল লৈ যোৱা হয় ম্যানমাৰলৈ৷ ম্যানমাৰত বজাৰৰ চাহিদা অনুযায়ী বিভিন্ন প্রকাৰৰ ড্রাগ্ছ প্রস্তুত কৰি তুলি দিয়া হয় নেটৱর্কৰ তৃতীয় স্তৰ অর্থাৎ ‘ডিষ্ট্রিবিউটৰ’ বা বিতৰকৰ হাতত৷ এই বিতৰকসকলেই পৰৱর্তী পর্যায়ত ভাগে ভাগে ‘কেৰিয়াৰ’ক বিভিন্ন স্থানলৈ ড্রাগ্ছ সৰবৰাহৰ দায়িত্ব দিয়ে৷ তেওঁলোকে অসম বা উত্তৰ–পূবৰ অন্য স্থানলৈ বৃহৎ পৰিমাণৰ ড্রাগ্ছ নির্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্রেৰণ কৰি থাকে৷ ড্রাগ্ছ নেটৱর্কত ইয়াৰ পিছত জড়িত হৈ পৰে বহুসংখ্যক স্থানীয় লোক৷

স্থানীয়ভাৱে ড্রাগ্ছ মজুতকাৰীসকলে সমগ্র ব্যৱসায়টোত গুৰুত্বপূর্ণ ভূমিকা পালন কৰে যাক ‘ৰিচিভাৰ’ বুলি কোৱা হয়৷ ড্রাগ্ছ নেটৱর্কৰ অন্তিম স্তৰত থাকে লোকেল ডিষ্ট্রিবিউটৰ৷ তেওঁলোকে এজেণ্টৰ জৰিয়তে অসমৰ বিভিন্ন স্থানত বিষাক্ত ড্রাগ্ছসমূহ বিক্রী কৰে৷ একাংশ ডিষ্ট্রিবিউটৰে নিজে বিক্রীৰ দায়িত্ব লোৱাৰ লগতে আন একাংশই নিজৰ বিশ্বস্ত লোক আৰু নিচাসক্ত যুৱকৰ জৰিয়তে ড্রাগ্ছ বিক্রী কৰি আহিছে৷ তদুপৰি নিজে ড্রাগছ সেৱন নকৰা একাংশ যুৱকে শেহতীয়াকৈ ড্রাগ্ছ বিক্রী কৰিবলৈ লৈছে৷ আৰক্ষীৰ অনুসন্ধানত যি কথা পোহৰলৈ আহিছে৷ ড্রাগ্ছ সাম্রাজ্যৰ আন এক বিস্ফোৰক তথ্য সদৰী কৰি আৰক্ষী সঞ্চালকপ্রধানগৰা লগতে কয় যে বিহাৰ–উত্তৰ প্রদেশৰ বহু মাফিয়াই অসমত অপিয়াম বা কানি খেতি কৰিবলৈ আৰম্ভ কৰিছে৷

ইয়াৰ বাবে তেওঁলোকে অসমৰ ভিতৰুৱা চৰাঞ্চলসমূহৰ খেতি মাটি আধিলৈ লয় আৰু স্থানীয় লোকক নিয়োজিত কৰি কানি খেতিত লগায়৷ অসম আৰক্ষীয়ে ২০২০ চনত ৬৯ বিঘা আৰু ২০২১ চনৰ মে’ মাহলৈ ১৫ বিঘা কানি খেতি উৎখাত কৰিছে৷ মূলতঃ বৰপেটা, দক্ষিণ শালমাৰা আৰু কামৰূপৰ চৰাঞ্চলত কানি খেতি ধৰা পৰিছে বুলি অসম আৰক্ষীৰ মুৰব্বীগৰাকীয়ে সদৰী কৰে৷

অসমত বৃদ্ধি পাই অহা ড্রাগ্ছৰ প্রচলন সন্দর্ভত পৰিসংখ্যা দাঙি ধৰি ডিজিপি মহন্তই কয় যে নিষিদ্ধ ড্রাগ্ছৰ ব্যৱসায় সংক্রান্তত ২০১৮ চনত ৪৫৫টা, ২০১৯ চনত ৮২৬টা, ২০২০ চনত ৯৮০টা আৰু ২০২১ চনৰ মে’ পর্যন্ত ৫৫২টা গোচৰ ৰুজু হৈছে৷ একেদৰে ২০১৮ত ৬৯৪জন, ২০১৯ চনত ১,২২৬জন, ২০২০ চনত ১,৬৫২জন আৰু ২০২১ চনৰ মে’ পর্যন্ত ৮৩৮জন অপৰাধীক গ্রেপ্তাৰ কৰা হৈছে৷ এই বছৰসমূহত জব্দ হোৱা ড্রাগ্ছ বা আন নিচাযুক্ত সামগ্রীৰ পৰিমাণ এনেধৰণৰ– ২০১৮ চনত হেৰ’ইন ৭ কেজি, অপিয়াম ১০ কেজি, কফ ছিৰাপ ১.২৫ লাখ বটল আৰু ৪ লাখ মেথ টেবলেট, ২০১৯ চনত ২৪ কেজি হেৰ’ইন, ২৬ কেজি অপিয়াম, ৫৫ হাজাৰ বটল কফ ছিৰাপ, ১৫.৩৭ লাখ মেথ টেবলেট আৰু ৬ কেজি মৰফিন, ২০২০ চনত হেৰ’ইন ২৮ কেজি, অপিয়াম ১৭ কেজি, কফ ছিৰাপ ৮৭ হাজাৰ বটল, মেথ টেবলেট ১২.৭৭ লাখ, মৰফিন ২৪ কেজি আৰু কোকেইন৷ একেদৰে ২০২১ চনৰ মে’ মাহ পর্যন্ত ১৭ কেজি হেৰ’ইন, ৩০ কেজি অপিয়াম, ১৪,৯৭৪ বটল কফ ছিৰাপ, ৭.৪৮ লাখ মেথ টেবলেট, ১.৫ কেজি মৰফিন জব্দ হৈছে৷ চলিত বছৰটোত প্রতিমাহে ৰুজু হোৱা ড্রাগ্ছ সংক্রান্তীয় গোচৰৰ সংখ্যা ১০৫ শতাংশকৈ বৃদ্ধি পাইছে৷ প্রতিটো মাহত গড়ে ১৮৭জনকৈ অপৰাধী গ্রেপ্তাৰ হৈছে৷

আৰক্ষী সঞ্চালকপ্রধানগৰা মঙলবাৰে উল্লেখ কৰে যে সামাজিক অৱক্ষয় ৰোধ কৰিবলৈ আৰক্ষীয়ে প্রথমে ড্রাগ্ছৰ ‘ছাপ্লাই চেইন’ত আঘাত কৰিব বিচাৰিছে যাতে এই অঞ্চলত চাহিদা হ্রাস পায় আৰু যোগানো ক্রমাৎ বন্ধ হৈ আহে৷ একে সময়তে নিষিদ্ধ সাম্রাজ্যৰ মূল স্মাগলাৰৰ সন্ধানতো আৰক্ষীয়ে অভিযান চলাই আছে৷ এনে স্মাগলাৰৰ উগ্রপন্থী সংগঠনৰ লগত যোগাযোগৰ স্পষ্ট প্রমাণ পোৱা গৈছে৷ এটা গোচৰ এন আই এক হস্তান্তৰৰ বাবে যাৱতীয় প্রস্তুতি সম্পূর্ণ হৈছে৷ আন এটা গোচৰ নার্ক’টিকছ কণ্ট্ৰ’ল ব্যুৰ’ক ইতিমধ্যে হস্তান্তৰ কৰা হৈছে৷ অৱশ্যে এই সন্দর্ভত বিশদ তথ্য সদৰী কৰাৰ পৰা অসম আৰক্ষীৰ মুৰব্বীগৰাকী বিৰত থাকে৷ তেওঁ আন এক ভয়াৱহ দিশ আঙুলিয়াই দি কয়– সম্প্রতি সস্তা দৰত বিক্রী হোৱা মেথ টেবলেটৰ চাহিদা ব্যাপক ৰূপত বৃদ্ধি পাইছে৷ য়াবা, ৱাই ৱাই আদি বিভিন্ন ৰূপত এই টেবলেট বিক্রী হয়৷ অতি বিষাক্ত ৰাসায়নিক দ্রব্যৰে এই টেবলেট প্রস্তুত কৰা হয়৷

আনকি টুথপেষ্টৰ লগত ৰাসায়নিক পদার্থ মিহলি কৰিও এনে টেবলেট প্রস্তুত কৰা হয় যিটো স্বাস্থ্যৰ বাবে অত্যন্ত ভয়াৱহ৷ এনে ড্রাগ্ছ সেৱনে এটা প্রজন্মক পংগু কৰি পেলাব পাৰে৷ অসম আৰক্ষীৰ সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তৰ আহ্বান– নিচাসক্তসকলক সমাজৰ শত্রু হিচাপে গণ্য নকৰি, তেওঁলোকক সঠিক পৰিচর্যাৰে সুস্থ কৰি তোলাৰ দায়িত্ব লওক৷ একে সময়তে এই বিষাক্ত বৰবিহৰ ব্যৱসায় কৰি অহাসকলৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্রহণ কৰি যাব বুলিও তেওঁ সদৰী কৰে৷

You might also like